গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ 'পাকিস্তান লিংক'ৰ তদন্ত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ তদন্ত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ইয়াৰ পূৰ্বে ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰী শৰ্মাই SIT-ৰ এটা ৰিপৰ্টৰ উদ্ধৃতি দি দাবী কৰিছিল যে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ পোনপটীয়া সম্পৰ্ক আছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখ আৰু ‘ব্ৰিটিছ নাগৰিক’ এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে চলি থকা

ইয়াৰ পূৰ্বে ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰী শৰ্মাই SIT-ৰ এটা ৰিপৰ্টৰ উদ্ধৃতি দি দাবী কৰিছিল যে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ পোনপটীয়া সম্পৰ্ক আছে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখ আৰু ‘ব্ৰিটিছ নাগৰিক’ এলিজাবেথ ক’লবাৰ্ণ গগৈৰ বিৰুদ্ধে চলি থকা দেশবিৰোধী ষড়যন্ত্ৰৰ তদন্তৰ দায়িত্ব এতিয়াৰ পৰা কেন্দ্ৰীয় সংস্থাক অৰ্পণ কৰা হ’ব । বিশেষ তদন্তকাৰী দল (SIT)-এ বৰ্তমান এই গোচৰটো তদন্ত কৰি আছিল ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে SIT-ৰ তদন্ত এনে এক পৰ্যায়ত উপনীত হৈছে য’ত কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে আগবঢ়াটো সম্ভৱ নহয় ।

“আলী তৌকিৰ শ্বেখ আৰু ব্ৰিটিছ নাগৰিক এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সৈতে জড়িত এক কথিত ভাৰতবিৰোধী ষড়যন্ত্ৰৰ তদন্তৰ বাবে অসম চৰকাৰে SIT গঠন কৰিছিল । গোচৰটোৰ তদন্তৰ জৰিয়তে বিভিন্ন উৎসৰ পৰা অতি স্পৰ্শকাতৰ তথ্য লাভ কৰা হৈছে । কিন্তু SIT-এ জনাইছে যে এটা সীমাৰ পিছত এই তদন্ত অব্যাহত ৰখা সম্ভৱ নহয়, কাৰণ ইয়াৰ বাবে ইণ্টাৰপ’লৰ সহায়ৰ লগতে ভাৰত চৰকাৰ আৰু সংসদৰ পৰা কিছুমান গোপন তথ্যৰ প্ৰয়োজন । গতিকে এই গোচৰটো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্বাচন কৰা যিকোনো এক কেন্দ্ৰীয় সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে,” বুলি মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে ২৮ জানুৱাৰীত মুখ্যমন্ত্ৰী শৰ্মাই SIT-ৰ এটা ৰিপৰ্টৰ উদ্ধৃতি দি দাবী কৰিছিল যে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ “পোনপটীয়া সম্পৰ্ক” আছে । তেওঁ কয় যে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোত এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈৰ নামো সাঙোৰ খাই পৰিছে । সাংবাদিকৰ আগত তেওঁ কয়, “SIT-এ প্ৰমাণ দিছে যে তিনিজন ব্যক্তিৰ পাকিস্তানৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে—আলী তৌকিৰ শ্বেখ, এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ । এই তথ্যবোৰ দেখি আমাৰ কেবিনেট মন্ত্ৰীসকল স্তম্ভিত হৈ পৰিছে ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক এগৰাকী “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰি কয় যে তেওঁক কোনো বিদেশী শক্তিয়ে ভাৰতত ৰোপণ কৰিছে । তেওঁ লগতে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই কয়, “যদি সাহস আছে মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰক । মোৰ হাতত তথ্য আছে যে তেওঁ এশ শতাংশই এগৰাকী পাকিস্তানী এজেণ্ট । মই এজন মুখ্যমন্ত্ৰী হিচাপে তথ্যৰ ভিত্তিত এই কথা কৈছো ।”

উল্লেখযোগ্য যে ২০২৫ চনৰ মে’ মাহতো মুখ্যমন্ত্ৰীয়ে গগৈক এজন “পাকিস্তানী এজেণ্ট” বুলি আখ্যা দিছিল । ড০ শৰ্মাই দাবী কৰে যে গগৈয়ে তেওঁৰ পাকিস্তান ভ্ৰমণৰ মাত্ৰ ১০ শতাংশ কথাহে সদৰী কৰিছে আৰু তেওঁৰ পত্নীৰ সৈতে তেওঁ দেশবিৰোধী কাৰ্যকলাপত লিপ্ত । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আলী তৌকীৰ শ্বেখে কমেও ১৮ বাৰ ভাৰত ভ্ৰমণ কৰিছিল ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ ৰহস্য আজি হ’ব ফাদিল ! SIT-ৰ গোপন ফাইল লৈ সাজু মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ