ভাৰতত নহয়, আমেৰিকাত মুক্তি পাব ৪০০০ কোটিটকীয়া ‘ৰামায়ণ’ৰ ট্ৰেইলাৰ!

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি এনিমেলৰ দৰেই ৰামায়ণৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব

বৰ্তমান সময়ত ভাৰতীয় চিনেমা জগতৰ আটাইতকৈ চৰ্চিত আৰু আটাইতকৈ ডাঙৰ ছবিখন হৈছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ’ । ছবিখনক লৈ দৰ্শকৰ মাজত উছাহৰ অন্ত নাই । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ তাৰিখ আৰু স্থানক লৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে, যিয়ে অনুৰাগীসকলক আচৰিত কৰি তুলিছে । ভাৰতত নহয়, এক আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বজুৰি মুক্তি দিয়া হ’ব এই মেগা বাজেট ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ।

ছান ডিয়েগো কমিক-কন ২০২৬ ত মুক্তি পাব ট্ৰেইলাৰ

পূৰ্বে চৰ্চা হৈছিল যে ৰণবীৰ কাপুৰৰ পূৰ্বৰ হিট ছবি ‘এনিমেল’ৰ দৰেই ‘ৰামায়ণ’ৰ ট্ৰেইলাৰো দিল্লীৰ ভাৰত মণ্ডপমত মুকলি কৰা হ’ব । কিন্তু সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই এতিয়া নিৰ্মাতাসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ছবিখনৰ ট্ৰেইলাৰ আমেৰিকাৰ ছান ডিয়েগো চহৰত অনুষ্ঠিত হ’বলগীয়া বিখ্যাত ‘ছান ডিয়েগো কমিক-কন ২০২৬’ (San Diego Comic-Con 2026) ত মুকলি কৰা হ’ব ।

অহা ২৪ জুলাই ২০২৬ তাৰিখে বিশ্বজুৰি এই ট্ৰেইলাৰৰ প্ৰিমিয়াৰ কৰা হ’ব । মেকাৰ্ছে ছচিয়েল মিডিয়াত পোষ্ট কৰি কয়-

“ভাৰতৰ পৰা সমগ্ৰ বিশ্বলৈ । হাজাৰ হাজাৰ বছৰ ধৰি ৰামায়ণে ধৰ্ম, মৰ্যাদা, সাহস আৰু কৰুণাৰ দৰে জীৱনবোধেৰে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে । এতিয়া ইয়াৰ আৰম্ভণি এটা নতুন যাত্ৰাৰে হৈছে । ভাৰতৰ এই মহান সাংস্কৃতিক মহাকাব্যখন সমগ্ৰ বিশ্বৰ সন্মুখত এক ভব্য ৰূপত উপস্থাপন কৰা হ’ব ।”

ভাৰতৰ দৰ্শকে কেতিয়া আৰু ক’ত দেখিবলৈ পাব?

ভাৰতীয় অনুৰাগীসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে তেওঁলোকে কেতিয়া এই ট্ৰেইলাৰটো চাবলৈ পাব ?

তাৰিখ: ২৪ জুলাই ২০২৬ (ভাৰতীয় সময় অনুসৰি)

সময়: পুৱা ৩:১৫ বজাত

স্থান: আমেৰিকাৰ স্থানীয় সময় অনুসৰি ২৩ জুলাইৰ আবেলি ৩:১৫ বজাত কমিক-কন ২০২৬-ৰ ‘বলৰুম ২০’ ত ইয়াৰ ভব্য মুকলি হ’ব ।

এই হলটোত প্ৰায় ৪৮০০ লোক বহাৰ ক্ষমতা আছে । এই বিশেষ অনুষ্ঠানত ছবিখনৰ মুখ্য অভিনেতা ৰণবীৰ কাপুৰ, চাউথৰ ছুপাৰষ্টাৰ য়শ, পৰিচালক নিতেশ তিৱাৰী আৰু প্ৰযোজক নমিত মালহোত্ৰা উপস্থিত থাকিব ।

৪০০০ কোটি টকাৰ মেগা বাজেট আৰু দুটা খণ্ড

নিৰ্দেশক নিতেশ তিৱাৰী আৰু হলিউডৰ প্ৰখ্যাত VFX কোম্পানী DNEG-ৰ মালিকে নমিত মালহোত্ৰাৰ যুটীয়া প্ৰচেষ্টাত এই ভিজুৱেল মাৰ্ভেলটো নিৰ্মাণ কৰা হৈছে । জানিব পৰা মতে, প্ৰায় ৪০০০ কোটি টকাৰ বিশাল বাজেটৰে ‘ৰামায়ণ’ৰ দুটা খণ্ড নিৰ্মাণ কৰা হৈছে ।

২০২৬ ৰ দীপাৱলীত ছবিৰ মুক্তি!

এইবাৰৰ দীপাৱলী চিনেপ্ৰেমীসকলৰ বাবে অতি বিশেষ হ’বলৈ গৈ আছে, কাৰণ দীপাৱলী ২০২৬ ৰ শুভ ক্ষণতে ছবিখনে ছবিগৃহত মুক্তিৰ মুখ দেখিব । উৎসৱলৈ মাত্ৰ ৪ মাহ বাকী থকা অৱস্থাত, এতিয়া ট্ৰেইলাৰ মুক্তিৰ জৰিয়তে টিম ‘ৰামায়ণে’ ছবিখনৰ অফিচিয়েল মাৰ্কেটিং আৰু প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ।

লগতে পঢ়ক : পুনৰ কাৰাগাৰলৈ যাব লাগিব ৰাজপাল যাদৱ; উচ্চ ন্যায়ালয়ৰ ৰায়দান

মুক্তিৰ পূৰ্বেই ৰামায়ণৰ অভিলেখ ভংগ!নমিত মালহোত্ৰাই নাকচ কৰিলে ৭০০ কোটি টকীয়া অটিটি চুক্তি

মুক্তিৰ প্ৰায় ছমাহ পূৰ্বেই ‘ৰামায়ণ’ ছবিখনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিছতেই খবৰ পোৱা গৈছে যে ছবিখনৰ প্ৰযোজক নমিত মালহোত্ৰাই অ’টিটিৰ এটা ডাঙৰ অফাৰ নাকচ কৰিছে।

ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ কেইমাহমানৰ ভিতৰত ছবিগৃহত মুক্তি পাব। এই ছবিখনৰ বাবে দৰ্শক সকলে যথেষ্ট দিনৰ পৰা আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই ছবিখনে বক্স অফিচত ইতিহাস সৃষ্টিৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ছবিখন মুক্তি পাবলৈ আৰু ছমাহ বাকী আছে আৰু ইতিমধ্যে ৰেকৰ্ড স্থাপন কৰিবলৈ আৰম্ভ কৰিছে।অ’টিটি ৰাইটৰ বাবে ৰণবীৰৰ ৰামায়ণ ছবিয়ে ভাৰতীয় চিনেমা ইতিহাসৰ আটাইতকৈ ডাঙৰ ডিল অফাৰ লাভ কৰিছে ।

ৰামায়ণৰ প্ৰযোজক নমিত মালহোত্ৰাই তেওঁৰ ছবিখনৰ বাবে এটা ডাঙৰ অ’টিটি চুক্তিৰ প্ৰস্তাৱ লাভ কৰিছে।খবৰ পোৱা গৈছে যে এই চুক্তিৰ মূল্য আছিল ৭০০ কোটি টকা।যদি সঁচাকৈয়ে এনেকুৱা হৈছে তেন্তে ভাৰতীয় চিনেমাৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অ’টিটি ডিল অফাৰ আছিল।অৱশ্যে প্ৰযোজকে এই চুক্তি নাকচ কৰিছে।

যিহেতু দুয়োখন ছবিৰ নিৰ্মাণৰ বাবে ৪,০০০ কোটি পৰ্যন্ত খৰচ হ’ব বুলি আশা কৰা হৈছে,সেয়ে নমিত আৰু তেওঁৰ দলটোৱে বিশ্বাস কৰে যে ৰামায়ণ এনে এখন ছবি যিয়ে আগন্তুক বহু প্ৰজন্মলৈ মানুহক স্পৰ্শ কৰিব।গতিকে ইয়াৰ মূল্য আৰু অধিক হ’ব লাগে।তেওঁ অ’টিটিৰ পৰা ১০০০ কোটি টকাৰ চুক্তি লাভ কৰিব বুলি আশা কৰিছে।

লগতে পঢ়ক: ‘এতিয়া আমি ৩ জন হ’লো’; মাতৃ হ’ব ওলাইছে নেকি ৰশ্মিকা মণ্ডানা

ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত ‘ৰামায়ণ’ৰ টিজাৰ

ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে ।

মুক্তি পালে ৰণবীৰ কাপুৰৰ বহু প্ৰতিক্ষীত ছবি “ৰামায়ণ”ৰ টিজাৰ । ২ মিনিট ৩৮ ছেকেণ্ডৰ এই টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে । ইয়াৰ বেকগ্ৰাউণ্ড মিউজিক অতি শক্তিশালী । টিজাৰৰ ভিজুৱেল আৰু ভিএফএক্সে দৰ্শকক আকৰ্ষিত কৰিছে । ৰণবীৰ কাপুৰে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰিছে । লক্ষ্মণ আৰু সীতাৰ চৰিত্ৰ টিজাৰত ম্লান হৈ পৰিছে । এই টিজাৰ সম্পূৰ্ণ ৰামক কেন্দ্ৰ কৰি মুকলি কৰা হৈছে । যদিও টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায়, তথাপিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই ।

টিজাৰ মুক্তি পোৱাৰ পিছতে পৰিচালক নিতেশ তিৱাৰীয়ে কয়, “‘ৰামায়ণ’ৰ মহত্ত্ব ইয়াৰ আৱেগৰ গভীৰতাত নিহিত হৈ আছে । ই কেৱল ভাল বেয়াৰ মাজৰ যুদ্ধ নহয়, বৰঞ্চ আমাৰ সিদ্ধান্ত, ইয়াৰ পৰিণতি আৰু উচিত কাম কৰাৰ দায়িত্বৰ বিষয়েও কয় । ৰামৰ যাত্ৰা গভীৰভাৱে মানৱীয় আৰু আমি এই কথাটো সততাৰে চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছো ।”

ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ সন্দৰ্ভত ৰণবীৰ কাপুৰে কয়, “মই নাভাবো যে মই ইয়াত ৰামক চিত্ৰিত কৰিবলৈ আহিছো । মই ইয়াত শিকিবলৈ আহিছো । তেওঁৰ এটা সৰলতা আৰু বিশুদ্ধতা আছে যিটো খুব কমেইহে দেখা যায় আৰু বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক অতি ভাল অভিজ্ঞতা ।”

উল্লেখ্য য়ে, চলিত বছৰৰ দেৱালীত এই ছবিখনে মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে মাতৃ হ’ল সোণম কাপুৰ; শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট

১০ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব দীপিকা-ৰণবীৰ কাপুৰক…

১০ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব দীপিকা-ৰণবীৰ কাপুৰক

বিগত কেইমাহমানৰ পৰা বিভিন্ন কাৰণত দীপিকা পাডুকনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।কন্যা দুৱাৰ জন্মৰ পৰাই ডাঙৰ পৰ্দাৰ পৰা আঁতৰি আছে অভিনেত্ৰী গৰাকী।

ইফালে শ্বাহৰুখ খানৰ ‘কিং’ত প্ৰৱেশৰ কথা ঘোষণা কৰি এতিয়া দীপিকাক লৈ এক নতুন খবৰ আহিছে।১০ বছৰৰ পাছত পুনৰ এতিয়া ৰণবীৰ কাপুৰৰ সৈতে দীপিকা পাডুকনক পৰ্দা শ্বেয়াৰ কৰা দেখা যাব বুলি চৰ্চা চলিছে।

‘তমাছা’ (২০১৫)ৰ পাছত ৰণবীৰ আৰু দীপিকাক কোনো ছবিতে একেলগে দেখা পোৱা নাই।‘ব্ৰহ্মাস্ত্ৰ’ত দীপিকাৰ কেমিঅ’ আছিল যদিও ৰণবীৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা পোৱা নগ’ল।

এতিয়া খবৰ অনুসৰি অয়ন মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত এখন নতুন ছবিত দীপিকা আৰু ৰণবীৰক একেলগে দেখা যাব ।

ক্লাছিক ছবি ‘চোৰী চোৰী’ৰ পৰা অনুপ্ৰাণিত হৈ এখন ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে অয়ন মুখাৰ্জীয়ে।এই ছবিখনত অয়ন মুখাৰ্জীয়ে দীপিকা পাডুকনক ৰণবীৰ কাপুৰৰ বিপৰীতে অভিনয় কৰাৰ সিদ্ধান্ত লৈছে।

এই ৰোমান্টিক ছবিখন তেওঁ এটা লঘু কাহিনীৰে উপস্থাপন কৰিব বিচাৰিছে,য’ত প্ৰেম, সংঘাত আৰু আৱেগৰ সমন্বয় দেখা যাব।

ৰণবীৰ-দীপিকাৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীয়ে দৰ্শকক আকৰ্ষণ কৰাত সদায় সফল হৈ আহিছে।এতিয়া এই খবৰ পোহৰলৈ অহাৰ পিছতে দুয়োকে একেলগে চাবৰ বাবে আশাৰে বাট চাইছে অনুৰাগী সকল।

লগতে পঢ়ক: কিয়াৰা-সিদ্ধাৰ্থই প্ৰকাশ কৰিলে কন্যাৰ নাম; শ্বেয়াৰ কৰিলে প্ৰথমখন ফটো

 অপেক্ষাৰ অন্ত; মুক্তি পালে ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ টিজাৰ

মুক্তি পালে ৰণবীৰ কাপুৰৰ ‘ৰামায়ণ’ৰ টিজাৰ

বহু অপেক্ষাৰ অন্তত অৱশেষত মুক্তি পালে ৰণবীৰ কাপুৰৰ ছবি ‘ৰামায়ণ’ৰ ফাৰ্ষ্ট লুক।ইয়াৰ লগতে মেকাৰসকলে অনুৰাগীসকলকো এটা চমক দিছে।

ছবিখনৰ প্ৰথম টিজাৰ মুকলি কৰা হয়, য’ত কোৱা হৈছে যে ছবিখনৰ নাম আচলতে ‘ৰামায়ণম’।ইয়াৰ ইংৰাজী নামRamayana হয়।

টিজাৰত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ আৰু ৰাৱনৰ চৰিত্ৰত ৰকিং ষ্টাৰ যশৰ প্ৰথম আভাস দেখিবলৈ পোৱা  পাব।

টিজাৰটোৰ আৰম্ভ এ আৰ ৰহমানৰ সংগীতেৰে হৈছে।এই কাহিনীটো সেই সময়ৰ, যেতিয়া সময়ৰ কোনো লেখ-জোখ নাছিল।বিশ্বব্ৰহ্মাণ্ডৰ ভাৰসাম্য ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনি শক্তিৰ হাতত আছিল।

এই তিনিজনৰ বাবেই দেৱতা, ঋষি, মানুহ আৰু অসুৰ সকলোৱে শান্তিৰে বাস কৰিছিল।কিন্তু এই ভাৰসাম্যৰ মাজতে কেতিয়াও দেখা নোপোৱাকৈ এটা শক্তি উত্থান ঘটে।

যেতিয়া টিজাৰ শেষ হোৱা যেন লাগে, তেতিয়াই ৰকিং ষ্টাৰ যশৰ ৰাৱনৰ অৱতাৰৰ আভাস দেখিবলৈ পোৱা গৈছে। তাৰ পিছতেই ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ কাপুৰক দেখিবলৈ পোৱা যায়। যিয়ে কাড়-ধেনুৰ সৈতে গছত উঠা দেখিবলৈ পোৱা গৈছে।

নমিত মালহোত্ৰাৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ৰামায়াণমত ৰণবীৰ কাপুৰ আৰু যশৰ উপৰি দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে মা সীতাৰ চৰিত্ৰত অভিনয় কৰিছে।

হনুমানৰ চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে।পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখন দুটা ভাগত মুক্তি পাব,ইয়াৰ প্ৰথম খণ্ড ২০২৬ চনৰ দীপাৱলীত আৰু দ্বিতীয় খণ্ড ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব।

লগতে পঢ়ক: ভাৰতে দেখুৱালে নম্ৰতা; পাকিস্তানী চেনেল আৰু চেলিব্ৰিটিৰ ছ’চিয়েল মিডিয়া একাউণ্ট পুনৰ সক্ৰিয়

ৰণবীৰ কাপুৰ আৰু বিকি কৌশলে খেলিব নেকি চোৰ-পুলিচৰ খেল? ধুম ৪ কলৈ ডাঙৰ খবৰ

ধুম ৪ ক লৈ ৰণবীৰ কাপুৰৰ নাম প্ৰথমৰে পৰাই শিৰোনামত আছে। খবৰ আহিছে যে অভিনেতাজনে শীঘ্ৰেই এই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব পাৰে। একে সময়তে, এতিয়া এই ছবিখনক লৈ আন এটা নামও চৰ্চালৈ আহিছে।

জানিব পৰা মতে বিকি কৌশলেও অভিনয় কৰিব পাৰে।অৱশ্যে অভিনেতাজনক লৈ এতিয়াও কোনো নিশ্চিয়তা হোৱা নাই।

আদিত্য চোপ্ৰাই এই একচন ছবিখনত বিকি কৌশলক কাষ্ট কৰিব বিচাৰে।আদিত্যই ৱাইআৰএফ স্পাই ইউনিভাৰ্ছ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।ছবিখনত তেওঁলোকে কিছুমান নতুন মুখ আনিব বিচাৰিছে।

আদিত্যই বিশ্বাস কৰে যে বিকিৰ আগমনৰ পিছত, ছবিখনত অধিক আকৰ্ষণ আৰু শক্তি থাকিব। অৱশ্যে, এই সকলোবোৰ এতিয়াও পৰিকল্পনা পৰ্যায়ত চলি আছে।

এইটোও খবৰ পোৱা গৈছে যে ৰণবীৰ কাপুৰক ছবিখনত খলনায়ক হিচাপে চুক্তিবদ্ধ কৰা হৈছে। একে সময়তে, আদিত্যই এজন আৰক্ষীৰ চৰিত্ৰৰ বাবে বিকিৰ কাষ চাপিছে।

ইতিমধ্যে এপ্ৰিল ২০২৬ লৈকে বিকিৰ সময় নাই বুলি জানিব পৰা গৈছে।  সেয়েহে, বিকি আৰু আদিত্য এতিয়াও এই সন্দৰ্ভত আলোচনাত আছে।    

২৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৰাহা কাপুৰৰ বাংলো; ‘মান্নাত’ আৰু ‘জলচা’কো পেলালে চেৰ

বলীউডৰ তাৰকাসকলৰ উজ্জ্বল পৃথিৱীৰ উন্মাদনা প্ৰায়ে অনুৰাগীসকলৰ ক্ষেত্ৰত দেখা যায়। চলচ্চিত্ৰ তাৰকাৰ ঘৰৰ পৰা দামী গাড়ীলৈকে, প্ৰায়ে আলোচনাৰ বিষয় হয়।

আজিও বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনৰ বাংলোবোৰ অনুৰাগীৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল ঘৰটোৰ গৰাকী হ’ল শ্বাহৰুখ খান।

কিন্তু এতিয়া এই অভিলেখটো সোনকালেই ভংগ হ’বলৈ গৈ আছে। ৰণবীৰ কাপুৰৰ প্ৰিয় ৰাহা কাপুৰৰ বিলাসী ঘৰটো সম্পূৰ্ণ হৈছে।

প্ৰায় ২৫০কোটি টকা ব্যয়েৰে নিৰ্মিত, এই ঘৰটো বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল হ’ব। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই ঘৰটো তেওঁলোকৰ আইতা কৃষ্ণ কাপুৰৰ নামেৰে নামাকৰণ কৰিছে।

অৱশ্যে, এই ঘৰটোৰ মালিকীস্বত্ব ৰাহাৰ নামত আছে বুলি কোৱা হৈছে। এই ঘৰটোৰ মূল্য শ্বাহৰুখ খানৰ বাংলো ‘মান্নাত’ আৰু অমিতাভ বচ্চনৰ বাংলো ‘জলচা’তকৈ বেছি হ’ব। এই ঘৰটো প্ৰায় সাজু হৈ উঠিছে।

ৰণবীৰ কাপুৰক অলপতে তেওঁৰ পত্নী আলিয়া ভট্ট, জীয়ৰী ৰাহা আৰু মাতৃ নীতুৰ সৈতে ঘৰটোত দেখা গৈছিল।এই তাৰকাসকলৰ ইয়ালৈ অহাৰ ভিডিঅ’বোৰো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

ঘৰটোৰ বাহিৰটো ধূসৰ আৰু অফ-হোৱাইট, ডাঙৰ খিৰিকী আৰু বেলকনিৰে ভৰ্তি। এই ৬ মহলীয়া ভৱনটো এতিয়া ৰণবীৰ আৰু আলিয়া ভাটৰ নতুন বাসস্থান হ’ব পাৰে।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বৰ্তমান সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘লাভ এণ্ড ৱাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ছবিখনত মুখ্য চৰিত্ৰত বিকি কৌশলেও অভিনয় কৰিছে।