অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ…

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত

ভাৰতীয় জাতীয় কংগ্ৰেছে ভূপেন কুমাৰ বৰাৰ ঠাইত সোমবাৰে লোকসভাৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে ।

সমান্তৰালকৈ কংগ্ৰেছ হাইকমাণ্ডে অসমত দলৰ সাংগঠনিক আৰু তৃণমূল পৰ্যায়ৰ সংগঠনত সহায় কৰিবলৈ তিনিজন নতুন কাৰ্যকৰী সভাপতিও নিযুক্তি দিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা  জাকিৰ হুছেইন শিকদাৰ, ৰ’জলিনা তিৰ্কী, আৰু প্ৰদীপ সৰকাৰক অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে হাইকমাণ্ডে । উল্লেখ্য যে, বৰ্তমান এ আই চি চিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৰ’জেলিনা তিৰ্কীয়ে ।

ইফালে সদ্য প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাক কেম্পেইন বিভাগৰ দায়িত্ব দিয়া হৈছে । লগতে কংগ্ৰেছ দলে ভূপেন কুমাৰ বৰাক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি দি কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক সমন্বয় সমিতিৰ দায়িত্ব, সাংসদ প্ৰদ্যুত বৰদলৈক ইস্তাহাৰ লমিতিৰ দায়িত্ব, সাংসদ ৰকিবুল হুছেইনক প্ৰচাৰ সমিতিৰ দায়িত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে, আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম কংগ্ৰেছত এই সালসলনি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাবে বিবেচিত হৈছে ।

এই দায়িত্ব লাভ কৰাৰ পিছতেই নৱ নিৰ্বাচিত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এক্সত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই দায়িত্ব প্ৰদানৰ বাবে তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে, সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছ  নেতা কেচি বেণুগোপালক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে । লগতে তেওঁ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি শ্ৰীযুত ভূপেন বৰাই দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ লগতে তেওঁ আৰু বহুতো অৱদান আগবঢ়াইছিল বুলিও উল্লেখ কৰে ।

এক্সত তেওঁ লিখিছে, “মোৰ পিতৃ-মাতৃৰ পথ প্ৰদৰ্শন আৰু পৰিয়ালৰ বিশেষকৈ পত্নী আৰু সন্তানৰ সহায় অবিহনে মই এই পৰ্যায়ত নাথাকিলোহেঁতেন । অসমত কংগ্ৰেছ দলৰ ইমানবোৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা কৰ্মীৰ সৈতে কাম কৰাটো এক আশীৰ্বাদ । তেওঁলোকৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে । মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী । আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিম । মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে এক উন্নত ভৱিষ্যত সৃষ্টি কৰিব পাৰিম । জয় আই অসম ! জয় হিন্দ !”

লগতে পঢ়ক : “গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘যদি পাকিস্তানলৈ যোৱা কোনোবা ইউটিউবাৰ আছে নাম দিয়ক’; এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত মুখ্যমন্ত্ৰী

এক্সন মোডত অসমৰ মুখ্যমন্ত্ৰী। এইবাৰ অসমৰ  YouTuberৰ বিৰুদ্ধে এক্সন লোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যিসকল এসমৰ YouTuber এ পাকিস্তানলৈ গৈছে সেই সকলৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘কোনোবা যদি পাকিস্তানলৈ যোৱা ইউটিউবাৰ আছে নাম দিয়ক। সকলোৰে বিৰুদ্ধে লোৱা হ’ব এক্সন’।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ সংবাদমেলৰ মাজতে এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কৈছে যে, ‘দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আনুষ্ঠানিক ভ্ৰমণ আৰু ইউটিউবাৰ বা কংগ্ৰেছৰ সাংসদৰ ভ্ৰমণত বিশাল পাৰ্থক্য আছে’।

ৰাষ্ট্ৰৰ স্বাৰ্থত যোৱা আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে পাকিস্তান যোৱাটো সম্পূৰ্ণ ভিন্ন বিষয়। পাকিস্তানপ্ৰেমী একাংশ কংগ্ৰেছীয়ে কেতিয়াও এই পাৰ্থক্য বুজি নাপায় বা বুজিবলৈ নিবিচাৰে’।সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : “গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

“গৌৰৱ গগৈৰ পত্নীয়ে ১৯ বাৰ পাকিস্তানলৈ অহা যোৱা কৰিছিল…”; গৌৰৱ গগৈক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে, ‘গৌৰৱ গগৈ পাকিস্তানলৈ যিধৰণে গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়’।

‘তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাকিস্তানলৈ যোৱা কথাটো কৈছে। কিন্তু প্ৰধানমন্ত্ৰী গৰাকী পাকিস্তানলৈ যোৱা আৰু গৌৰৱ গগৈ মনে মনে পাকিস্তানলৈ যোৱাটোৰ মাজত পাৰ্থক্য আছে’।

‘গৌৰৱ গগৈয়ে ৰাফেল আৰু  S400ৰ বিৰোধিতা কৰিছিল। তেওঁ পাকিস্তানৰ পৰা আহিয়েই পাৰমাণৱিক অস্ত্ৰ ক’ত থাকে,  কাছাব অহা ৰাস্তাটোত নতুনকৈ কিমান নিৰাপত্তাৰক্ষী ৰখা হৈছে সেই কথাও জানিব বিচাৰিছিল’।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ ৯০ জন ল’ৰাক তেঁও পাকিস্তানলৈ লৈ গৈছিল ৰেডিকুলাছ কৰিবলৈ।  গৌৰৰৱ গগৈয়ে নিজৰ লৰা-ছোৱালীক ভাৰতীয় কৰি ৰখা নাই’ ।

‘গৌৰৱ গগৈয়ে যিবোৰ কাম কৰি আছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয় আৰু নিন্দনীয়’। ইয়াৰ লগতে গৌৰৱ গগৈৰ পত্নীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১০ ছেপ্তেম্বৰত সকলো তথ্য দিয়াৰ পিছত তেঁওৰ পৰিবাৰৰ পাছপৰ্ট বাতিল হ’ব’।

‘এই ভদ্ৰ মহিলা গৰাকীয়ে ১৯ বাৰকৈ ভাৰত-পাকিস্তানৰ মাজত অহা যোৱা কৰিছিল।বেছিভাগ খোজ কাঢ়ি অথবা নেপাল হৈ অহা যোৱা কৰিছিল’। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ন ন বিস্ফোৰক মন্তব্য কৰে।  

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছে…’ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নক লৈ পুনৰ এক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ অভিযোগ উত্থাপন কৰি কয় যে এলিজাবেথ কলবাৰ্নৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছিল । কলবাৰ্নে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তেওঁৰ লগত চুবুৰীয়া দেশখনত পাকিস্তানী সেনাৰ বিষয়াও আছিল ।

মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে গগৈৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল আৰু তাৰ পিছত দিল্লীলৈ আহিছিল কোনো এন জি অ’ত কাম কৰিবলৈ, কিন্তু পাকিস্তানৰ পৰা তেওঁ দৰমহা লাভ কৰিয়েই আছিল । গগৈয়েও ব্যক্তিগতভাৱে পাকিস্তান ভ্ৰমণ কৰি তাত ১৫ দিন আছিল । তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নেও গগৈৰ লগত গৈছিল যদিও সাত দিনৰ পিছত তেওঁ ঘূৰি আহিছিল, আনহাতে গগৈ আৰু সাত দিন থাকিছিল । মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈয়ে ১৫ দিন পাকিস্তানত কি কৰিলে ক’ব লাগে ?  তেওঁ পাকিস্তানৰ সেনাবাহিনীক প্ৰত্যক্ষ নে পৰোক্ষভাৱে সহায় কৰিছিল নেকি ?

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাকিস্তান ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিও চৰকাৰী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী তালৈ গৈছিল । চৰকাৰী প্ৰতিনিধি দলৰ অংশ হিচাপে গগৈ তালৈ যোৱা হ’লে আমি প্ৰশ্ন উত্থাপন নকৰিলোহেঁতেন, কিন্তু তেওঁ ব্যক্তিগতভাৱে তালৈ গৈছিল আৰু আমি জানিব বিচাৰো যে সেই দেশত তেওঁক কোনে আদৰণি জনাইছিল ?

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু ভাৰতত তেওঁৰ সহযোগীসকলৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত সম্পূৰ্ণ কৰিছে আৰু গগৈ ৱাগাহ-আটাৰী সীমান্ত হৈ পাকিস্তানলৈ যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে । কিন্তু তথ্যসমূহ প্ৰমাণীকৰণৰ বাবে আমি বিধিগত বিধানসমূহ পূৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে সময় লাগিব । আমি ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু ১০ ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম । এছ আই টিয়ে প্ৰয়োজনীয় ঠাইবোৰ ভ্ৰমণ কৰিছিল ঠিকেই, কিন্তু প্ৰমাণ সংগ্ৰহৰ প্ৰক্ৰিয়া আছে ।

৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ গৈছিল গগৈয়ে : শৰ্মা

ইজৰাইল ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ সাংসদগৰাকীয়ে পাছপ’ৰ্ট হেৰুৱাৰ কথা কৈছিল আৰু ইয়াৰ ফলত তথ্য হেৰুৱাইছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয় । পাকিস্তানৰ পৰা উভতি অহাৰ পাছত গগৈয়ে ৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ যায় আৰু তাৰে বহুতেই পিছত দাবী কৰে যে তেওঁলোকক তালৈ লৈ যোৱা বুলি আগতীয়াকৈ কোৱা হোৱা নাছিল । তেওঁ যুৱকসকলক উগ্ৰপন্থী কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰে ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰী হিম্নত বিশ্ব শৰ্মাই কয় যে তেওঁৰ পৰিয়ালত কেৱল গৌৰৱ গগৈহে ভাৰতীয় নাগৰিক । তেওঁ নিজৰ সন্তান দুটাৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে । নথিপত্ৰৰ প্ৰমাণ পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিম আৰু গোচৰ কেন্দ্ৰীয় সংস্থাক গতাই দিয়াৰ পিছত তদন্তৰ অধিক পৰিসৰ থাকিব । এই বিষয়ত অসম চৰকাৰৰ ক্ষমতা সীমিত আৰু এটা নিৰ্দিষ্ট পইণ্টলৈকেহে তদন্ত কৰিব পাৰে বুলি কয় তেওঁ ।