ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল নাগপুৰ, ১৫ জনৰ সৈতে শোকাৱহ ঘটনা

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল নাগপুৰ, ১৫ জনৰ সৈতে শোকাৱহ ঘটনা

নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত বিস্ফোৰণত ১৫ জন লোক নিহত হয় মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ১৫ জন লোক নিহত হয় । এই ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হয় ।

নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত বিস্ফোৰণত ১৫ জন লোক নিহত হয়

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ১৫ জন লোক নিহত হয় । এই ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে জনোৱা মতে, এটা বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত ১৫ জন লোক নিহত হয় ।

খবৰ অনুসৰি কাতোলৰ ৰাউলগাঁৱৰ খনন আৰু উদ্যোগিক বিস্ফোৰক প্ৰস্তুত কৰা কোম্পানী এছ বি এল এনাৰ্জি লিমিটেডৰ কাৰখানাত সংঘটিত হয় এই বিস্ফোৰণ । জানিব পৰা মতে, কোম্পানীটোৰ ডিটনেটৰ পেকিং ইউনিটত পুৱা ৭ বজাৰ পৰা ৭:১৫ বজাৰ ভিতৰত সংঘটিত হয় এই কাণ্ড ।

আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ লগে লগে আহতসকলক নাগপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নাগপুৰ গ্ৰাম্যৰ আৰক্ষী অধীক্ষকে কয় যে এছ বি এল এনাৰ্জি লিমিটেডৰ বিস্ফোৰণত ১৫ জন লোক নিহত হোৱাৰ লগতে ১৮ জন গুৰুতৰভাৱে আহত হয় । কোম্পানীটোৰ এজন বিষয়াই কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু তেওঁলোকে শীঘ্ৰেই এক বিবৃতি প্ৰকাশ কৰিব ।

লগতে পঢ়ক : আজিৰে পৰা দেশত সলনি হ’ব ৫টা ডাঙৰ নিয়ম!

শেহতীয়া প্ৰৱন্ধসমূহ