নদীৰ বুকুত উটি গ’ল ৩,০০০ এলপিজি চিলিণ্ডাৰ, প্ৰশাসনৰ জৰুৰী সতৰ্কবাণী!

প্লাণ্টটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বাবে তাত মজুত থকা প্ৰায় ৩,০০০ এলপিজি চিলিণ্ডাৰ পাতালগংগা নদীৰ তীব্ৰ সোঁতত উটি গৈছে

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতিয়ে এতিয়া এক ভয়ানক ৰূপ ধাৰণ কৰিছে । জিলাখনত অৱস্থিত হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেচন লিমিটেড (HPCL)ৰ পাতালগংগা এলপিজি বটলিং প্লাণ্টত পানী সোমোৱাত এক অভাৱনীয় ঘটনা সংঘটিত হৈছে । প্লাণ্টটো সম্পূৰ্ণৰূপে জলমগ্ন হোৱাৰ বাবে তাত মজুত থকা প্ৰায় ৩,০০০ এলপিজি চিলিণ্ডাৰ পাতালগংগা নদীৰ তীব্ৰ সোঁতত উটি গৈছে । এই চিলিণ্ডাৰসমূহৰ ভিতৰত গেছ ভৰ্তি আৰু খালী- দুয়োবিধ চিলিণ্ডাৰেই আছিল বুলি জানিব পৰা গৈছে ।

নদীৰ বুকুত হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ উটি যোৱা এই দৃশ্যই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে নদীৰ পাৰৰ বাসিন্দাসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ।

জিলাধিপতিৰ জৰুৰী আহ্বান: চিলিণ্ডাৰ স্পৰ্শ নকৰিব!

ৰায়গড় জিলাৰ জিলাধিপতিয়ে স্থানীয় ৰাইজক উদ্দেশ্যি এক বিশেষ অনুৰোধ জনাইছে । তেওঁ কয় যে নদীৰ পাৰত বা সুঁতিত উটি অহা কোনো চিলিণ্ডাৰেই যেন কোনো লোকে স্পৰ্শ নকৰে, তুলি নলয় অথবা নিজৰ ঘৰলৈ লৈ নাযায় ।

ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া: ‘পুষ্পা ৩.০’ৰ সৈতে তুলনা

এই চাঞ্চল্যকৰ ঘটনাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত বহুলভাৱে ভাইৰেল হৈ পৰিছে । ‘এক্স’ (পূৰ্বৰ টুইটাৰ) মাধ্যমৰ এজন ব্যৱহাৰকাৰীয়ে নদীৰ পানীত চিলিণ্ডাৰ উটি যোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰি ইয়াক চলচ্চিত্ৰ ‘পুষ্পা’ৰ দৃশ্যৰ সৈতে তুলনা কৰিছে । তেওঁ লিখিছে- “এয়া একেবাৰে ‘পুষ্পা ৩.০’ৰ দৰে দৃশ্য । মহাৰাষ্ট্ৰৰ বানপানীৰ পানী গেছ চিলিণ্ডাৰৰ গুডাম পালেগৈ । কেৱল পাৰ্থক্য ইয়াতেই যে ইয়াত চন্দনে কাঠ নহয়, বৰঞ্চ এলপিজি চিলিণ্ডাৰহে উটি গৈছে ।”

কেৱল ধেমালি বা কৌতূকতে ক্ষান্ত থকা নাই নেটিজেনসকল । বহুতে এই ঘটনাক লৈ চৰকাৰী ব্যৱস্থা আৰু সুৰক্ষা পৰিকল্পনাক তীব্ৰ সমালোচনা কৰিছে । বৰ্তমান প্ৰশাসন আৰু HPCL কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে নদীৰ বুকুত উটি যোৱা চিলিণ্ডাৰসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে । বান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নোযোৱা পৰ্যন্ত নদীৰ কাষৰীয়া অঞ্চলৰ লোকসকলক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : প্ৰকৃতিৰ সংহাৰী ৰূপ! ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনত স্তব্ধ জনজীৱন

১৫ বছৰৰ অন্তত ন্যায়: ৯ আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

এজন প্ৰাক্তন থানা প্ৰভাৰীসহ ৯ গৰাকী আৰক্ষী কৰ্মীক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে

মহাৰাষ্ট্ৰৰ ৱাশ্বিম জিলা আদালতৰ এক ঐতিহাসিক ৰায় । আৰক্ষীৰ জিম্মাত হোৱা এক নিৰ্মম হত্যাকাণ্ডৰ গোচৰত আদালতৰ মজিয়াত দোষী সাব্যস্ত হ’ল খাকী পোছাকধাৰী । এজন প্ৰাক্তন থানা প্ৰভাৰীসহ ৯ গৰাকী আৰক্ষী কৰ্মীক আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে । ১৫ বছৰীয়া এক দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত ন্যায় পালে এজন দুৰ্ভগীয়া মৃত যুৱকৰ বৃদ্ধ পিতৃ-মাতৃয়ে ।

নিশা ৩ বজাত ঘৰৰ পৰা উঠাই আনিছিল আৰক্ষীয়ে

এই জঘন্য ঘটনাটো সংঘটিত হৈছিল আজিপৰা প্ৰায় ১৫ বছৰ পূৰ্বে, ১০ মে’ত মহাৰাষ্ট্ৰৰ ৰিচোড আৰক্ষী থানাত । আৰক্ষীয়ে নিশা প্ৰায় ৩ বজাত পাৰ্ধী সম্প্ৰদায়ৰ বেগ্যা পাৱাৰ নামৰ এজন যুৱকক কেৱল সোধা-পোছা কৰাৰ নামত তেওঁৰ ঘৰৰ পৰা উঠাই আনিছিল । কিন্তু থানালৈ অনাৰ পিছতেই আৰক্ষীৰ লোকসকলে যুৱকজনৰ ওপৰত চলাইছিল অমানুষিক অত্যাচাৰ । জিম্মাতে নিৰ্মম প্ৰহাৰৰ ফলত থিতাতে মৃত্যু হৈছিল নিৰ্দোষ যুৱকজনৰ । জানিব পৰা মতে, মৃত যুৱকজনৰ বিৰুদ্ধে পূৰ্বৰ কোনো অপৰাধমূলক ৰেকৰ্ড নাছিল আৰু ঘটনাৰ মাত্ৰ এবছৰ পূৰ্বেহে তেওঁৰ বিবাহ সম্পন্ন হৈছিল ।

এজাহাৰ ল’বলৈ অমান্তি হৈছিল আৰক্ষী

পুত্ৰৰ আকস্মিক মৃত্যুৰ পিছত যেতিয়া বৃদ্ধ পিতৃ-মাতৃয়ে ন্যায় বিচাৰি ৰিচোড আৰক্ষী থানাত উপস্থিত হৈছিল, তেতিয়া তেওঁলোকক সহযোগিতা কৰাৰ বিপৰীতে খেদিহে পঠিওৱা হৈছিল । আনকি যিগৰাকী থানা প্ৰভাৰীৰ নাম এজাহাৰত আছিল, তেওঁ নিজেই গোচৰ ৰুজু কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল । যুৱকজন পাৰ্ধী সম্প্ৰদায়ৰ হোৱাৰ বাবে এই ঘটনাৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিবাদ আৰু গণ-বিক্ষোভ গঢ়ি উঠিছিল । পৰৱৰ্তী সময়ত মৰণোত্তৰ আৰু চিকিৎসা পৰীক্ষাত প্ৰকাশ পাইছিল যে আৰক্ষীৰ মাৰধৰৰ ফলত যুৱকজনৰ শৰীৰৰ কেইবাডালো গুৰুত্বপূৰ্ণ হাড় ভাঙি গৈছিল ।

চিআইডি-ৰ সূক্ষ্ম তদন্ত আৰু চাৰ্জশ্বীট

গোচৰটোৰ গুৰুত্ব আৰু সংবেদনশীলতা লক্ষ্য কৰি ইয়াৰ তদন্তৰ দায়িত্ব চিআইডি বিষয়া আনৱাৰ শ্বেখক অৰ্পণ কৰা হয় । চিআইডি বিষয়াগৰাকীয়ে অত্যন্ত সততা আৰু সূক্ষ্মতাৰে ঘটনাৰ প্ৰতিটো দিশ পৰীক্ষা কৰি আদালতত এক শক্তিশালী অভিযোগনামা দাখিল কৰে । এই চাৰ্জশ্বীটত বেগ্যা পাৱাৰৰ ওপৰত আৰক্ষী থানাত কেনেকৈ আৰু কিমান নৃশংসভাৱে থাৰ্ড ডিগ্ৰী প্ৰয়োগ কৰা হৈছিল, তাৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হৈছিল ।

১৫ বছৰৰ অন্তত কাৰাগাৰলৈ খাকী পোছাকধাৰী গুণ্ডা

ৱাশ্বিম জিলা সত্ৰ আদালতৰ ন্যায়াধীশ ঝাপাটেই সমগ্ৰ সাক্ষ্য-প্ৰমাণৰ ভিত্তিত ঐতিহাসিক ৰায়দান কৰি তদানীন্তন ৰিচোড থানাৰ প্ৰভাৰী মহাদেৱ মাণিক ধাণ্ডে আৰু আন ৮ গৰাকী আৰক্ষী কৰ্মীক দোষী সাব্যস্ত কৰে । উল্লেখ্য যে, এই ৯ জন অভিযুক্তৰ ভিতৰত দুজন আৰক্ষী কৰ্মীয়ে ইতিমধ্যে চাকৰিৰ পৰা অৱসৰো গ্ৰহণ কৰিছে । আদালতৰ ৰায়ৰ পিছতেই সকলোকে প্ৰথমে ৱাশ্বিম কাৰাগাৰ আৰু পৰৱৰ্তী সময়ত অমৰাৱতী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ইফালে আদালতৰ এই ৰায়দানৰ পিছত  কান্দি কান্দি সন্তোষ প্ৰকাশ কৰে যুৱকগৰাকীৰ বৃদ্ধ পিতৃ-মাতৃয়ে ।

লগতে পঢ়ক : স্কুল বাছৰ ওপৰত গছ বাগৰি ছাত্ৰৰ কৰুণ ঘটনা, হাহাকাৰ পৰিস্থিতি

‘কংগ্ৰেছৰ সৈতে একত্ৰিত নহয় এনচিপি-এছপি’; শৰদ পাৱাৰৰ স্পষ্ট মন্তব্য

শৰদ পাৱাৰৰ দল এন চি পি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ খবৰত যতি পেলাইছে শৰদ পাৱাৰে। শৰদ পাৱাৰে নিজেই এই জল্পনা-কল্পনাক খাৰিজ কৰিছে।

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সৈতে জড়িত এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। এনচিপি-এছ পি কংগ্ৰেছৰ সৈতে একত্ৰীকৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাইছে শৰদ পাৱাৰে। এনচিপি (শৰদচন্দ্ৰ পাৱাৰ)ৰ মুৰব্বী শৰদ পাৱাৰে তেওঁৰ দল কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ দাবীক খাৰিজ কৰিছে। শৰদ পাৱাৰে স্পষ্টকৈ কৈছে যে আমাৰ দলত কোনো বিভাজন হ’বলৈ যোৱা নাই আৰু দলটো কংগ্ৰেছৰ সৈতেও একত্ৰিত নহয়।

উল্লেখ্য যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিজয় ৱাডেট্টিৱাৰে দাবী কৰিছিল যে শৰদ পাৱাৰৰ গোটৰ এনচিপি অতি সোনকালে তেওঁলোকৰ দলৰ সৈতে একত্ৰিত হ’ব। কংগ্ৰেছ নেতাগৰাকীয়ে এই সন্দৰ্ভত হাইকমাণ্ডৰ সৈতে এনচিপি নেতাৰ বৈঠক দিল্লীত চলি আছে বুলি উল্লেখ কৰিছিল। অৱশ্যে এতিয়া শৰদ পাৱাৰে সেই সকলোবোৰ জল্পনা-কল্পনা নাকচ কৰিছে।

আচলতে মহাৰাষ্ট্ৰৰ ৰাজনীতিত বিগত কেইবাদিনো ধৰি এই চৰ্চা চলি আছিল যে শৰদ পাৱাৰে তেওঁৰ দলটো কংগ্ৰেছৰ সৈতে একত্ৰিত কৰিবলৈ গৈ আছে ।  উল্লেখ্য যে ১৯৯৯ চনত শৰদ পাৱাৰে কংগ্ৰেছ ত্যাগ কৰি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP) নামৰ এটা সুকীয়া দল গঠন কৰিছিল। অৱশ্যে ২০২৩ চনত এনচিপিত বিভাজন ঘটে। শৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে বিদ্ৰোহ কৰে আৰু এনচিপি তেওঁৰ হাতলৈ যায়। ইয়াৰ পিছত শৰদ পাৱাৰে এনচিপি (শৰদচন্দ্ৰ পাৱাৰ) গঠন কৰে। অজিত পাৱাৰৰ এনচিপি বিজেপিৰ নেতৃত্বাধীন ‘মহায়ুতি’ৰ অংশীদাৰ হোৱাৰ বিপৰীতে শৰদ পাৱাৰৰ এনচিপিয়ে বিৰোধী শিবিৰ ‘মহাৱিকাশ আঘাড়ী’ৰ পক্ষ লয়।

লগতে পঢ়ক: পশ্চিম বংগৰ টিএমচিৰ সাংসদ মহুৱা মৈত্ৰলৈ কণী নিক্ষেপ সমবেত জনতাৰ

বিয়াৰ নিমন্ত্ৰণী পত্ৰত বাধ্যতামূলক হ’ব দৰা-কইনাৰ জন্ম তাৰিখ

বিয়াৰ নিমন্ত্ৰণ পত্ৰত কিয় ছপা কৰিব লাগিব দৰা-কইনাৰ জন্ম তাৰিখ? জানক এই গুৰুত্বপূৰ্ণ খবৰটো-

বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিক সমূলঞ্চে নিৰ্মূল কৰাৰ লক্ষ্যৰে মহাৰাষ্ট্ৰ চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে । ৰাজ্যখনত এতিয়াৰে পৰা বিবাহৰ নিমন্ত্ৰণী পত্ৰত দৰা আৰু কইনাৰ জন্ম তাৰিখ ছপা কৰাটো বাধ্যতামূলক কৰাৰ কথা বিবেচনা কৰিছে চৰকাৰে । ৰাজ্যিক শিশু অধিকাৰ আয়োগৰ পৰামৰ্শ মৰ্মে এই প্ৰস্তাৱটো চৰকাৰে পৰীক্ষা-নিৰীক্ষা কৰি আছে ।

চৰকাৰৰ পৰিকল্পনা আৰু প্ৰস্তুতি

মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অদিতি টাটকাৰে বিধানসভাত এই কথা সদৰি কৰে । তেওঁ জনোৱা মতে, এই প্ৰস্তাৱটো কাৰ্যকৰী কৰাৰ পূৰ্বে গ্ৰামোন্নয়ন বিভাগ আৰু আইন বিভাগৰ সৈতে উচ্চস্তৰীয় পৰামৰ্শ চলাই থকা হৈছে । ইতিমধ্যে ৰাজস্থানত এই ব্যৱস্থা কাৰ্যকৰী হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰ চৰকাৰে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছে । প্ৰয়োজন হ’লে বৰ্তমানৰ আইনী কাঠামোত সংশোধনী অনাৰ কথাও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে ।

সক্ৰিয় হৈছে প্ৰশাসন

বাল্য বিবাহ নিষিদ্ধকৰণ আইন, ২০০৬-ৰ অধীনত ৰাজ্য চৰকাৰে বলবৎকৰণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিছে । জিলা আৰু গাওঁ পৰ্যায়ৰ শিশু সুৰক্ষা সমিতিৰ লগতে অংগনৱাড়ী কৰ্মীসকলে বাল্য বিবাহ ৰোধ কৰিবলৈ দিনে-নিশাই কাম কৰি আছে । ফলস্বৰূপে, বিগত কেইবছৰমানত বাল্য বিবাহ প্ৰতিৰোধৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে । চৰকাৰী তথ্য অনুসৰি, ২০২৪-২৫ বৰ্ষত ১,৪৯৫টা বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে প্ৰশাসনে ।

লক্ষ্য: ১০% ৰ তললৈ বাল্য বিবাহৰ হাৰ

বৰ্তমান মহাৰাষ্ট্ৰত বাল্য বিবাহৰ হাৰ ১৯.৬%, যিটো ৰাষ্ট্ৰীয় গড় ২০.১% তকৈ কিছু কম । অহা পাঁচ বছৰৰ ভিতৰত এই হাৰ ১০% ৰ তললৈ নমাই অনাটোৱেই চৰকাৰৰ মূল লক্ষ্য ।

লগতে পঢ়ক : ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

অন্ধকাৰ কুঁৱাই কাল হ’ল এটা পৰিয়ালৰ; মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা

মহাৰাষ্ট্ৰৰ নাছিকৰ ডিণ্ডোৰী অঞ্চলত এখন বাহন কুঁৱাত পৰি যোৱাৰ ফলত একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যু হয়।

মহাৰাষ্ট্ৰৰ নাছিক জিলাত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ’ কুঁৱাত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। পৰিয়ালটোৰ সকলো সদস্যই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ ওচৰতে থকা এটা কুঁৱাত পৰি যায়।

দুৰ্ঘটনাটোৰ ফলত পৰিয়ালটোৰ আটাইকেইজন সদস্যৰে মৃত্য হয়। নিহতসকলৰ ভিতৰত পুৰুষ-মহিলা সহ ৬টা শিশুও আছিল।নিহত সকলক  সুনীল দৰগুড়ে, তেওঁৰ পত্নী ৰেশ্মা, আশা অনিল দৰগুড়ে, ৰাখী, মাধুৰী, শ্ৰৱনী বুলি জানিব পৰা গৈছে। মৃত পৰিয়ালটি ইন্দোৰৰ বাসিন্দা আছিল।

লগতে পঢ়ক: কংগ্ৰেছ নেতা শশী থাৰুৰৰ কনভয়ত আক্ৰমণ; দুজন আহত

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল নাগপুৰ, ১৫ জনৰ সৈতে শোকাৱহ ঘটনা

নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত বিস্ফোৰণত ১৫ জন লোক নিহত হয়

মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । নাগপুৰ জিলাৰ কাতোলত বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত ১৫ জন লোক নিহত হয় । এই ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে জনোৱা মতে, এটা বিস্ফোৰক কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত ১৫ জন লোক নিহত হয় ।

খবৰ অনুসৰি কাতোলৰ ৰাউলগাঁৱৰ খনন আৰু উদ্যোগিক বিস্ফোৰক প্ৰস্তুত কৰা কোম্পানী এছ বি এল এনাৰ্জি লিমিটেডৰ কাৰখানাত সংঘটিত হয় এই বিস্ফোৰণ । জানিব পৰা মতে, কোম্পানীটোৰ ডিটনেটৰ পেকিং ইউনিটত পুৱা ৭ বজাৰ পৰা ৭:১৫ বজাৰ ভিতৰত সংঘটিত হয় এই কাণ্ড ।

আৰক্ষীয়ে জনোৱা মতে, বিস্ফোৰণৰ লগে লগে আহতসকলক নাগপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । নাগপুৰ গ্ৰাম্যৰ আৰক্ষী অধীক্ষকে কয় যে এছ বি এল এনাৰ্জি লিমিটেডৰ বিস্ফোৰণত ১৫ জন লোক নিহত হোৱাৰ লগতে ১৮ জন গুৰুতৰভাৱে আহত হয় । কোম্পানীটোৰ এজন বিষয়াই কয় যে উদ্ধাৰ অভিযান চলি আছে আৰু তেওঁলোকে শীঘ্ৰেই এক বিবৃতি প্ৰকাশ কৰিব ।

লগতে পঢ়ক : আজিৰে পৰা দেশত সলনি হ’ব ৫টা ডাঙৰ নিয়ম!

‘বিজেপি আৰু মহাযুতিৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰই’… প্ৰধানমন্ত্ৰী মোদী

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুতিয়ে আধিপত্য বিস্তাৰ কৰে । এই জয়ৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুতিয়ে আধিপত্য বিস্তাৰ কৰে । এই জয়ৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । সমাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আকৌ এবাৰ মহাৰাষ্ট্ৰই বিজেপি আৰু মহাযুতিক সমৰ্থন আগবঢ়াইছে । এইটো স্পষ্ট যে ৰাজ্যখনৰ জনসাধাৰণে, সমগ্ৰ গ্ৰাম্য আৰু নগৰীয়া মহাৰাষ্ট্ৰৰ ৰাইজে সুশাসন আৰু ৰাজ্যৰ গৌৰৱময় সংস্কৃতিৰ মনোভাৱেৰে কাম কৰা মিত্ৰজোঁট বিচাৰে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “মই মহাৰাষ্ট্ৰৰ মোৰ ভাই-ভনীসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো । তৃণমূলত তেওঁলোকৰ অক্লান্ত কৰ্মৰ বাবে আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ শক্তিশালী ট্ৰেক ৰেকৰ্ড আৰু এন ডি এৰ সুশাসনৰ দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে উল্লেখ কৰাৰ বাবে প্ৰতিজন মহাযুতি কৰ্মীলৈ মোৰ শুভেচ্ছা জনাইছো ।” মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজেপি আৰু মহাযুতিয়ে বিজয় সাব্যস্ত কৰাৰ কথা উল্লেখ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে ।

“বিৰোধীৰ যুঁজিবলৈ কোনো ইচ্ছাশক্তিয়েই বাকী নাই”

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে কয়, “গ্ৰাম্য মহাৰাষ্ট্ৰই বিজেপি আৰু মহাযুতিৰ প্ৰতি বিশ্বাস প্ৰদৰ্শন কৰিছে । এই জয়ৰ বাবে ৰাইজ আৰু বিজেপিৰ কৰ্মীসকলক অভিনন্দন জনাইছো । পৌৰসভা, পৌৰনিগম আৰু জিলা পৰিষদৰ নিৰ্বাচনত গ্ৰাম্য জনসাধাৰণে আমাৰ কামৰ ওপৰত দৃঢ় আস্থা প্ৰকাশ কৰিছে । বিৰোধীৰ যুঁজিবলৈ কোনো ইচ্ছাশক্তিয়েই বাকী নাই । বিৰোধী দল কেৱল সংবাদ মাধ্যমতহে দেখা যায়, জনসাধাৰণৰ মাজত নহয় ।”

লগতে পঢ়ক : জিলা পৰিষদ-পঞ্চায়ত সমিতিৰ নিৰ্বাচনত মহাযুতিৰ হেট্ৰিক…

জিলা পৰিষদ-পঞ্চায়ত সমিতিৰ নিৰ্বাচনত মহাযুতিৰ হেট্ৰিক…

জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰি জয়ৰ হেট্ৰিক অৰ্জন কৰিছে মহাযুতিয়ে । ইয়াৰ পূৰ্বে মহাযুতিয়ে পৌৰসভা, নগৰ পঞ্চায়ত, পৌৰ নিগমৰ নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল ।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰি জয়ৰ হেট্ৰিক অৰ্জন কৰিছে মহাযুতিয়ে । ইয়াৰ পূৰ্বে মহাযুতিয়ে পৌৰসভা, নগৰ পঞ্চায়ত, পৌৰ নিগমৰ নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল । এতিয়া জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত সফলতা লাভ কৰি মহাযুতিয়ে স্পষ্ট কৰি দিছে যে স্থানীয় স্বশাসন প্রতিষ্ঠানৰ প্রতি জনসাধাৰণৰ আস্থা দৃঢ়ভাৱে প্ৰকাশ কৰিছে ৷

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেই কয় যে এই নিৰ্বাচনত জনসাধাৰণে শিৱসেনাক অভূতপূৰ্ব সমৰ্থন আগবঢ়াইছে । তেওঁ লগতে কয় যে এই জয় কেৱল সংখ্যাৰ জয় নহয়, জনসাধাৰণৰ আস্থাৰ জয় । শিৱসেনাই জনসাধাৰণে তেওঁলোকৰ ওপৰত যি আস্থা ৰাখিছে, সেই আস্থা অনুসৰি কাম কৰিব আৰু তৃণমূল পৰ্যায়ত উন্নয়ন আৰু অধিক ত্বৰান্বিত কৰিব বুলি কয় তেওঁ ।

উপ-মুখ্যমন্ত্ৰী শিন্দেই কয় যে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ পৰা শিৱসেনাই লাভ কৰা সমৰ্থনে গ্ৰামাঞ্চলত দলটোৰ ভেটি পূৰ্বতকৈ অধিক শক্তিশালী হোৱাটো প্ৰমাণ কৰে । ৰায়গড়, ৰত্নগিৰিৰ দৰে জিলাৰ বিজয়ৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোংকানবাসীয়ে প্ৰকৃত শিৱসেনাৰ সৈতে থিয় দিছে বুলি স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ।

শিন্দেই কয় যে শ্ৰদ্ধাৰ বালাছাহেব থাকৰেৰ শিৱসেনাক ঘৰে ঘৰে লৈ যোৱাৰ সপোন আজি বাস্তৱত পৰিণত হৈছে । এই বিজয় উপলক্ষে তেওঁৰ বালাছাহেব থাকৰেৰ কথা গভীৰভাৱে সোঁৱৰে ।

উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিগত তিনি বছৰত মহাযুতি চৰকাৰে চহৰ আৰু গ্ৰামাঞ্চল উভয়ৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । পথ উন্নয়ন, খোৱাপানী যোগান, ত্বৰান্বিত জলসিঞ্চন প্ৰকল্প, উন্নত শিক্ষা আৰু মহিলাৰ আত্মনিৰ্ভৰশীল কাৰ্যসূচীৰ প্ৰভাৱ এতিয়া স্পষ্টভাৱে দেখা গৈছে । কেৱল গাঁও পঞ্চায়তসমূহক সবলীকৰণৰ বাবে ধনৰ ব্যৱস্থা কৰাই নহয়, প্ৰশাসনক অধিক কাৰ্যক্ষম কৰি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল ।

শ্বিন্দেই কয় যে এই সফলতাৰ কাৰণ হৈছে দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম, প্ৰতিখন গাঁৱত তেওঁলোকৰ কাম আৰু ৰাজহুৱা বিষয়ত তেওঁলোকৰ স্পষ্ট স্থিতি । জনসাধাৰণে যি আস্থা ৰাখিছে সেয়া কেতিয়াও ভংগ নহয় বুলি তেওঁ আশ্বাস দিয়ে । জিলা পৰিষদৰ জৰিয়তে গ্ৰাম্য উন্নয়ন, কৃষক, মহিলা, যুৱক-যুৱতী, আৰু সাধাৰণ জনতাৰ কল্যাণৰ বাবে অধিক দায়িত্ব লৈ কাম কৰা হ’ব বুলি কয় তেওঁ ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

মহাৰাষ্ট্ৰ জিলা পৰিষদ নিৰ্বাচনত মহাযুতিৰ আধিপত্য; ৭৩১খন আসনৰ ভিতৰত ৫৫২খন দখল

জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত শাসকীয় মহাযুতি মিত্রজোঁটৰ শক্তিশালী প্রদর্শন । ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ১২খন জিলা পৰিষদ আৰু ১২৫খন পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ ভোটগণনা সোমবাৰে সম্পূৰ্ণ হয় ।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নির্বাচনত শাসকীয় মহাযুতি মিত্রজোঁটে শক্তিশালী প্রদর্শন কৰিছে ৷ মহাৰাষ্ট্ৰ ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মহাযুতিয়ে ১২খন জিলা পৰিষদৰ ৭৩১খন আসনৰ ভিতৰত ৫৫২খন আসন লাভ কৰি স্পষ্ট অগ্ৰগতি লাভ কৰিছে । এই বিজয়ক ৰাজ্যৰ ৰাজনীতিত মহাযুতিৰ দৃঢ় দখল হিচাপে দেখা গৈছে । নির্বাচন আয়োগে এতিয়াও সম্পূর্ণ তথ্য প্রকাশ কৰা নাই ৷

যোৱা ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত ১২খন জিলা পৰিষদ আৰু ১২৫খন পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ ভোটগণনা সোমবাৰে সম্পূৰ্ণ হয় । জিলা পৰিষদসমূহৰ ভিতৰত আছে ৰায়গড়, ৰত্নগিৰি, সিন্ধুদুৰ্গ, পুনে, সতৰা, সাংগলী, চোলাপুৰ, কলহাপুৰ, ছত্ৰপতি সম্ভাজীনগৰ, পাৰভানি, ধৰাশিৱ, আৰু লাতুৰ । এই জিলা পৰিষদসমূহৰ বাবে ভোটদানৰ লগতে ইয়াৰ অধীনস্থ ১২৫খন পঞ্চায়ত সমিতিৰ ১৪৬২খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল ।

এই নিৰ্বাচনত মুঠ ভোটাৰৰ ভোটদানৰ হাৰ ৬৮.২৮ শতাংশ আছিল । ভোটাৰে দুটা ভোট দিব লগা হৈছিল : এটা জিলা পৰিষদৰ আসনৰ বাবে আৰু এটা পঞ্চায়ত সমিতি সমষ্টিৰ বাবে । নিৰ্বাচন প্ৰক্ৰিয়াত জিলা পৰিষদৰ বাবে বগা বেলট পেপাৰ আৰু পঞ্চায়ত সমিতিৰ বাবে গোলাপী বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছিল ।

তাৎপৰ্যপূৰ্ণভাৱে ঠাকৰে পৰিয়ালৰ পৰম্পৰাগত দুৰ্গ বুলি গণ্য কৰা কংকন অঞ্চলেও মহাযুতিৰ সমৰ্থন লাভ কৰিছে । ইয়াক ৰাজ্যখনৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হিচাপে দেখা গৈছে ।

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ দুয়োটা ফৈদৰ ভৱিষ্যতৰ গতিপথ নিৰ্ধাৰণৰ ক্ষেত্ৰতো এই নিৰ্বাচনৰ ফলাফল গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । দুবছৰীয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আঁতৰাই অজিত পাৱাৰ আৰু শাৰদ পাৱাৰ ফৈদে পুনে, সতৰা, চোলাপুৰ আৰু চাংলিত স্থানীয় সংস্থা নিৰ্বাচনৰ বাবে অনানুষ্ঠানিক মিত্ৰতা গঠন কৰে । এই অঞ্চলসমূহত দুয়োটা ফৈদৰ প্ৰাৰ্থীয়ে মূল “ঘড়ী” চিহ্নত প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

লগতে পঢ়ক : হাত এৰিলে ড০ সঞ্জু বৰুৱাই : গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি