কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ দল আজি বটদ্ৰৱাত উপস্থিত হয়। কিন্তু কংগ্ৰেছৰ এই যাত্ৰাৰ সময়তে লাগিল অথন্তৰ। গৌৰৱ গগৈৰ সন্মুখতেই দিলে গ’ বেক’ ধ্বনি।
কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা আজি বটদ্ৰৱাত উপস্থিত হয়। বটদ্ৰৱাত ‘পৰিৱৰ্তন’ৰ বাৰ্তা বিলাবলৈ গৈ বিপাঙত পৰে কংগ্ৰেছ।বটদ্ৰৱাত ৰাইজৰ ৰোষত পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ দল বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে।কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়তে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজপথতে বটদ্ৰৱাবাসীয়ে গৌৰৱ গগৈ, ভূপেন বৰাক ফেপেৰি পাতি ধৰে। গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট আখ্যা দি সাংসদ গৰাকীৰ সন্মুখতে বটদ্ৰৱাবাসীয়ে দিলে গ’ বেক ধ্বনি।
দৰাচলতে নগাঁৱৰ পৰা বটদ্ৰৱালৈ কংগ্ৰেছ দলে ‘সময় পৰিৱৰ্তনৰ’ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। সেই সয়মতেই অনাহূত পৰিস্থিতিৰ সন্মুখীন গৌৰৱ গগৈ সহ কংগ্ৰেছ কৰ্মী সকল। প্ৰতিবাদকাৰী আৰু কংগ্ৰেছৰ কৰ্মী-সমৰ্থকৰ মাজত হতাহতি ও হয়।
লগতে পঢ়ক: পঞ্জাৱৰ জলন্ধৰত ভয়ংকৰ ঘটনা; গুৰুদ্বাৰা চাহাবৰ বাহিৰতেই আপ নেতা লাকী ওবেৰয়ক গুলীয়াই হত্যা









