এতিয়া আপোনাৰ পাল… গৌৰৱ গগৈক প্ৰত্যাহ্বান ৰিণিকি ভূঞা শৰ্মাৰ

এতিয়া আপোনাৰ পাল… গৌৰৱ গগৈক প্ৰত্যাহ্বান ৰিণিকি ভূঞা শৰ্মাৰ

এক প্ৰত্যুত্তৰত ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈক প্ৰশ্ন কৰে যে তেওঁৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি আৰু তেওঁ তেনে তথ্য ৰাজহুৱা কৰিব পাৰিব নে ? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা

এক প্ৰত্যুত্তৰত ৰিণিকি ভূঞা শৰ্মাই গৌৰৱ গগৈক প্ৰশ্ন কৰে যে তেওঁৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি আৰু তেওঁ তেনে তথ্য ৰাজহুৱা কৰিব পাৰিব নে ?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা অভিযোগ প্ৰত্যাখ্যান কৰি তেওঁক প্ৰত্যাহ্বান জনায় । বিদেশী সম্পত্তি থকাৰ অভিযোগ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰী পত্নীয়ে দাবী কৰে যে তেওঁ বা তেওঁৰ পৰিয়ালৰ ভাৰতৰ বাহিৰত কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ এটা পোষ্টৰ উত্তৰ দি তেওঁ কয়, “মোৰ, মোৰ সন্তানৰ বা মোৰ স্বামীৰ ডুবাই বা ভাৰতৰ বাহিৰৰ কতো কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।”

এক প্ৰত্যুত্তৰত তেওঁ গৌৰৱ গগৈক প্ৰশ্ন কৰে যে তেওঁৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি আৰু তেওঁ তেনে তথ্য ৰাজহুৱা কৰিব পাৰিব নে ?  লগতে তেওঁ গৌৰৱ গগৈক নিজৰ দাবী সলনি কৰাৰো অভিযোগ উত্থাপন কৰি কয় যে ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ “ইজিপ্তৰ পাছপোৰ্টত গোল্ডেন ভিছা”ৰ পৰা “ভাৰতীয় পাছপোৰ্ট”লৈ নিজৰ বক্তব্য সলনি কৰিছে ।

এক্সত কংগ্ৰেছ নেতা গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই ৰিণিকি ভূঞা শৰ্মাই কয়-“ মই আপোনাৰ উৎকণ্ঠাৰ অন্ত পেলাই এই হাস্যকৰ প্ৰশ্নবোৰৰ উত্তৰ নিজেই দিছো, গৌৰৱ গগৈ ডাঙৰীয়া ।

কথাটো হ’ল : মোৰ, মোৰ সন্তানৰ বা মোৰ স্বামীৰ ডুবাই বা ভাৰতৰ বাহিৰৰ কতো কোনো ব্যৱসায়িক স্বাৰ্থ বা সম্পত্তি নাই ।

এতিয়া আপোনাৰ পাল । আপোনাৰ পত্নীৰ পাকিস্তানত বেংক একাউণ্ট আছে নেকি বা কেতিয়াবা আছিল নেকি, সেই কথা ৰাজহুৱা কৰিব পাৰিবনে ? আৰু আপুনি সেই তথ্যবোৰ ৰাইজক দেখুৱাবনে ?

আৰু এটা আমোদজনক কথা যে, কেনেকৈ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ দাবী ‘ইজিপ্তৰ পাছপোৰ্টত গোল্ডেন ভিছা’ৰ পৰা নমাই আনি এতিয়া ‘ভাৰতীয় পাছপোৰ্ট’ৰ কথা কৈছে ।“

উল্লেখ্য যে, কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে উত্থাপন কৰা এলানি প্ৰশ্নৰ পাছতেই এই বাকযুদ্ধৰ সূচনা হয়, য’ত তেওঁ মুখ্যমন্ত্ৰীক কথিত বিদেশী সম্পৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছিল । ইয়াৰ পিছতেই ৰিণিকি ভূঞা শৰ্মাই নিজৰ স্থিতি স্পষ্ট কৰি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে ।

লগতে পঢ়ক : ‘৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা’; পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰিণিকি ভূঞা শৰ্মাৰ…