দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল সোণম কাপুৰ; শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট

দ্বিতীয়বাৰৰ বাবে এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল বলীউডৰ অভিনেত্ৰী সোণম কাপুৰ আৰু ব্যৱসায়ী আনন্দ আহুজা। অভিনেত্ৰী গৰাকীয়ে তেওঁৰ অনুৰাগীৰ বাবে এই খবৰটো দিছে।

বলীউডৰ ‘ফেশ্বন আইকন’ সোণম কাপুৰৰ অনুৰাগীৰ বাবে এক ভাল খবৰ ওলাইছে।দ্বিতীয় বাৰৰ বাবে পিতৃ-মাতৃ হ’ল সোণম কাপুৰ আৰু তেওঁৰ স্বামী আনন্দ আহুজা।অভিনেত্ৰী গৰাকীয়ে ২৯ মাৰ্চ দেওবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়ে।

এই বিশেষ খবৰটো ছ’চিয়েল মিডিয়াৰ জৰিয়তে সোণম কাপুৰে নিজেই তেওঁৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰিছে। সোণম কাপুৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা টোকা শ্বেয়াৰ কৰি লিখিছে, ‘অপৰিসীম কৃতজ্ঞতা আৰু মৰমেৰে ভৰা হৃদয়ৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰি আমি আনন্দিত হৈছো যে আজি ২৯ মাৰ্চত আমাৰ ঘৰৰ কণমানি সদস্যটি আহিছে।”  

অভিনেত্ৰী গৰাকীয়ে লিখিছে যে,’আমাৰ পৰিয়ালটো এতিয়া আৰু ডাঙৰ হ’ল, তেওঁৰ আগমনৰ লগে লগে আমাৰ হৃদয়খনো আৰু বেছি  ধুনীয়া ৰূপত ডাঙৰ হৈ পৰিছে।কণমানি ভায়েকক আদৰি লৈ বায়ু আনন্দত আত্মহাৰা হৈ পৰিছে,আৰু আমি এই মূল্যবান নতুন জীৱনৰ বাবে অবিশ্বাস্যভাৱে ধন্য অনুভৱ কৰোঁ,যিয়ে আমাৰ ঘৰখন আনন্দ আৰু আশীৰ্বাদেৰে ভৰাই তুলিছে।চাৰিজনীয়া পৰিয়াল হিচাপে আমি এই সুন্দৰ নতুন অধ্যায়টো আৰম্ভ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞ।প্ৰেমৰ সৈতে, সোণম, আনন্দ, আৰু বায়ু।”

উল্লেখ্য যে, এটা বছৰ ডেটিং কৰাৰ পিছত ২০১৮ চনৰ ৮ মে’ত সোণম কাপুৰ আৰু আনন্দ আহুজাই বিবাহপাশত আবদ্ধ হয় ।বিবাহৰ প্ৰায় চাৰি বছৰৰ পাছত ২০২২ চনৰ আগষ্ট মাহত তেওঁলোকে প্ৰথম পুত্ৰ ‘ভায়ু’ক পৃথিৱীলৈ আদৰণি জনায়।

লগতে পঢ়ক: পাকিস্তানী সাংবাদিকৰ সৈতে ভাইৰেল ভিডিঅ’; ইণ্ডিয়ান আইডলৰ পৰা বিশাল দাদলানীক অপসাৰণৰ দাবী

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ; স্বামী আনন্দ আহুজাৰ বিশেষ পোষ্ট

দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ

অভিনেত্ৰী সোণম কাপুৰৰ দ্বিতীয় গৰ্ভধাৰণৰ বিষয়ে বহু দিনৰ পৰা জল্পনা-কল্পনা চলি আছে। সামাজিক মাধ্যম আৰু বলীউডৰ মহলত চৰ্চা চলিছে যে অভিনেত্ৰীগৰাকী অতি সোনকালে দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ব পাৰে।

সকলো জল্পনা-কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই আজি সোণম কাপুৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।শীঘ্ৰে দ্বিতীয় সন্তানক আদৰিবলৈ ওলাইছে অভিনেত্ৰীগৰাকীয়ে।

ষ্টাইল আইকন সোণমে অতি ষ্টাইলিছ লুকত দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে।হট পিংকৰ এটি ড্ৰেছ পৰিধান কৰি তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে য’ত অভিনেত্ৰী গৰাকীৰ বেবী বাম্প দেখিবলৈ পোৱা গৈছে।

অভিনেত্ৰীগৰাকীৰ স্বামী আনন্দ আহুজাৰ এটা পোষ্টে আটাইতকৈ বেছি দৃষ্টি আকৰ্ষণ কৰিছে।পত্নীৰ এই পোষ্টত আনন্দ আহুজাই নিজৰ কৌতুহল প্ৰকাশ কৰি দুটা মন্তব্য কৰিছে।

এটাত তেওঁ লিখিছে,‘ডাবলাৰ ট্ৰাবল’, আনহাতে দ্বিতীয়টোত তেওঁ পত্নী সোণমক মৰম দি লিখিছিল, ‘বেবী মা আৰু শিক মামা’।

উল্লেখ্য যে ২০১৮ চনত অভিনেত্ৰী গৰাকীয়ে ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।দুয়োজনে বিয়াৰ আগতে বহুদিন ইজনে সিজনৰ লগত ডেটিং কৰিছিল।

বিয়াৰ তিনি বছৰৰ পাছত ২০২১ চনত সোণম কাপুৰে বায়ুক জন্ম দিয়ে। প্ৰথম সন্তান বায়ুৰ জন্মৰ তিনি বছৰৰ পিছত পুনৰ সোণম আৰু আনন্দৰ ঘৰত দেৱশিশুৰ আগমন হ’বলৈ গৈ আছে।

লগতে পঢ়ক: ১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো; ৰাজহুৱা কৰিলে নাম