২৬ ফেব্ৰুৱাৰীত উদয়পুৰত বিবাহ পাশত আৱদ্ধ হৈছিল দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় দেৱেৰাকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মণ্ডানা। বিবাহৰ ডেৰ মাহৰ পিছতেই ৰশ্মিকাৰ এটা বিশেষ পোষ্ট ভাইৰেল হৈছে। য’ত সকলোৱে তেওঁক গৰ্ভৱতী বুলি সন্দেহ কৰিছে।
অভিনেত্ৰী ৰশ্মিকা মণ্ডানাই ২৬ ফেব্ৰুৱাৰীত দীৰ্ঘদিনীয়া প্ৰেমিক বিজয় দেৱেৰাকোণ্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২০১৮ চনত ‘গীথা গোবিন্দম’ৰ সৈতে আৰম্ভ হোৱা বন্ধুত্বই এতিয়া এক সুন্দৰ বৈবাহিক জীৱনলৈ ৰূপান্তৰিত হৈছে। কিন্তু বিবাহৰ ডেৰমাহৰ পিছতেই এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে যে, মাতৃ হ’বলৈ ওলাইছে নেকি ৰশ্মিকা মাণ্ডানা।

ৰশ্মিকা মণ্ডানাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টো দি ৰশ্মিকাই লিখিছে যে, এতিয়া আমি তিনিটা হ’লো।ৰশ্মিকাই শ্বেয়াৰ কৰা ভিডিঅ’টোত বিজয় আৰু ৰশ্মিকাৰ সৈতে মিল থকা মুভিং গ্ৰাফিক্স দেখিবলৈ পোৱা গৈছে।তেওঁলোকৰ ওচৰলৈ এপাহ হালধীয়া ফুল আহি আছে। ইয়াৰ লগতে ৰশ্মিকাই বগা হৃদয়ৰ ইমোজি এটাও যোগ কৰি লিখিছিল, “এতিয়া আমি তিনিজন।”
ৰশ্মিকাৰ এই পোষ্টটোৰ পিছতেই অনুৰাগী সকলে প্ৰশ্ন কৰিছে যে মাতৃ হ’ব ওলাইছে নেকি ৰশ্মিকা মণ্ডানা ? অৱশ্যে ৰশ্মিকাই কি কাৰণ এই পোষ্টটো দিছে তাৰ কোনো মন্তব্য কৰা নাই।
লগতে পঢ়ক: নিষিদ্ধ হ’ল হানী সিং-বাদশ্বাহৰ বিতৰ্কিত গীত; দিল্লী উচ্চ ন্যায়ালয়ৰ ধমক









