হোৰাহোৰে খহিছে কংগ্ৰেছৰ ভেটি । গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ ক্ষুব্ধ হৈ দল ত্যাগ জ্যেষ্ঠ নেতা ড০ সঞ্জু বৰুৱাৰ ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদমেলযোগে সাসংদ গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ উন্মোচন কৰাৰ পিছতেই হোৰাহোৰে খহিছে কংগ্ৰেছ দলৰ ভেটি । সাসংদ গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ উন্মোচিত হোৱাৰ পিছতেই ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ দলত্যাগ কৰিছে বহু নেতা-কৰ্মীয়ে ।
সোমবাৰে পুনৰ কংগ্ৰেছৰ ভেটিত কঁপনি তুলি দলটোৰ পৰা পদত্যাগ কৰিলে আন এগৰাকী জ্যেষ্ঠ নেতাই । গৌৰৱ গগৈৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰি এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী সমিতিৰ উপাধ্যক্ষ আৰু APCCৰ জ্যেষ্ঠ মুখপাত্ৰ ড০ সঞ্জু বৰুৱাই । উত্থাপিত ‘পাকিস্তান লিংক’ৰ অভিযোগৰ স্পষ্টীকৰণ দিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অনুষ্ঠিত কৰা সংবাদমেলৰ পিছতেই দলৰ পৰা পদত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ অন্যতম প্ৰভাৱশালীনেতাগৰাকীয়ে ।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগৰ কথা ঘোষণা কৰে সঞ্জু বৰুৱাই । পদত্যাগ পত্ৰত সাসংদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া ‘পাকিস্তান লিংক’ক লৈ অস্বস্তিত পৰাৰ বাবে দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে তেওঁ । লগতে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছত কাম কৰাৰ পৰিৱেশ নাই বুলিও পদত্যাগ পত্ৰত স্পষ্টকৈ উল্লেখ কৰিছে সঞ্জু বৰুৱাই । তেওঁ কয় যে, এই সিদ্ধান্ত বহু চিন্তা আৰু নৈতিক আত্মনিৰীক্ষণৰ অন্তত লোৱা হৈছে, খৰখেদাকৈ বা আৱেগৰ ভিত্তিত লোৱা হোৱা নাই । তেওঁৰ মতে, এনে বিতৰ্কই দলৰ ভাবমূৰ্তিৰ লগতে ব্যক্তিগত ভাৱেও তেওঁক আঘাত দিছে ।

পদত্যাগ পত্ৰত ড০ সঞ্জু বৰুৱাই উল্লেখ কৰিছে-“প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত কাম কৰি যাবলৈ মোৰ বিবেকে মোক কোনোধ্যেই অনুমতি দিয়া নাই । পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই.এচ.আই (ISI)-ৰ সৈতে তেওঁৰ নাম সাঙোৰ খাই থকাৰ যি গুৰুতৰ অভিযোগ আৰু সন্দেহ উত্থাপন হৈছে, সেয়া দেশৰ নিৰাপত্তাৰ স্বাৰ্থত অতিশয় উদ্বেগজনক বিষয় । এনে নেতৃত্বৰ অধীনত মৌন হৈ থকা বা কাম কৰি যোৱা মানেই হ’ব মোৰ নীতি-আদৰ্শৰ সৈতে আপোচ কৰা—যিটো কৰিবলৈ মই কোনোপধ্যেই প্ৰস্তুত নহয় ।“

তেওঁ পুনৰ উল্লেখ কৰে যে- “মই এজন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ সন্তান । মোৰ ককাদেউতা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে দ্বাৰা স্বীকৃত এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু মোৰ দেউতাই সমগ্ৰ জীৱন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাবে উচৰ্গা কৰিছিল । এই পদক্ষেপ গ্ৰহণ কৰিবলৈ পাই মই মৰ্মান্তিক বেদনা অনুভৱ কৰিছোঁ । যিহেতু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে দেশ সদায় প্ৰথম আৰু দল তাৰ পাছত । দুৰ্ভাগ্যবশত, APCC-ৰ বৰ্তমানৰ নেতৃত্বত মই এতিয়া আৰু বিশ্বাস নকৰোঁ যে এই দলটো আদৰ্শগত, নৈতিক বা সাংগঠনিকভাৱে সুৰক্ষিত ।”

ইফালে পদত্যাগৰ পিছতেই সামাজিক মাধ্যমযোগে ড০ সঞ্জু বৰুৱাই এক বিশেষ পোষ্ট কৰা পৰিলক্ষিত হয় । নিজৰ ফেচবুক একাউন্টযোগে তেওঁ লিখিছে- “দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু জননী জন্মভূমিতকৈ ডাঙৰ একো হব নোৱাৰে… জয় আই অসম ।”
লগতে পঢ়ক : এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে পাকিস্তানলৈ প্ৰেৰণ কৰিছিল IBৰ গোপন ৰিপ’ৰ্ট! বিস্ফোৰক তথ্য ফাদিল









