বিজেপিয়েই হ’ব নেকি ভূপেন বৰাৰ নতুন ঠিকনা: গৃহমন্ত্ৰীৰ উপস্থিতিত যোগদানৰ সম্ভাৱনা

বিজেপিয়েই হ’ব নেকি ভূপেন বৰাৰ নতুন ঠিকনা; গৃহমন্ত্ৰীৰ উপস্থিতিত যোগদানৰ সম্ভাৱনা

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কৰিব পাৰে যোগদান। মল্লিকাজুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট প্ৰকাশ কৰিছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কৰিব পাৰে যোগদান।

মল্লিকাজুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট প্ৰকাশ কৰিছিল।

তাৰ মাজতে খবৰ আহিছে যে, বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছে ভূপেন বৰাই।  ২১ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

২০ ফেব্ৰুৱাৰীত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। আৰু সেই দিনা গৃহমন্ত্ৰী গৰাকীৰ সৈতে ভূপেন বৰাই আলোচনা কৰিব। তাৰ পিছতেই ২১ তাৰিখে যোগদান কৰিব পাৰে।

ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য কৰিছে যে, ‘ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে। বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ’ব’।জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰঙানদী বা বিহপুৰীয়াৰ পৰা ভূপেন বৰাক টিকট দিয়া সম্ভাৱনা আছে।   

লগতে পঢ়ক: ‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী   

শেহতীয়া প্ৰৱন্ধসমূহ