'দিল্লীত ঘূৰি ফুৰাৰ অৰ্থ এটা দিনত ৫০ টা চিগাৰেট খোৱাৰ দৰে’; সাংসদ সুপ্ৰিয়া চুলেৰ বিস্ফোৰক মন্তব্য

‘দিল্লীত ঘূৰি ফুৰাৰ অৰ্থ এটা দিনত ৫০ টা চিগাৰেট খোৱাৰ দৰে’; সাংসদ সুপ্ৰিয়া চুলেৰ বিস্ফোৰক মন্তব্য

সাংসদ সুপ্ৰিয়া চুলেৰ বিস্ফোৰক মন্তব্য,’দিল্লীত ঘূৰি ফুৰাৰ অৰ্থ এটা দিনত ৫০ টা চিগাৰেট খোৱাৰ দৰে’ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ বিষয়টোক লৈ সদনত ধাৰাবাহিকভাৱে হুলস্থুলৰ সৃষ্টি হৈছে।বুধবাৰেও সংসদত প্ৰদূষণৰ বিষয়টো উত্থাপন কৰা হয়। দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি লোকসভাত এক বিস্ফোৰক মন্তব্য কৰিছে এন

সাংসদ সুপ্ৰিয়া চুলেৰ বিস্ফোৰক মন্তব্য,’দিল্লীত ঘূৰি ফুৰাৰ অৰ্থ এটা দিনত ৫০ টা চিগাৰেট খোৱাৰ দৰে’

ৰাজধানী দিল্লীত বায়ু প্ৰদূষণৰ বিষয়টোক লৈ সদনত ধাৰাবাহিকভাৱে হুলস্থুলৰ সৃষ্টি হৈছে।বুধবাৰেও সংসদত প্ৰদূষণৰ বিষয়টো উত্থাপন কৰা হয়।

দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি লোকসভাত এক বিস্ফোৰক মন্তব্য কৰিছে এন চি পি (এছ পি)ৰ সাংসদ সুপ্ৰিয়া চুলে

সুপ্ৰিয়াই কয় যে,দিল্লী ভ্ৰমণ কৰাটো দিনটোত ৫০টা চিগাৰেট খোৱাৰ দৰেই।সাংসদ গৰাকীয়ে চৰকাৰক আবেদন জনাই যে,দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাংসদসকলৰ সহযোগিতা লোৱা উচিত।

সদনত সাংসদ গৰাকীয়ে কয় যে,‘দিল্লীত ঘূৰি ফুৰাটো দিনটোত ৫০টা চিগাৰেট খোৱাৰ দৰেই।পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ জীক সাংসদসকলৰ সৈতে কথা পাতি কি কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনোৱা হৈছে।”

তেওঁ সদনত কেন্দ্ৰীয় আবকাৰী (সংশোধনী) বিধেয়ক, ২০২৫ সন্দৰ্ভত আলোচনাৰ সময়ত এই মন্তব্য কৰে ।ছুলেই কয় যে বায়ু প্ৰদূষণৰ বিষয়টো মনোযোগ দিয়াৰ প্ৰয়োজন।

বুধবাৰে পুৱাও ৰাজধানী দিল্লীত প্ৰদূষণৰ বাবে পৰিস্থিতি বেয়া হৈয়েই আছে।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি,বুধবাৰে দিল্লীৰ একিউআই ৩৩৫ত ৰেকৰ্ড কৰা হয়, যিটো অতি বেয়া শাখাত আছিল।

লগতে পঢ়ক: ২০২৭ৰ লোকপিয়লত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

শেহতীয়া প্ৰৱন্ধসমূহ