গৌৰৱ গগৈ

“মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSS”; গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য ধুবুৰীৰ হনুমান মন্দিৰৰ সন্মুখত গো মাংস পেলাই তৈ যোৱা ঘটনাক লৈ এইবাৰ মুখখুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSSৰ হাত আছে”। “মন্দিৰৰ বাহিৰত মাংস পেলায়, পিছত পুলিছে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে।কিন্তু যিসক ধৰা

গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

ধুবুৰীৰ হনুমান মন্দিৰৰ সন্মুখত গো মাংস পেলাই তৈ যোৱা ঘটনাক লৈ এইবাৰ মুখখুলিছে সাংসদ গৌৰৱ গগৈয়ে। সাংসদ গৌৰৱ গগৈয়ে কৈছে যে, “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSSৰ হাত আছে”।

“মন্দিৰৰ বাহিৰত মাংস পেলায়, পিছত পুলিছে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰে।কিন্তু যিসক ধৰা পৰে সেই সকল বিজেপি আৰু RSS ৰ মানুহ। আৰু এয়া হৈছে তেওলোকৰ ৰাজনীতি”।

তেওঁ লগতে কয় যে “ক্ষমতাৰ কাৰণে বিজেপিয়ে নিজৰ মন্দিৰৰ আগতে প্ৰদূষিত বাতাবৰণৰ লগতে  ক্ষমতাৰ কাৰণে সংঘাট, বিবাদৰ সৃষ্টি কৰিছে।তেওলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে। তাত কোনো সন্দেহ নাই”।

“বিজেপিয়ে যদি সঁচাকৈয়ে অসমখন ভাল পায়, তেনেহলে সংবিধানৰ মতে কাম কৰক। তাৰ লগতে বাহিৰৰ পৰা সোমোৱা বজৰং দলৰ মানুহৰ ওপৰত চকু দিবলৈ কয় সাংসদগৰাকীয়ে।

লগতে পঢ়ক: টেষ্ট দলত পৰিৱৰ্তন অষ্ট্ৰেলিয়াৰ; আনকেপড অল-ৰাউণ্ডাৰ খেলুৱৈক অন্তৰ্ভুক্ত

শেহতীয়া প্ৰৱন্ধসমূহ