কাৰাগাৰৰ পৰা ওলাই আহি ৰাজপাল যাদৱে আৰম্ভ কৰিছে নতুন ইনিংছ; খুলিলে ইউটিউব চেনেল

কাৰাগাৰৰ পৰা ওলাই আহি ৰাজপাল যাদৱে আৰম্ভ কৰিছে নতুন ইনিংছ;  খুলিলে ইউটিউব চেনেল

ৰাজপাল যাদৱে তেওঁৰ অনুৰাগী সকলৰ বাবে এক ভাল খবৰ দিছে। অভিনেতা গৰাকীয়ে নিজাকৈ ইউটিউব চেনেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে। বলীউডৰ আটাইতকৈ প্ৰিয় কমিক অভিনেতা ৰাজপাল যাদৱ এতিয়া পুনৰ কামত লাগিছে।তেওঁ নিজৰ ছবিৰ শ্বুটিং আৰম্ভ কৰিছে,যাৰ বাবে তেওঁৰ অনুৰাগীসকল অতি সুখী। প্ৰায় ১২ দিন তিহাৰ

ৰাজপাল যাদৱে তেওঁৰ অনুৰাগী সকলৰ বাবে এক ভাল খবৰ দিছে। অভিনেতা গৰাকীয়ে নিজাকৈ ইউটিউব চেনেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

বলীউডৰ আটাইতকৈ প্ৰিয় কমিক অভিনেতা ৰাজপাল যাদৱ এতিয়া পুনৰ কামত লাগিছে।তেওঁ নিজৰ ছবিৰ শ্বুটিং আৰম্ভ কৰিছে,যাৰ বাবে তেওঁৰ অনুৰাগীসকল অতি সুখী।

প্ৰায় ১২ দিন তিহাৰ কাৰাগাৰত কটোৱাৰ পিছত অভিনেতাগৰাকীৰ জীৱনত লাহে লাহে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে।

ৰাজপাল যাদৱে কিছুদিন পূৰ্বে তেওঁৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগী আৰু প্ৰশংসকক ধন্যবাদ জনাইছিল,যিসকলে কঠিন সময়ত তেওঁক সহায় কৰিছিল।

অভিনেতাজনে তেওঁলোকক আশ্বাস দিয়ে যে তেওঁ সদায় দৰ্শকক মনোৰঞ্জন দি থাকিব।এতিয়া যেন ৰাজপালে নিজৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত প্ৰথম পদক্ষেপ লৈছে।

ইনষ্টাগ্ৰামত এটা নতুন ভিডিঅ’ পোষ্ট কৰি নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে ৰাজপালে।অভিনেতা গৰাকীয়ে ‘ৰাজপাল নৌৰাং যাদৱ’, ২০২০ নামেৰে এটা ইউটিউব চেনেল খুলিছে।য’ত তেওঁ মনোৰঞ্জনৰ সম্পূৰ্ণ মাত্ৰা প্ৰদান কৰিবলৈ ওলাইছে।ৰাজপাল যাদৱে ৰাইজৰ ওচৰত সমৰ্থনৰ বাবে আবেদন জনাইছে।

লগতে পঢ়ক: বিবাহৰ ২৭ বছৰ পিছত ফাট; থালাপথী বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমৰ বিবাহ বিচ্ছেদৰ আবেদন