ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল নাগপুৰ, ১৫ জনৰ সৈতে শোকাৱহ ঘটনা

নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত বিস্ফোৰণত ১৫ জন লোক নিহত হয়

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ১৫ জন লোক নিহত হয় । এই ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে জনোৱা মতে, এটা বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত ১৫ জন লোক নিহত হয় ।

খবৰ অনুসৰি কাতোলৰ ৰাউলগাঁৱৰ খনন আৰু উদ্যোগিক বিস্ফোৰক প্ৰস্তুত কৰা কোম্পানী এছ বি এল এনাৰ্জি লিমিটেডৰ কাৰখানাত সংঘটিত হয় এই বিস্ফোৰণ । জানিব পৰা মতে, কোম্পানীটোৰ ডিটনেটৰ পেকিং ইউনিটত পুৱা ৭ বজাৰ পৰা ৭:১৫ বজাৰ ভিতৰত সংঘটিত হয় এই কাণ্ড ।

আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ লগে লগে আহতসকলক নাগপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নাগপুৰ গ্ৰাম্যৰ আৰক্ষী অধীক্ষকে কয় যে এছ বি এল এনাৰ্জি লিমিটেডৰ বিস্ফোৰণত ১৫ জন লোক নিহত হোৱাৰ লগতে ১৮ জন গুৰুতৰভাৱে আহত হয় । কোম্পানীটোৰ এজন বিষয়াই কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু তেওঁলোকে শীঘ্ৰেই এক বিবৃতি প্ৰকাশ কৰিব ।

লগতে পঢ়ক : আজিৰে পৰা দেশত সলনি হ’ব ৫টা ডাঙৰ নিয়ম!

ঔৰংজেৱ বিতৰ্কৰ পিছত নাগপুৰত হিংসাত্মক পৰিস্থিতি…দুটা গোটৰ মাজত সংঘৰ্ষত আহত কেইবাজনো আৰক্ষী

ঔৰংজেবৰ সমাধিক লৈ নাগপুৰত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে । বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনে ধাৰাবাহিকভাৱে কবৰটো আঁতৰোৱাৰ দাবী উত্থাপন কৰি আহিছে । তেওঁলোকৰ দাবীৰ সমৰ্থনত সোমবাৰে পুৱা নাগপুৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । প্ৰতিবাদৰ সময়ত একাংশ সংগঠনে প্ৰতীকীভাৱে ঔৰংজেবৰ ‘কবৰ’ দাহ কৰে । ইয়াৰ পিছত সংঘটিত হয় হিংসাত্মক পৰিস্থিতি । এই ঘটনাত একাংশ আৰক্ষী জোৱানো আহত হয় ।

দাহ কৰাৰ সময়ত ব্যৱহাৰ কৰা চাদৰখনক লৈ বিতৰ্কৰ সৃষ্টি হয়, কিয়নো মুছলমান সম্প্ৰদায়ে দাবী কৰিছিল যে সেই চাদৰখনত ধৰ্মীয় কথা লিখা আছিল, যিয়ে তেওঁলোকৰ আৱেগক আঘাত কৰা বুলি অভিযোগ কৰিছে । ইয়াৰ বাবেই নগপুৰৰ মহল এলেকাত শিৱাজী প্ৰতিমূৰ্তিৰ সন্মুখত মুছলমান সম্প্ৰদায়ৰ লোকে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

বজৰং দলৰ কৰ্মীৰ বিৰুদ্ধে অভিযোগ!

পৰিস্থিতি নিয়ন্ত্ৰণ কৰি নাগপুৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক তাৰ পৰা ছত্ৰ ভংগ দিয়াই । কিন্তু ইয়াৰ পিছতে মুছলমান সম্প্ৰদায়ৰ একাংশ লোক গণেশ পেঠ থানাত উপস্থিত হৈ বজৰং দলৰ কৰ্মীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে যিকোনো সংঘৰ্ষ প্ৰতিহত কৰিবলৈ শিৱাজী প্ৰতিমূৰ্তিৰ চাৰিওফালে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ।

সন্ধিয়ালৈ দুয়োটা গোটৰ মাজত পৰিস্থিতি আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে । দুয়োপক্ষৰ মাজত হোৱা বিবাদ সংঘৰ্ষলৈ পৰিণত হয় । এই সময়ছোৱাত ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতিৰ অভিযোগ উত্থাপন হৈছে আৰু কিছুমান ঠাইত অগ্নিসংযোগো সংঘটিত হৈছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰি উত্তেজিত লোকক ছত্ৰভংগ দিয়াই ।

হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত মোতায়েন RAF-

আৰক্ষীৰ তীব্ৰ নিৰাপত্তাৰ অধীনত হিংসাত্মক অঞ্চলসমূহত ৰেপিড একচন ফৰ্চ মোতায়েন কৰা হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে অধিক ক্ষতি ৰোধ কৰিবলৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে এতিয়া এই হিংসাত্মক ঘটনাৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ কাম কৰি আছে ।

শান্তিৰ বাবে আবেদন জনাইছে নীতিন গাডকাৰীয়ে-

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে নাগপুৰবাসীক শান্তি বজাই ৰাখিবলৈ আৰু আইন মানি চলিবলৈ আহ্বান জনাইছে । এনে ঘটনাই মহানগৰীৰ শান্তি আৰু সম্প্ৰীতি বিঘ্নিত কৰে বুলিও তেওঁ কয় । উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ স্থানীয় প্ৰশাসনে আহ্বান জনাইছে ।

মাজ আকাশতে অঘটন; বাংলাদেশী বিমানৰ নাগপুৰত জৰুৰী অৱতৰণ

বাংলাদেশৰ এয়াৰলাইন ‘বিমান বাংলাদেশ’ৰ এখন বিমানে মহাৰাষ্ট্ৰৰ নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে।

জানিব পৰা মতে বাংলাদেশী বিমানখনত হঠাৎ ধোঁৱা দেখা পোৱাৰ পিছত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰা হৈছিল। বিমানখন বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা ডুবাইলৈ উৰা মাৰিছিল।

নাগপুৰ বিমানবন্দৰৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, কাৰিকৰী সমস্যাৰ বাবে বাংলাদেশী বিমানখনৰ পথ সলনি কৰা হৈছিল আৰু বুধবাৰে নিশা ১০:৪৫ বজাত জৰুৰীকালীন অৱস্থাত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰিব লগা হৈছিল।

অৱশ্যে, বিষয়াসকলে বৃহস্পতিবাৰে জনাইছিল যে পুংখানুপুংখ অনুসন্ধানৰ পিছত, বিমানখনত কোনো জুই নাছিল বুলি গম পোৱা গৈছে।

তথ্য অনুসৰি, বাংলাদেশী বিমানখনত হঠাৎ ফায়াৰ এলাৰ্ম বাজি উঠিছিল, যাৰ পিছত পাইলটজন সতৰ্ক হৈ পৰিছিল।

পিছত পাইলটজনে বিমানবন্দৰ অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰক অৱগত কৰিছিল আৰু চিষ্টেম অপাৰেচন কমাণ্ড চেণ্টাৰকো সতৰ্ক কৰিছিল।

ঢাকাৰ পৰা ডুবাইলৈ যোৱা বিমানখনত ৩৯৬ জন যাত্ৰী আৰু ১২ জন কৰ্মচাৰী আছিল। যাত্ৰী আৰু কৰ্মচাৰী সকলোকে বিমানখনৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছিল।

তাৰ পিছত, বিমানখনত ৰখা লাগেজো আনলোড কৰা হৈছিল। পিছত, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে বিমানখন পৰীক্ষা কৰিছিল কিন্তু কোনো অগ্নিকাণ্ডৰ ঘটনা পোৱা নগ’ল।