‘যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে স্পষ্টীকৰণ দিয়ক’; গৌৰৱ গগৈক লৈ শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য

‘যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে স্পষ্টীকৰণ দিয়ক’; গৌৰৱ গগৈক লৈ শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য

গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গৌৰৱ গগৈক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়াই দিছে। মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেল যোগে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰ তথ্য সহকাৰে ফাদিল কৰিলে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ

গৌৰৱ গগৈৰ পাকিস্তান লিংক ফাদিল হোৱাৰ পিছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। তাৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গৌৰৱ গগৈক তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়াই দিছে।

মুখ্যমন্ত্ৰীয়ে দেওবাৰে সংবাদমেল যোগে সাংসদ গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰ তথ্য সহকাৰে ফাদিল কৰিলে। মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শৃংখল চলিহাই কৈছে যে,যদি পাকিস্তানৰ সৈতে সম্পৰ্ক নাই তেন্তে গৌৰৱ গগৈয়ে কিয় স্পষ্টীকৰণ দিয়া নাই? ২৪ ঘন্টাৰ ভিতৰত গৌৰৱ গগৈয়ে স্থিতি স্পষ্ট কৰক।

যদি পাকিস্তানৰ সৈতে লিংক আছে তেন্তে এয়া অত্যন্ত ভয়ংকৰ বিষয়।দেশৰ নিৰাপত্তাৰ স্বাৰ্থত এনে কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ’ব।

লগতে পঢ়ক: গৌৰৱ গগৈৰ ‘পাকিস্তান লিংক’ক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ, প্ৰকাশ কৰিলে বহু চাঞ্চল্যকৰ তথ্য

শেহতীয়া প্ৰৱন্ধসমূহ