দ্বিতীয়বাৰৰ বাবে এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী সোণম কাপুৰ আৰু ব্যৱসায়ী আনন্দ আহুজা। অভিনেত্ৰী গৰাকীয়ে তেওঁৰ অনুৰাগীৰ বাবে এই খবৰটো দিছে।
বলীউডৰ ‘ফেশ্বন আইকন’ সোণম কাপুৰৰ অনুৰাগীৰ বাবে এক ভাল খবৰ ওলাইছে।দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ল সোণম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজা।অভিনেত্ৰী গৰাকীয়ে ২৯ মাৰ্চ দেওবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে।
এই বিশেষ খবৰটো ছ’চিয়েল মিডিয়াৰ জৰিয়তে সোণম কাপুৰে নিজেই তেওঁৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰিছে। সোণম কাপুৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা টোকা শ্বেয়াৰ কৰি লিখিছে, ‘অপৰিসীম কৃতজ্ঞতা আৰু মৰমেৰে ভৰা হৃদয়ৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰি আমি আনন্দিত হৈছো যে আজি ২৯ মাৰ্চত আমাৰ ঘৰৰ কণমানি সদস্যটি আহিছে।”

অভিনেত্ৰী গৰাকীয়ে লিখিছে যে,’আমাৰ পৰিয়ালটো এতিয়া আৰু ডাঙৰ হ’ল, তেওঁৰ আগমনৰ লগে লগে আমাৰ হৃদয়খনো আৰু বেছি ধুনীয়া ৰূপত ডাঙৰ হৈ পৰিছে।কণমানি ভায়েকক আদৰি লৈ বায়ু আনন্দত আত্মহাৰা হৈ পৰিছে,আৰু আমি এই মূল্যবান নতুন জীৱনৰ বাবে অবিশ্বাস্যভাৱে ধন্য অনুভৱ কৰোঁ,যিয়ে আমাৰ ঘৰখন আনন্দ আৰু আশীৰ্বাদেৰে ভৰাই তুলিছে।চাৰিজনীয়া পৰিয়াল হিচাপে আমি এই সুন্দৰ নতুন অধ্যায়টো আৰম্ভ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ।প্ৰেমৰ সৈতে, সোণম, আনন্দ, আৰু বায়ু।”
উল্লেখ্য যে, এটা বছৰ ডেটিং কৰাৰ পিছত ২০১৮ চনৰ ৮ মে’ত সোণম কাপুৰ আৰু আনন্দ আহুজাই বিবাহপাশত আবদ্ধ হয় ।বিবাহৰ প্ৰায় চাৰি বছৰৰ পাছত ২০২২ চনৰ আগষ্ট মাহত তেওঁলোকে প্ৰথম পুত্ৰ ‘ভায়ু’ক পৃথিৱীলৈ আদৰণি জনায়।
লগতে পঢ়ক: পাকিস্তানী সাংবাদিকৰ সৈতে ভাইৰেল ভিডিঅ’; ইণ্ডিয়ান আইডলৰ পৰা বিশাল দাদলানীক অপসাৰণৰ দাবী









