গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।  

বিগত কেইবাদিনো ধৰি অসমৰ ৰাজনীতি উত্তাল কৰি ৰখা গৌৰৱ গগৈৰ ‘পাকিস্তান লিংকক লৈ সংবাদমেল সম্বোধন কৰে । সংবাদমেলত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ গগৈক লৈ বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য ।  

মুখ্যমন্ত্ৰী উল্লেখ কৰে যে, সামাজিক মাধ্যমত প্ৰকাশ হোৱা এখন ফটোৰ পৰা পোহৰলৈ আহিছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক । পাকিস্তান হাই কমিচনলৈ ২০১৫ চনত গৌৰৱ গগৈয়ে লৈ গৈছিল একাংশ যুৱক-যুৱতীক । শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰ্যালয়লৈ যুৱক-যুৱতীসকলক কিয় নিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰীয়ে কয়, “মই অসমত বিনিয়োগৰ প্ৰস্তাৱ লৈ ছিংগাপুৰত আছিলোঁ । সেই সময়তে অসমৰ সাংসদ গৌৰৱ গগৈয়ে একাংশ যুৱক-যুৱতীক পাকিস্তান দূতাবাসলৈ লৈ যোৱাৰ এখন ফটো ভাইৰেল হৈছিল । সেই সময়ত ভাৰতত পাকিস্তানৰ উচ্চায়ুক্ত আছিল আব্দুল বাছিদ । প্ৰথমে ছবিখন ফটোশ্বপ কৰা হৈছে বুলি ভাবিছিলো । কিন্তু পৰৱৰ্তী সময়ত এই ছবিখন সঁচা বুলি প্ৰমাণিত হয় ।“

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে এলিজাবেথ কলবাৰ্ণ গগৈয়ে ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈ পাকিস্তানত কাম কৰিছিল আৰু তেওঁৰ পৰিয়ালৰ আলী তৌকীৰ শ্বেখৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল । তেওঁ কয় যে, পাকিস্তানৰ নাগৰিক তথা প্ৰভাৱশালী আলী তৌকীৰ শ্বেখৰ LEAD পাকিস্তানত চাকৰি কৰিছিল এলিজাবেথে । ইয়াৰ পিছত ২০১২ চনত ভাৰতলৈ আহিছিল এলিজাবেথ ।

তেওঁ লগতে দাবী কৰে যে, ভাৰতত থকাৰ সময়ত পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথ কলবাৰ্ণে । প্ৰায় ২ লাখ ৫০  হাজাৰ টকা দৰমহা লৈছিল এলিজাবেথে । ২০১৩ চনত গৌৰৱ গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় এলিজাবেথ । গৌৰৱ গগৈৰ পত্নী হোৱাৰ পিছতো কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছিল এলিজাবেথে । মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত দাবী কৰে যে, ভাৰতত কাম কৰি থাকোতে ৬বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । চাকৰি সলনি কৰাৰ পিছতো ৩ বাৰকৈ ইছলামাবাদলৈ গৈছিল এলিজাবেথ । মুঠ ৯ বাৰকৈ এলিজাবেথে পাক ভ্ৰমণ কৰিছে ।  

তেওঁ আলী তৌকীৰ শ্বেখৰ পৰিৱেশবিদ হিচাপে থকা বৈধতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “তেওঁ কেতিয়াও পৰিৱেশবিদ নাছিল; তেওঁ সিন্ধু জল চুক্তি আৰু ভাৰত-পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ অন্যান্য বিষয়সমূহৰ ওপৰত পাকিস্তানৰ পক্ষ লৈ আছিল ।”

ইফালে ভাৰতৰ বহু গোপন তথ্য পাকিস্তানক এলিজাবেথে যোগান ধৰিছিল বুলি বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, ভাৰতৰ বহু গোপন তথ্য পাকিস্তানত যোগান ধৰিছিল এলিজাবেথ গগৈয়ে । IBৰ তথ্যৰ ওপৰত ভিত্তি কৰি ৪৫ পৃষ্ঠাৰ প্ৰতিবেদন এলিজাবেথে দিছিল আলী তৌকীৰ শ্বেখক । লগতে মোদী চৰকাৰ অহাৰ পিছত ভিজিবিলিটী কমাবলৈ পাকিস্তানক পৰামৰ্শ দিছিল এলিজাবেথ গগৈয়ে ।

আনহাতে এলিজাবেথ ভাৰতত থকাৰ সময়ত গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে । আটাৰী সীমান্তৰে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল দাবী কৰে তেওঁ । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি ১০ দিনৰ বাবে পাকিস্তানত আছিল গৌৰৱ গগৈ । এই ১০ দিন পাকিস্তানৰ ইছলামাবাদ আৰু কৰাচীলৈ গৈছিল তেওঁ । কিন্তু অনুমতি লোৱা হৈছিল লাহোৰ ভ্ৰমণৰ বাবে ।

এই ১০টা দিন গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল বুলি প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ কয় যে, SITৰ আগত এই কথা ক’বলৈ অস্বীকাৰ কৰিছিল গৌৰৱ পত্নী এলিজাবেথে । পাকিস্তানত ১০ দিন গৌৰৱ গগৈয়ে কি কৰিছিল এই কথা ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী ড০ শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ এই ১০ দিনত গৌৰৱ গগৈয় পাক সেনা নাইবা পাক চোৰাংচোৱা ISIৰ পৰা প্ৰশিক্ষণ লৈছিল ।

সংবাদমেলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি পাকিস্তানৰ পৰা উভতি আহি সদনত গৌৰৱ গগৈয়ে সুধিছিল কেতবোৰ চাঞ্চল্যকৰ প্ৰশ্ন । ভাৰতৰ ইউৰেনিয়াম, ছাবমেৰিন, এয়াৰ ডিফেন্স আদিৰ ওপৰত সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তান হাই কমিচনত চোৰাংচোৱাগিৰি হৈছে নেকি বুলিও সদনত প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে । পাকিস্তানৰ পৰা আহিয়েই ভাৰতৰ যুৱ প্ৰজন্মক পাকিস্তান হাই কমিচনলৈ লৈ যোৱা হৈছিল বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথে বিবাহৰ পিছতো ভাৰতীয় নাগৰিকত্ব লোৱা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয় যে, ব্ৰিটিছ নাগৰিক এলিজাবেথ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা । লগতে গৌৰৱ গগৈৰ পুত্ৰ আৰু কন্যাও ব্ৰিটিছ নাগৰিক । কন্যা জন্মৰ পৰাই খ্ৰীষ্টান, পুত্ৰৰ ধৰ্ম সলনি কৰা হ’ল । প্ৰথমে পুত্ৰৰ ধৰ্ম হিন্দু আছিল, কিন্তু এতিয়া নাই বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে । ইফালে পুত্ৰৰ ভাৰতীয় নাগৰিকত্ব গৌৰৱ গগৈয়ে নিজেই আঁতৰাইছিল বুলিও চাঞ্চল্যকৰ দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ।

ইফালে শনিবাৰে কেবিনেট বৈঠকৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এছ আই টিৰ তদন্ত কেন্দ্ৰীয় সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়ক : গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ হ’ব গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ তদন্ত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ৰ ৰহস্য আজি হ’ব ফাদিল ! SIT-ৰ গোপন ফাইল লৈ সাজু মুখ্যমন্ত্ৰী

সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ ।

অসমৰ ৰাজনৈতিক আকাশত এতিয়া ধুমুহাৰ সংকেত। সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগৰ আজি হ’ব পাৰে চূড়ান্ত বিস্ফোৰণ । বিশেষ তদন্তকাৰী দলৰ (SIT) বন্ধ ফাইলৰ তথ্য লৈ আজি পুৱা ১০:৩০ বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

কি আছে SIT-ৰ গোপন প্ৰতিবেদনত ?

দীৰ্ঘদিন ধৰি চৰ্চিত হৈ থকা গৌৰৱ গগৈৰ তথাকথিত ‘পাকিস্তান সম্পৰ্ক’ৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এক বিশেষ তদন্তকাৰী দল (SIT) । জানিব পৰা মতে এই প্ৰতিবেদনত কেইবাটাও বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে ।

ইফালে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানত আজিও সক্ৰিয় বেংক একাউণ্ট থকাৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী ভাৰতীয় সাংসদৰ পত্নীৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে এনে আৰ্থিক লেনদেনৰ উদ্দেশ্য কি, তাক লৈ প্ৰশ্ন তুলিছে বিজেপি চৰকাৰে ।

আনহাতে অভিযোগ উত্থাপন হৈছে যে গৌৰৱ গগৈৰ পত্নী আৰু দুই সন্তান ভাৰতীয় নাগৰিক নহয় । এজন লোকসভা সাংসদৰ পৰিয়ালৰ তিনিজনকৈ সদস্য বিদেশী নাগৰিক হৈ থকাটোৱে দেশৰ সুৰক্ষাত প্ৰভাৱ পেলাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বেও ইংগিত দিছিল ।

উল্লেখ্য যে, সংবাদমেলৰ পূৰ্বে শনিবাৰে নিশা কেবিনেট বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক কেবিনেটে এই SIT প্ৰতিবেদনৰ তথ্যসমূহ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ  প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে NIA বা CBI-ৰ দৰে কেন্দ্ৰীয় সংস্থাই ইয়াৰ গভীৰ তদন্ত কৰিব পাৰে ।

লগতে পঢ়ক : গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

‘পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ গ’ বেক’; বটদ্ৰৱাত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত অথন্তৰ

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ দল আজি বটদ্ৰৱাত উপস্থিত হয়। কিন্তু কংগ্ৰেছৰ এই যাত্ৰাৰ সময়তে লাগিল অথন্তৰ। গৌৰৱ গগৈৰ সন্মুখতেই দিলে গ’ বেক’ ধ্বনি।

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা আজি বটদ্ৰৱাত উপস্থিত হয়। বটদ্ৰৱাত ‘পৰিৱৰ্তন’ৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত পৰে কংগ্ৰেছ।বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ দল বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে।কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজপথতে বটদ্ৰৱাবাসীয়ে গৌৰৱ গগৈ, ভূপেন বৰাক ফেপেৰি পাতি ধৰে। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দি সাংসদ গৰাকীৰ সন্মুখতে বটদ্ৰৱাবাসীয়ে  দিলে গ’ বেক ধ্বনি।

দৰাচলতে  নগাঁৱৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। সেই সয়মতেই অনাহূত পৰিস্থিতিৰ সন্মুখীন গৌৰৱ গগৈ সহ কংগ্ৰেছ কৰ্মী সকল। প্ৰতিবাদকাৰী আৰু কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ মাজত হতাহতি ও হয়।

লগতে পঢ়ক: পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা

গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । মুখ্যমন্ত্ৰীয়ে জনায় যে এয়া কেৱল আৰম্ভণিহে ।

অসমৰ ৰাজনীতিত পুনৰ এক তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্ণৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । মুখ্যমন্ত্ৰীৰ দাবী অনুসৰি, এলিজাবেথ কলবাৰ্ণৰ পাকিস্তানত এতিয়াও এটা সক্ৰিয় বেংক একাউণ্ট আছে ।

আজি আজাৰা বিমানবন্দৰ মণ্ডলৰ ৩২ নম্বৰ বুথত আয়োজিত বিজেপিৰ ‘বুথ বিজয় সভা’ত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই বিষয়টোক অত্যন্ত “বিপজ্জনক” বুলি অভিহিত কৰে । এজন ব্যক্তিৰ পাকিস্তানৰ সৈতে এনে ধৰণৰ আৰ্থিক লেনদেন থকাৰ আঁৰত কি ৰহস্য থাকিব পাৰে, তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

মুখ্যমন্ত্ৰীৰ মূল অভিযোগসমূহ:

৮ ফেব্ৰুৱাৰীত অধিক তথ্য প্ৰকাশ : অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়া এক বিবৃতিত অহা ৮ ফেব্ৰুৱাৰীত এক বিশেষ তথ্য প্ৰকাশ কৰাৰ কথা সদৰী কৰিছে । তেওঁৰ মতে, গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে থকা ‘পাকিস্তান সংযোগ’ৰ তথ্যই বিশেষ চৰ্চা লাভ কৰিব । ইয়াক এক “ডাঙৰ বিস্ফোৰণ” আখ্যা দি তেওঁ প্ৰমাণসহ সকলো তথ্য ৰাজহুৱা কৰিব বুলি জানিবলৈ দিছে ।

আইনী ব্যৱস্থা গ্ৰহণ : যোৱা ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে “অসত্য আৰু মানহানিকাৰক” মন্তব্য কৰাৰ বাবে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, জীতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলৰ বিৰুদ্ধে ৯ ফেব্ৰুৱাৰীত আইনী গোচৰ তৰিব বুলিও তেওঁ ঘোষণা কৰে ।

কংগ্ৰেছক প্ৰত্যাহ্বান : কংগ্ৰেছৰ শেহতীয়া আক্ৰমণৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনায় যে তেওঁৰ বিৰুদ্ধে থকা যিকোনো অনিয়মৰ প্ৰমাণ দিয়ক । তেওঁ প্ৰশ্ন কৰে, “অৰুণোদয় আঁচনি দিয়া, উদ্যোগীক প্ৰসাৰিত কৰা বা ১.৫ লাখ চাকৰি দিয়াটো জানো অন্যায় ?”

কংগ্ৰেছৰ অভিযানক সমালোচনা

কংগ্ৰেছৰ নতুন অভিযান “সময় পৰিৱৰ্তনৰ”কো তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই । তেওঁ কয় যে বৰ্তমান অসমত উন্নয়নৰ যি ধাৰা চলিছে, তাত নতুনকৈ পৰিৱৰ্তন কৰিবলগীয়া একো নাই । কংগ্ৰেছে কেৱল ৰাজ্যখনক পিছলৈহে লৈ যাব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে ।

একেদৰে, কংগ্ৰেছে মুকলি কৰা ৱেবচাইটটো ৩০ মিনিটৰ ভিতৰতে বিকল হোৱা ঘটনাটোক লৈয়ো তেওঁ সমালচোনা কৰে । তেওঁৰ মতে, ৰাজীৱ ভৱন এতিয়া “অসম বিৰোধী” চিন্তাধাৰাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

লগতে পঢ়ক : চিকেন নেক’ত ভূগৰ্ভস্থ ৰে’ল লাইন : উত্তৰ-পূবলৈ সুৰক্ষিত কৰিড’ৰৰ আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পাকিস্তানৰ সৈতে কি সম্পৰ্ক গৌৰৱ গগৈৰ?  ৮ ফেব্ৰুৱাৰীত ফাদিল হ’ব ৰহস্যৰ !

গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ অভিযোগৰ বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন শীঘ্ৰেই ৰাজহুৱা কৰা হ’ব । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ঘোষণা কৰে যে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন গগৈ আৰু পাকিস্তানৰ মাজত থকা সম্পৰ্কৰ অভিযোগৰ বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদন অহা ৮ ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ’ব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এছ আই টিয়ে পাকিস্তানৰ সৈতে তিনিজন ব্যক্তিৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ পাইছে : আলী টৌকীৰ শ্বেখ, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ন । মুখ্যমন্ত্ৰীয়ে কয়, “৭ ফেব্ৰুৱাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব, আৰু এই বিষয়ত কেবিনেট মেমোৰেণ্ডাম গৃহীত কৰা হ’ব । ৮ ফেব্ৰুৱাৰীত আমি সংবাদমেলৰ জৰিয়তে এলিজাবেথ কলবাৰ্ন আৰু গৌৰৱ গগৈৰ বিষয়ে স্পৰ্শকাতৰ তথ্য জনসাধাৰণৰ আগত উত্থাপন কৰিম । এছ আই টিৰ হাতত তিনিওজন ব্যক্তি আৰু পাকিস্তানৰ মাজত সম্পৰ্ক থকাৰ প্ৰমাণ আছে ।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে একাংশ লোকে গগৈক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব । অৱশ্যে সাধাৰণ মানুহৰ বাবে এয়া এক চাঞ্চল্যকৰ আৰু স্পৰ্শকাতৰ প্ৰতিবেদন ।

উল্লেখ্য যে, বিগত কেইসপ্তাহমানৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি আহিছে । এই বিষয়ক লৈ অসমত শাসকীয় বিজেপি আৰু কংগ্ৰেছৰ মাজত তিক্ত ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে ।

বিজেপিয়ে কৈছে যে ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু জনসাধাৰণৰ জবাবদিহিতাৰ স্বাৰ্থত তদন্ত প্ৰয়োজনীয় । কংগ্ৰেছ নেতাগৰাকীৰ কিছুমান বক্তব্য আৰু কাৰ্য ৰাজহুৱা তদন্তৰ প্ৰয়োজনীয়তা থকা গুৰুতৰ প্ৰশ্ন উত্থাপন কৰা বুলি অভিযোগ কৰি ড০ শৰ্মাই কয় যে ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত লুকুৱাবলগীয়া একো নাই ।

লগতে পঢ়ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ-পূবক অপমান কৰাৰ অভিযোগ বিজেপিৰ

‘গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে’; মুখ্যমন্ত্ৰীৰ তীক্ষ্ণ সমালোচনা

গৌৰৱ গগৈৰ পাকিস্তান প্ৰেম স্পষ্ট হৈ পৰিছে

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  বিস্ফোৰক মন্তব্য কৰিছে।এখন সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,সংসদৰ পিছত অসমলৈ আহি অমিত শ্বাহে গৌৰৱ গগৈ পাকিস্তান যোৱা বুলি মন্তব্য কৰে।

যদি পাকিস্তানৰে সাংসদ গৰাকীৰ কোনো সম্পৰ্ক নাই, তেন্তে কিয় বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ অনা নাছিল ? সাংসদ গৰাকীৰ পাকিস্তান ভ্ৰমণৰ কথা সংসদত গৃহমন্ত্ৰীয়ে কৰিছিল উত্থাপন।

যদি সংসদত কোনোবাই ভুল তথ্য দিয়ে তেন্তে তেওঁৰ বিৰুদ্ধে অভিযোগ দিব পাৰে।কিন্তু সংসদত কোনেও বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ নানিলে।

আনকি অসমলৈ আহি গৃহমন্ত্ৰী ডাঙৰীয়াই পুনৰবাৰ সেই কথাই ক’লে। কিন্তু তাৰ পিছতো তেওঁ মৌন হৈ আছে। গতিকে ইয়াৰ পৰা সকলোৱে উমান কৰিব পাৰে বিষয়টো কিমান গাম্ভীৰ্যপূৰ্ণ।

তেওঁলোকে ইমান দিনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণৰ কথা কৈ আছিল। কিন্তু সংসদৰ বাহিৰে-ভিতৰে গৃহমন্ত্ৰীয়ে কোৱা বিষয়টোত নিশ্চয় জটিলতা আছে আৰু অসমৰ ৰাইজে  এতিয়া এই বিষয়ে বুজি পাইছে।

লগতে পঢ়ক: ‘ ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ’; মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা

যিকোনো মূহুৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

যিকোনো মূহুৰ্ততে ভাৰত এৰিব পাৰে গৌৰৱ গগৈয়ে

সংসদত অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিতৰ্কৰ পিছত অসমৰ ৰাজনীতিত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে । কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নাম প্ৰকাশ নকৰাকৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ কয় যে যোৰহাটৰ সাংসদে সংসদত দিয়া ভাষণেই যে তেওঁ পাকিস্তানৰ হৈ কথা কয় সেয়া প্ৰমাণ কৰিবলৈ যথেষ্ট । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী শক্তি প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে পোষ্ট কৰি কয় যে কালি যোৰহাটৰ সাংসদগৰাকীয়ে সংসদত দিয়া ভাষণে তেওঁ যে পাকিস্তানৰ হৈ কাম কৰি আছে সেয়া কোনো সন্দেহ অবিহনেই প্ৰমাণ কৰিলে । তেওঁৰ গোপন ভ্ৰমণ আৰু পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই বহু কথাই কয় । পত্নী আৰু দুয়ো সন্তানৰ বিদেশী নাগৰিকত্ব থকাৰ বাবে তেওঁ যিকোনো সময়তে ভাৰত এৰি যাব পাৰে । তেওঁ অসমৰ বাবে বদনাম আৰু এজন গৌৰৱান্বিত ভাৰতীয় হিচাপে আমাৰ গৌৰৱৰ প্ৰতাৰক ।

সংসদত চৰকাৰক আক্ৰমণ গৌৰৱ গগৈৰ-

লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰক প্ৰশ্ন কৰে যে পহলগামৰ দৰে উচ্চ নিৰাপত্তাসম্পন্ন এলেকাত সন্ত্ৰাসবাদী কেনেকৈ প্ৰৱেশ কৰিলে । তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বহু কথা কৈছিল, কিন্তু আক্ৰমণৰ ১০০ দিনৰ পাছতো কিয় ধৰা নপৰিল সেই পাঁচ সন্ত্ৰাসবাদী । প্ৰতিৰক্ষা প্ৰস্তুতি আৰু চোৰাংচোৱা বিফলতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে গগৈয়ে ।

কিমান যুদ্ধ বিমান ধ্বংস হৈছে কোৱা উচিত- গগৈ

ৰাফেলৰ দৰে বিমান হেৰুৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে তেওঁ ৰাজনাথ সিং জীৰ পৰা জানিব বিচাৰে যে আমাৰ কিমানখন যুদ্ধ বিমান ধ্বংস হৈছে । এই কথা কেৱল জনসাধাৰণৰ বাবেই নহয়, জোৱানসকলৰ বাবেও জনাটো গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোককো মিছা কথা কোৱা হৈছে । তেওঁ চৰকাৰক তথ্য লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন কৰে ।

যুদ্ধবিৰতিক লৈ প্ৰশ্ন উত্থাপন-

কংগ্ৰেছৰ সাংসদগৰাকীয়ে চৰকাৰক সুধিছিল যে যেতিয়া সমগ্ৰ দেশে অপাৰেচন সিন্দুৰক সমৰ্থন কৰি আছে, তেন্তে ১০ মে’ত হঠাতে যুদ্ধবিৰতি কিয় ঘোষণা কৰা হ’ল । তেওঁ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজেই ২৬ বাৰ কৈছে যে যুদ্ধ বন্ধ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে । গগৈৰ প্ৰশ্ন আছিল বাহ্যিক হেঁচাত ভাৰতে আত্মসমৰ্পণ কৰিলে নেকি ?

গগৈয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল যে পহলগাম আক্ৰমণৰ দায়িত্ব কোনে ল’ব । তেওঁ কয় যে যদি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ দায়ী হয়, তেন্তে তেওঁৰ পিছফালে কেন্দ্ৰীয় চৰকাৰে আশ্ৰয় ল’ব নোৱাৰে । গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে দায়িত্ব ল’ব লাগে ।

লগতে পঢ়ক : অপাৰেচন সিন্দুৰক লৈ লোকসভাত সেনাৰ বীৰত্বৰ প্ৰশংসা ৰাজনাথ সিঙৰ…

“মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSS”; গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

ধুবুৰীৰ হনুমান মন্দিৰৰ সন্মুখত গো মাংস পেলাই তৈ যোৱা ঘটনাক লৈ এইবাৰ মুখখুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSSৰ হাত আছে”।

“মন্দিৰৰ বাহিৰত মাংস পেলায়, পিছত পুলিছে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে।কিন্তু যিসক ধৰা পৰে সেই সকল বিজেপি আৰু RSS ৰ মানুহ। আৰু এয়া হৈছে তেওলোকৰ ৰাজনীতি”।

তেওঁ লগতে কয় যে “ক্ষমতাৰ কাৰণে বিজেপিয়ে নিজৰ মন্দিৰৰ আগতে প্ৰদূষিত বাতাবৰণৰ লগতে  ক্ষমতাৰ কাৰণে সংঘাট, বিবাদৰ সৃষ্টি কৰিছে।তেওলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। তাত কোনো সন্দেহ নাই”।

“বিজেপিয়ে যদি সঁচাকৈয়ে অসমখন ভাল পায়, তেনেহলে সংবিধানৰ মতে কাম কৰক। তাৰ লগতে বাহিৰৰ পৰা সোমোৱা বজৰং দলৰ মানুহৰ ওপৰত চকু দিবলৈ কয় সাংসদগৰাকীয়ে।

লগতে পঢ়ক: টেষ্ট দলত পৰিৱৰ্তন অষ্ট্ৰেলিয়াৰ; আনকেপড অল-ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত

‘পত্নীৰ সৈতে এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা’; গৌৰৱ গগৈৰ অকপট স্বীকাৰোক্তি

গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো সঁচা

অৱশেষত পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। বুধবাৰে দিল্লীত এখন সংবাদমেল যোগে পাকিস্তানলৈ যোৱাৰ কথা উল্লেখ কৰি সাংসদ গৰাকীয়ে কয় যে ‘মই এবাৰ পাকিস্তানলৈ যোৱাটো সঁচা।

‘মোৰ পত্নী ২০১১ চনত এবছৰৰ বাবে পাকিস্তানত আছিল। তেওঁ এটা NGO ত কাম কৰিছিল। ২০১৩ চনত মই সাংসদ নোহোৱা অৱস্থাত পত্নীৰ সৈতে পাকিস্তান গৈছিলো’।

‘তেওঁ ২০১৫ চনলৈকে ভাৰতত থাকি সেই NGO টোত কাম কৰিছিল’। তেওঁ গৌৰৱ গগৈয়ে লগতে কয় যে, ‘ মই ভাৰত চৰকাৰৰ সকলো নীতি নিয়ম মানিয়েই এই ভ্ৰমণ কৰিছিলো’।

২ সন্তানৰ নাগৰিকত্বৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে, ‘  মোৰ পত্নী আৰু দুয়োটা সন্তানেই ভাৰতৰ নাগৰিকত্ব নোলোৱাটো সঁচা’।

‘মোৰ দ্বিতীয় সন্তানটো ইলেণ্ডত জন্ম। ইফালে ডাঙৰ সন্তানটোৰো ক’ভিডৰ সময়ত ইংলেণ্ডত থকাৰ সময়ত বহু অসুবিধা হৈছিল। যাৰ বাবে ভাৰতীয় নাগৰিকত্ব সনলি কৰি ইংলেণ্ডৰ নাগৰিকত্ব লোৱা হৈছিল’।

আনহাতে পত্নীৰ নাগৰিকত্বৰ বিষয়টো তেওঁৰ ব্যক্তিগত ইচ্ছা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।  

লগতে পঢ়ক:দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই… অভিযানৰ সময়ত দিছিল সৰ্বোচ্চ বলিদান