১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো; ৰাজহুৱা কৰিলে নাম

১ মাহৰ পিছত পৰিনীতি আৰু ৰাঘৱে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বাসগৃহত এতিয়া সুখে নদন বদন হৈ আছে। ১৯ অক্টোবৰৰ দিনা এটি পুত্ৰ সন্তান জন্ম দিছিল পৰিনীতিয়ে। পিতৃ-মাতৃ হোৱাৰ পিছত দম্পতীহালৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ হৈছে।

১ মাহৰ পিছত এতিয়া পৰিনীতি আৰু ৰাঘৱে তেওঁলোকৰ অনুৰাগীৰ বাবে এটা উপহাৰ দিছে।তেওঁলোকে সামাজিক মাধ্যমত পুত্ৰৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰিছে, আৰু সন্তানৰ নামো ৰাজহুৱা কৰিছে।

তেওঁলোকৰ দেৱশিশুটিৰ মুখখন চাবলৈ অনুৰাগী সকল আগ্ৰহী হৈ আছিল।অৱশেষত অপেক্ষাৰ অন্ত পৰিল। অভিনেত্ৰীগৰাকীয়ে নিজৰ পুত্ৰৰ প্ৰথমখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে।  

ফটোখনত ৰাঘৱ আৰু পৰিনীতিয়ে পুত্ৰৰ ক্ষুদ্ৰ ভৰিত চুমা খাই থকা দেখা গৈছে।দুয়োকে পুত্ৰৰ প্ৰেমত নিমগ্ন হৈ থকা দেখা গ’ল। দম্পতীহালক চাই এনে লাগে যেন আগ্ৰহেৰে এই দিনটোৰ বাবে অপেক্ষা কৰি আছে।


ফটোখনৰ লগতে পুত্ৰৰ নামো তেওঁলোকে প্ৰকাশ কৰে।অভিনেত্ৰীগৰাকীয়ে লিখিছে যে পানীৰ ৰূপ, প্ৰেমৰ স্বৰূপ, সেইটোৱে হৈছে নীৰ।

আমাৰ হৃদয়ে জীৱনৰ এক অসীম টোপালত শান্তি পালে।আমি তেওঁৰ নাম ৰাখিলোঁ ‘নীৰ’, নিৰ্মল, ঐশ্বৰিক, সীমাহীন।

লগতে পঢ়ক: ট্ৰেইলাৰ ৰিলিজৰ পূৰ্বেই ‘ধুৰন্ধৰ’ৰ ধামাকা

দীপাৱলীৰ মাত্ৰ এদিন আগত পৰিনীতি চোপ্ৰাই দিলে ভাল খবৰ; পিতৃ হ’ল ৰাঘৱ চাড্ডা

দীপাৱলীৰ মাত্ৰ এদিন আগত পৰিনীতি চোপ্ৰাই দিলে ভাল খবৰ

দীপাৱলীৰ উৎসৱমুখৰ পৰিৱেশৰ মাজতে হাঁহিৰ শব্দৰে প্ৰতিধ্বনিত হৈছে অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু আপ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ ঘৰলৈ আহিল এটি দেৱশিশু।

ছ’টি দীপাৱলীৰ দিনাই পিতৃ-মাতৃ হ’ল পৰিনীতি আৰু ৰাঘৱ।এই ভাল খবৰটো নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল দম্পতীহালে।এটি ল’ৰা সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে।

সামাজিক মাধ্যমত দিয়া পোষ্টটোত লিখিছে যে, “অৱশেষত আমাৰ বেবি বয় আমাৰ ওচৰলৈ আহিল। এই সুখৰ আগত আমি আমাৰ অতীতৰ জীৱনটো পাহৰি গৈছো”।

“হৃদয়খন আনন্দৰে ভৰি পৰিছে। আগতে আমি ইজনে সিজনৰ লগত আছিল। এতিয়া আমাৰ হাতত সকলো আছে। ধন্যবাদ। পৰিনীতি আৰু ৰাঘৱ।”

বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধাৰৰ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত উদয়পুৰত এক গ্ৰেণ্ড বিবাহ পাশত আৱদ্ধ হৈছিল।

লগতে পঢ়ক: বিবাহপাশত আৱদ্ধ হ’ল দংগল খ্যাত জাইৰা ৱাছিম

মাতৃ হ’বলৈ ওলাইছে পৰিনীতি চোপ্ৰা; ৰাঘৱ চাদ্দাই শ্বেয়াৰ কৰিলে ভাল খবৰ, লিখিলে ১+১=৩

মাতৃ হ’বলৈ ওলাইছে পৰিনীতি চোপ্ৰা

বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ গৰ্ভধাৰণক লৈ বহু সময়ৰ পৰা চৰ্চা চলি আছিল।এতিয়া পৰিনীতিয়ে নিজেই কৈছে যে তেওঁ মাতৃ হ’বলৈ ওলাইছে।

তেওঁৰ স্বামী ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই ভাল খবৰটো দিছে।

পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাই সোমবাৰে ছ’চিয়েল মিডিয়াত এই খবৰটো ঘোষণা কৰি অনুৰাগীসকলক সুখী কৰি তুলিলে।দুয়োজনে পোষ্টটোত এখন ফটো আৰু এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে।

ফটোখনত লিখা আছে, ১ + ১ = ৩।লগতে সৰু সৰু ভৰিৰ ছাপো আছিল।ইয়াৰ লগতে এটা ভিডিঅ’ ও শ্বেয়াৰ কৰিছে।

য’ত দুয়োকে ৰাস্তাত খোজ কাঢ়ি থকা দেখা গৈছে।ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে, “আমাৰ সৰু বিশ্বব্ৰহ্মাণ্ড…নিজৰ ৰাস্তাত আছে। অত্যন্ত ধন্য।”

লগতে পঢ়ক: ‘না সঁচা প্ৰেম হ’ল, না কিবা আধৰুৱা হৈ থাকিল…’; প্ৰেম জীৱনক লৈ প্ৰথমবাৰলৈ মুখখুলিলে ছলমান খানে