UAEৰ নাগৰিকত্ব নাই ৰিণিকি ভূঞা শৰ্মাৰ; ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে

UAEৰ নাগৰিকত্ব নাই ৰিণিকি ভূঞা শৰ্মাৰ; ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে

পত্নী ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব থকা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পবন খেড়ে UAEৰ নাগৰিকত্ব থকা বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু সেই অভিযোগ যে মিছা আছিল তাৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।ৰিণিকি

পত্নী ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব থকা সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পবন খেড়ে  UAEৰ নাগৰিকত্ব থকা বুলি অভিযোগ উত্থাপন কৰিছিল। কিন্তু সেই অভিযোগ যে মিছা আছিল তাৰ প্ৰমাণ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।ৰিণিকি ভূঞা শৰ্মাৰ কোনো UAE-ৰ নাগৰিকত্ব নাই বুলি ভাৰত চৰকাৰক স্পষ্ট কৰিলে UAE চৰকাৰে।

কংগ্ৰেছৰ বিৰুদ্ধে পাছপৰ্ট জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।ইজিপ্তৰ এজন নাগৰিকৰ হেৰোৱা পাছপৰ্টক ৰিণিকি ভূঞা শৰ্মাৰ বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। টিপু চুলতান নামৰ এগৰাকী লোকৰ হেৰুৱা পাছপৰ্টক ৰিণিকি ভূঞা শৰ্মাৰ বুলি কৈছিলে।  

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ডুবাই চৰকাৰৰ এটা ৱেবচাইট আছে, য’ত তেওঁলোকে যি পাছপৰ্ট দিয়ে তাক নিৰিক্ষণ কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যে পাছপৰ্টখনৰ পুনৰিক্ষণ কৰিলে। আৰু তেতিয়া সেই পাছপৰ্টখন ভুৱা বুলি আহে। বাকী দুখন পাৰ্ছপৰ্টৰ ৰিপৰ্টো মঙলবাৰৰ ভিতৰত পাই য়াম। এখন পাছপৰ্টৰ ফটোখনত থকা গৰাকী ৰিণিকি নহয়। পাছপৰ্ট বিতৰ্কৰ সত্যতাৰ বাবে ইজিপ্ত আৰু এণ্টিগুৱা চৰকাৰৰ সৈতেও ভাৰত চৰকাৰে যোগাযোগ কৰিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, মানুহৰ জন্ম ভাৰত হ’ব পাৰে নেকি। অসম বা আন ঠাইৰ নাম হ’ব পাৰে। গোটেই পাছপৰ্টখন ভুলৰ ওপৰত ভুল। এই ঘটনাটো যে হ’ব সেই কথা মই ৪ দিন আগতেই আৰক্ষীক জনাইছিলো। কংগ্ৰেছ যিমান তলত যাব বুলি ভাবিছিল তাতকৈ বহুত তলত গৈছে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ভুৱা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে।     

লগতে পঢ়ক: কংগ্ৰেছে অনা পাছপৰ্ট সম্পৰ্কীয় অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰীৰ, পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ