কংগ্ৰেছ নেতা পৱন খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপ’ৰ্ট থকাৰ যি অভিযোগ তুলিছিল সেই অভিযোগক মিছা আৰু ভিত্তিহীন আখ্যা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ।
দেওবাৰে নিশা ১২.৩০ বজাত কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। কংগ্ৰেছ নেতা পৱন খেৰাই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ পাছপ’ৰ্ট থকাৰ যি অভিযোগ তুলিছিল, তাক মিছা বুলি অভিহিত কৰি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই।
এজাহাৰ দাখিল কৰি ৰিণিকি ভূঞা শৰ্মাই কয় যে, এনে মিছা কথা মই জীৱনত কেতিয়াও শুনা নাই। ৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা। পাছপৰ্ট কেইখন সম্পূৰ্ণ এআই জেনেৰেটেত আৰু সম্পূৰ্ণ ফটোশ্বপ কৰি কৰা হৈছে। নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে কোনো এজেণ্ডা নাই।সেয়ে মোক চফ্ট টাৰ্গেট হিচাপে ব্যৱহাৰ কৰিছে। কোনো মগজ থকা মানুহে এনে কাম নকৰে। এতিয়া আৰক্ষীৰ ওচৰত গোচৰ দিয়া হৈছে। তেওঁলোকে সকলো চালি-জাৰি চাই তদন্ত কৰিব আৰু দোষীয়ে শাস্তি পাব লাগিব।
৫২ হাজাৰ কোটি টকা বিনিয়োগৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ৫২ হাজাৰ কোটি টকা বিনিয়োগ কৰিলে মই অসমত কিয় থাকিম? এনেকে হলে ৩-৪ খন ৰাজ্য মোৰ অধীনত থাকিলে হয়।মিছা কথা কলেও এটা সীমা থাকিব লাগে। এতিয়া সকলো আইনীভাৱে আগবাঢ়িব। কংগ্ৰেছৰ এই অভিযোগক মিছা আৰু ভিত্তিহীন।
লগতে পঢ়ক: UAEৰ নাগৰিকত্ব নাই ৰিণিকি ভূঞা শৰ্মাৰ; ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে









