গৌৰৱ গগৈৰ 'পাকিস্তান লিংক'ৰ ৰহস্য আজি হ’ব ফাদিল ! SIT-ৰ গোপন ফাইল লৈ সাজু মুখ্যমন্ত্ৰী

গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ ৰহস্য আজি হ’ব ফাদিল ! SIT-ৰ গোপন ফাইল লৈ সাজু মুখ্যমন্ত্ৰী

সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ । অসমৰ ৰাজনৈতিক আকাশত এতিয়া ধুমুহাৰ সংকেত। সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ । বিশেষ তদন্তকাৰী দলৰ (SIT) বন্ধ

সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ ।

অসমৰ ৰাজনৈতিক আকাশত এতিয়া ধুমুহাৰ সংকেত। সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ । বিশেষ তদন্তকাৰী দলৰ (SIT) বন্ধ ফাইলৰ তথ্য লৈ আজি পুৱা ১০:৩০ বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

কি আছে SIT-ৰ গোপন প্ৰতিবেদনত ?

দীৰ্ঘদিন ধৰি চৰ্চিত হৈ থকা গৌৰৱ গগৈৰ তথাকথিত ‘পাকিস্তান সম্পৰ্ক’ৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এক বিশেষ তদন্তকাৰী দল (SIT) । জানিব পৰা মতে এই প্ৰতিবেদনত কেইবাটাও বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে ।

ইফালে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানত আজিও সক্ৰিয় বেংক একাউণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী ভাৰতীয় সাংসদৰ পত্নীৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে এনে আৰ্থিক লেনদেনৰ উদ্দেশ্য কি, তাক লৈ প্ৰশ্ন তুলিছে বিজেপি চৰকাৰে ।

আনহাতে অভিযোগ উত্থাপন হৈছে যে গৌৰৱ গগৈৰ পত্নী আৰু দুই সন্তান ভাৰতীয় নাগৰিক নহয় । এজন লোকসভা সাংসদৰ পৰিয়ালৰ তিনিজনকৈ সদস্য বিদেশী নাগৰিক হৈ থকাটোৱে দেশৰ সুৰক্ষাত প্ৰভাৱ পেলাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও ইংগিত দিছিল ।

উল্লেখ্য যে, সংবাদমেলৰ পূৰ্বে শনিবাৰে নিশা কেবিনেট বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক কেবিনেটে এই SIT প্ৰতিবেদনৰ তথ্যসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ  প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে NIA বা CBI-ৰ দৰে কেন্দ্ৰীয় সংস্থাই ইয়াৰ গভীৰ তদন্ত কৰিব পাৰে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

শেহতীয়া প্ৰৱন্ধসমূহ