গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।
বিগত কেইবাদিনো ধৰি অসমৰ ৰাজনীতি উত্তাল কৰি ৰখা গৌৰৱ গগৈৰ ‘পাকিস্তান লিংকক লৈ সংবাদমেল সম্বোধন কৰে । সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।
মুখ্যমন্ত্ৰী উল্লেখ কৰে যে, সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক । পাকিস্তান হাই কমিচনলৈ ২০১৫ চনত গৌৰৱ গগৈয়ে লৈ গৈছিল একাংশ যুৱক-যুৱতীক । শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰ্যালয়লৈ যুৱক-যুৱতীসকলক কিয় নিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
মুখ্যমন্ত্ৰীয়ে কয়, “মই অসমত বিনিয়োগৰ প্ৰস্তাৱ লৈ ছিংগাপুৰত আছিলোঁ । সেই সময়তে অসমৰ সাংসদ গৌৰৱ গগৈয়ে একাংশ যুৱক-যুৱতীক পাকিস্তান দূতাবাসলৈ লৈ যোৱাৰ এখন ফটো ভাইৰেল হৈছিল । সেই সময়ত ভাৰতত পাকিস্তানৰ উচ্চায়ুক্ত আছিল আব্দুল বাছিদ । প্ৰথমে ছবিখন ফটোশ্বপ কৰা হৈছে বুলি ভাবিছিলো । কিন্তু পৰৱৰ্তী সময়ত এই ছবিখন সঁচা বুলি প্ৰমাণিত হয় ।“
হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এলিজাবেথ কলবাৰ্ণ গগৈয়ে ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈ পাকিস্তানত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ আলী তৌকীৰ শ্বেখৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁ কয় যে, পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী তৌকীৰ শ্বেখৰ LEAD পাকিস্তানত চাকৰি কৰিছিল এলিজাবেথে । ইয়াৰ পিছত ২০১২ চনত ভাৰতলৈ আহিছিল এলিজাবেথ ।
তেওঁ লগতে দাবী কৰে যে, ভাৰতত থকাৰ সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথ কলবাৰ্ণে । প্ৰায় ২ লাখ ৫০ হাজাৰ টকা দৰমহা লৈছিল এলিজাবেথে । ২০১৩ চনত গৌৰৱ গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় এলিজাবেথ । গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাবেথে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত দাবী কৰে যে, ভাৰতত কাম কৰি থাকোতে ৬বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । চাকৰি সলনি কৰাৰ পিছতো ৩ বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । মুঠ ৯ বাৰকৈ এলিজাবেথে পাক ভ্ৰমণ কৰিছে ।
তেওঁ আলী তৌকীৰ শ্বেখৰ পৰিৱেশবিদ হিচাপে থকা বৈধতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁ কেতিয়াও পৰিৱেশবিদ নাছিল; তেওঁ সিন্ধু জল চুক্তি আৰু ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ অন্যান্য বিষয়সমূহৰ ওপৰত পাকিস্তানৰ পক্ষ লৈ আছিল ।”
ইফালে ভাৰতৰ বহু গোপন তথ্য পাকিস্তানক এলিজাবেথে যোগান ধৰিছিল বুলি বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ভাৰতৰ বহু গোপন তথ্য পাকিস্তানত যোগান ধৰিছিল এলিজাবেথ গগৈয়ে । IBৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৪৫ পৃষ্ঠাৰ প্ৰতিবেদন এলিজাবেথে দিছিল আলী তৌকীৰ শ্বেখক । লগতে মোদী চৰকাৰ অহাৰ পিছত ভিজিবিলিটী কমাবলৈ পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ গগৈয়ে ।
আনহাতে এলিজাবেথ ভাৰতত থকাৰ সময়ত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে । আটাৰী সীমান্তৰে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল দাবী কৰে তেওঁ । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি ১০ দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ । এই ১০ দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল তেওঁ । কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে ।
এই ১০টা দিন গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, SITৰ আগত এই কথা ক’বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ পত্নী এলিজাবেথে । পাকিস্তানত ১০ দিন গৌৰৱ গগৈয়ে কি কৰিছিল এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ এই ১০ দিনত গৌৰৱ গগৈয় পাক সেনা নাইবা পাক চোৰাংচোৱা ISIৰ পৰা প্ৰশিক্ষণ লৈছিল ।
সংবাদমেলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন । ভাৰতৰ ইউৰেনিয়াম, ছাবমেৰিন, এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তান হাই কমিচনত চোৰাংচোৱাগিৰি হৈছে নেকি বুলিও সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱ প্ৰজন্মক পাকিস্তান হাই কমিচনলৈ লৈ যোৱা হৈছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।
আনহাতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে বিবাহৰ পিছতো ভাৰতীয় নাগৰিকত্ব লোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয় যে, ব্ৰিটিছ নাগৰিক এলিজাবেথ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা । লগতে গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যাও ব্ৰিটিছ নাগৰিক । কন্যা জন্মৰ পৰাই খ্ৰীষ্টান, পুত্ৰৰ ধৰ্ম সলনি কৰা হ’ল । প্ৰথমে পুত্ৰৰ ধৰ্ম হিন্দু আছিল, কিন্তু এতিয়া নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে পুত্ৰৰ ভাৰতীয় নাগৰিকত্ব গৌৰৱ গগৈয়ে নিজেই আঁতৰাইছিল বুলিও চাঞ্চল্যকৰ দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।
ইফালে শনিবাৰে কেবিনেট বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ তদন্ত কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল ।
লগতে পঢ়ক : গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ তদন্ত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা









