পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছে…’ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নক লৈ পুনৰ এক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ অভিযোগ উত্থাপন কৰি কয় যে এলিজাবেথ কলবাৰ্নৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক

‘গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছে…’ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নক লৈ পুনৰ এক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ অভিযোগ উত্থাপন কৰি কয় যে এলিজাবেথ কলবাৰ্নৰ পাকিস্তানী সেনাৰ সৈতে ভাল সম্পৰ্ক আছিল । কলবাৰ্নে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল আৰু তেওঁৰ লগত চুবুৰীয়া দেশখনত পাকিস্তানী সেনাৰ বিষয়াও আছিল ।

মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে গগৈৰ পত্নীয়ে পাকিস্তানত কাম কৰিছিল আৰু তাৰ পিছত দিল্লীলৈ আহিছিল কোনো এন জি অ’ত কাম কৰিবলৈ, কিন্তু পাকিস্তানৰ পৰা তেওঁ দৰমহা লাভ কৰিয়েই আছিল । গগৈয়েও ব্যক্তিগতভাৱে পাকিস্তান ভ্ৰমণ কৰি তাত ১৫ দিন আছিল । তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নেও গগৈৰ লগত গৈছিল যদিও সাত দিনৰ পিছত তেওঁ ঘূৰি আহিছিল, আনহাতে গগৈ আৰু সাত দিন থাকিছিল । মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈয়ে ১৫ দিন পাকিস্তানত কি কৰিলে ক’ব লাগে ?  তেওঁ পাকিস্তানৰ সেনাবাহিনীক প্ৰত্যক্ষ নে পৰোক্ষভাৱে সহায় কৰিছিল নেকি ?

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাকিস্তান ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন হৈছে যদিও চৰকাৰী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী তালৈ গৈছিল । চৰকাৰী প্ৰতিনিধি দলৰ অংশ হিচাপে গগৈ তালৈ যোৱা হ’লে আমি প্ৰশ্ন উত্থাপন নকৰিলোহেঁতেন, কিন্তু তেওঁ ব্যক্তিগতভাৱে তালৈ গৈছিল আৰু আমি জানিব বিচাৰো যে সেই দেশত তেওঁক কোনে আদৰণি জনাইছিল ?

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখ আৰু ভাৰতত তেওঁৰ সহযোগীসকলৰ মাজৰ সম্পৰ্কৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে তদন্ত সম্পূৰ্ণ কৰিছে আৰু গগৈ ৱাগাহ-আটাৰী সীমান্ত হৈ পাকিস্তানলৈ যোৱাৰ প্ৰমাণ আমাৰ হাতত আছে । কিন্তু তথ্যসমূহ প্ৰমাণীকৰণৰ বাবে আমি বিধিগত বিধানসমূহ পূৰণ কৰিব লাগিব আৰু ইয়াৰ বাবে সময় লাগিব । আমি ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছো আৰু ১০ ছেপ্টেম্বৰৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম । এছ আই টিয়ে প্ৰয়োজনীয় ঠাইবোৰ ভ্ৰমণ কৰিছিল ঠিকেই, কিন্তু প্ৰমাণ সংগ্ৰহৰ প্ৰক্ৰিয়া আছে ।

৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ গৈছিল গগৈয়ে : শৰ্মা

ইজৰাইল ভ্ৰমণৰ সময়ত কংগ্ৰেছৰ সাংসদগৰাকীয়ে পাছপ’ৰ্ট হেৰুৱাৰ কথা কৈছিল আৰু ইয়াৰ ফলত তথ্য হেৰুৱাইছে বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয় । পাকিস্তানৰ পৰা উভতি অহাৰ পাছত গগৈয়ে ৯০ জন যুৱকক পাকিস্তানৰ দূতাবাসলৈ লৈ যায় আৰু তাৰে বহুতেই পিছত দাবী কৰে যে তেওঁলোকক তালৈ লৈ যোৱা বুলি আগতীয়াকৈ কোৱা হোৱা নাছিল । তেওঁ যুৱকসকলক উগ্ৰপন্থী কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰে ড০ শৰ্মাই ।

মুখ্যমন্ত্ৰী হিম্নত বিশ্ব শৰ্মাই কয় যে তেওঁৰ পৰিয়ালত কেৱল গৌৰৱ গগৈহে ভাৰতীয় নাগৰিক । তেওঁ নিজৰ সন্তান দুটাৰ ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে । নথিপত্ৰৰ প্ৰমাণ পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰিম আৰু গোচৰ কেন্দ্ৰীয় সংস্থাক গতাই দিয়াৰ পিছত তদন্তৰ অধিক পৰিসৰ থাকিব । এই বিষয়ত অসম চৰকাৰৰ ক্ষমতা সীমিত আৰু এটা নিৰ্দিষ্ট পইণ্টলৈকেহে তদন্ত কৰিব পাৰে বুলি কয় তেওঁ ।

শেহতীয়া প্ৰৱন্ধসমূহ