১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো
পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বাসগৃহত এতিয়া সুখে নদন বদন হৈ আছে। ১৯ অক্টোবৰৰ দিনা এটি পুত্ৰ সন্তান জন্ম দিছিল পৰিনীতিয়ে। পিতৃ-মাতৃ হোৱাৰ পিছত দম্পতীহালৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হৈছে।
১ মাহৰ পিছত এতিয়া পৰিনীতি আৰু ৰাঘৱে তেওঁলোকৰ অনুৰাগীৰ বাবে এটা উপহাৰ দিছে।তেওঁলোকে সামাজিক মাধ্যমত পুত্ৰৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিছে, আৰু সন্তানৰ নামো ৰাজহুৱা কৰিছে।
তেওঁলোকৰ দেৱশিশুটিৰ মুখখন চাবলৈ অনুৰাগী সকল আগ্ৰহী হৈ আছিল।অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অভিনেত্ৰীগৰাকীয়ে নিজৰ পুত্ৰৰ প্ৰথমখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।
ফটোখনত ৰাঘৱ আৰু পৰিনীতিয়ে পুত্ৰৰ ক্ষুদ্ৰ ভৰিত চুমা খাই থকা দেখা গৈছে।দুয়োকে পুত্ৰৰ প্ৰেমত নিমগ্ন হৈ থকা দেখা গ’ল। দম্পতীহালক চাই এনে লাগে যেন আগ্ৰহেৰে এই দিনটোৰ বাবে অপেক্ষা কৰি আছে।
ফটোখনৰ লগতে পুত্ৰৰ নামো তেওঁলোকে প্ৰকাশ কৰে।অভিনেত্ৰীগৰাকীয়ে লিখিছে যে পানীৰ ৰূপ, প্ৰেমৰ স্বৰূপ, সেইটোৱে হৈছে নীৰ।
আমাৰ হৃদয়ে জীৱনৰ এক অসীম টোপালত শান্তি পালে।আমি তেওঁৰ নাম ৰাখিলোঁ ‘নীৰ’, নিৰ্মল, ঐশ্বৰিক, সীমাহীন।
লগতে পঢ়ক: ট্ৰেইলাৰ ৰিলিজৰ পূৰ্বেই ‘ধুৰন্ধৰ’ৰ ধামাকা









