লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে
পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ৩খন দেশৰ পাছপৰ্ট ৰখা বুলি কংগ্ৰেছে অনা অভিযোগ খণ্ডন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে । খেৰাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই তিনিখনকৈ বিদেশৰ বৈধ পাছপৰ্ট ৰখা বুলি কৰা দাবীক ড০ শৰ্মাই “অভিপ্ৰায়মূলক, মিছা আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত” বুলি অভিহিত কৰিছে ।
এক্স যোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “মই আৰু মোৰ পত্নীয়ে অহা ৪৮ ঘণ্টাৰ ভিতৰত শ্ৰী পৱন খেৰাৰ বিৰুদ্ধে ফৌজদাৰী আৰু দেৱানী উভয় ধৰণৰ মানহানিৰ গোচৰ তৰিম । তেওঁৰ এই দায়িত্বহীন আৰু মানহানিকাৰক মন্তব্যৰ বাবে তেওঁক সম্পূৰ্ণৰূপে জবাবদিহি কৰা হ’ব ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলক বিৰোধীৰ দুৰ্বলতাৰ লক্ষণ হিচাপে আখ্যা দিয়ে । তেওঁ লিখিছে, “আজি পৱন খেৰাই সম্বোধন কৰা সংবাদমেলখনে কংগ্ৰেছ দলৰ গভীৰ হতাশা আৰু আতংককে প্ৰতিফলিত কৰিছে ।” লগতে তেওঁ কয় যে অসম এক ঐতিহাসিক নিৰ্বাচনী জনমতৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত এনে আক্ৰমণে কেৱল তেওঁলোকৰ “খহি পৰা ভেটিটোহে উদঙাই দিছে ।” মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয়, “ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে । আদালতত সত্য প্ৰতিষ্ঠা হোৱাৰ পিছত শ্ৰীপৱন খেৰাই নিজৰ কৰ্মৰ ফল ভোগ কৰিব লাগিব ।”
পৱন খেৰাই সাংবাদিকৰ আগত কৰা দাবীৰ পিছতেই এই বিতৰ্কৰ সূত্ৰপাত হয় । খেৰাই দাবী কৰিছিল যে তেওঁৰ হাতত নথি-পত্ৰ ভিত্তিক প্ৰমাণ আছে যাৰ দ্বাৰা প্ৰমাণ হয় যে ৰিণিকি ভূঞা শৰ্মাই একে সময়তে ইউএই, ইজিপ্ট, এন্টিগুয়া আৰু বাৰ্বুডাৰ বৈধ পাছপৰ্ট ৰাখিছে ।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে অনা এই অভিযোগৰ দৃঢ়তাৰে খণ্ডন কৰে আৰু পৱন খেৰাৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত এই জালিয়াতি তথা পবন খেড়াৰ বিৰদ্ধে মানহানি আৰু অপৰাধমূলক গোচৰ ৰুজু কৰিব বুলি উল্লেখ কৰিছে ।
লগতে পঢ়ক : নিৰ্বাচনৰ পিছতে কুংকী চৌধুৰীৰ পিতৃ-মাতৃৰ ওপৰত ব্যৱস্থা লোৱা হ’বঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া









