ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, প্ৰলংকাৰী বান আৰু ভূমিস্খলন, ধ্বংসস্তূপৰ মাজত উদ্ধাৰকাৰী দল
মহাৰাষ্ট্ৰত ধাৰাসাৰ বৰষুণৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে । বিগত ৪৮ ঘণ্টাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বৰষুণ আৰু ভূমিস্খলনৰ ফলত অতি কমেও ১৩ জন লোকৰ কৰুণ মৃত্যু ঘটিছে আৰু ১০ জনতকৈও অধিক লোক আহত হৈছে । একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে কেইবা ঠাইতো অট্টালিকা খহি পৰা, ভূমিস্খলনৰ দৰে ঘটনা ঘটাৰ লগতে তীব্ৰ বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত কেইবাখনো জিলাত স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে ।
মুম্বাইকে ধৰি কেইবাটাও অঞ্চলত বৰষুণৰ তাণ্ডৱ অব্যাহত থকাৰ বাবে ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰই মাথেৰান, লোনাৱালা, খোপোলি আৰু লোহাগড় আদি ভূমিস্খলন প্ৰৱণ এলেকাসমূহৰ বাবে ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে ।
মুম্বাইত অট্টালিকা খহি পৰি ৬ জনৰ মৃত্যু
এই দুৰ্যোগত আটাইতকৈ বেছি প্ৰভাৱিত হৈছে মুম্বাইৰ মানখুৰ্ড অঞ্চল । ইয়াত এটা বৃহৎ অট্টালিকা কাষৰে এটা বস্তি এলেকাৰ ওপৰত খহি পৰাৰ ফলত একেলগে ৬ জন লোকৰ মৃত্যু হয় আৰু এজন গুৰুতৰভাৱে আহত হয় ।
অন্যান্য প্ৰান্তত সংঘটিত হোৱা দুৰ্ঘটনাসমূহ :
পুনে: এখন দেৱাল খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হৈছে ।
ছাত্ৰা: ভূমিস্খলনৰ ফলত এজনৰ মৃত্যু হোৱাৰ লগতে ৪ জন লোক আহত হৈছে ।
মুম্বাই উপ-নগৰ: গছ বাগৰি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে ।
পালঘৰ, সিন্ধুদুৰ্গ আৰু থানে: বানপানীত ডুবি তিনিজন লোকে প্ৰাণ হেৰুৱাইছে ।
আনহাতে, পুনে জিলাৰ মাৱালৰ পাটান গাঁৱত ভূমিস্খলনৰ বাবে এটা আৱাসিক গৃহ মাটিৰ তলত পোত গৈছে । উক্ত স্থানত বৰ্তমানেও কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু উদ্ধাৰকাৰী দলে ক্ষিপ্ৰতাৰে অভিযান চলাই আছে ।
ৰেল আৰু ঘাইপথ বন্ধ: ব্যাহত মুম্বাই-পুনে সংযোগ
ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মহাৰাষ্ট্ৰৰ পৰিবহন ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিছে । কেইবাটাও গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ বৰ্তমান বন্ধ কৰি ৰখা হৈছে । খোপোলিৰ সমীপত পুনে-মুম্বাই এক্সপ্ৰেছৱে’ আৰু পুৰণি হাইৱে’ সম্পূৰ্ণ বন্ধ কৰা হৈছে । কাশেডী ঘাটত ভূমিস্খলনৰ বাবে মুম্বাই-গোৱা হাইৱে’ বন্ধ হৈ পৰিছে । মাংকী হিল আৰু ঠাকুৰৱাড়ীৰ মাজত ৰেল লাইন ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৰেল সেৱা স্থগিত ৰখা হৈছে । যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ডেক্কান কুইন আৰু ইন্দ্ৰায়ণী এক্সপ্ৰেছ ধৰি বহুকেইখন গুৰুত্বপূৰ্ণ ৰেল বাতিল কৰা হৈছে আৰু দীৰ্ঘদূৰত্বৰ ৰেলসমূহৰ পথ সলনি কৰা হৈছে ।
বিপদসীমাৰ ওপৰেৰে বৈছে নদী: লোনাৱালাত ৬২৫ মিলিমিটাৰ বৰষুণ
প্ৰকৃতিৰ এই সংহাৰী ৰূপৰ উমান পোৱা গৈছে বৰষুণৰ পৰিমাণৰ পৰা । বিগত ২৪ ঘণ্টাত কেৱল লোনাৱালাত প্ৰায় ৬২৫ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে । আনহাতে মুম্বাইত ১৫০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে ।
ইয়াৰ ফলত কুণ্ডলিকা, আম্বা, সাৱিত্ৰী আৰু উলহাছ নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ গৈছে । ৰায়গড়, থানে আৰু ৰত্নগিৰিৰ নামনি অঞ্চলৰ শ শ গাঁও এতিয়া বানপানীৰ কৱলত পৰাৰ তীব্ৰ ভাবুকি আহি পৰিছে ।
যুদ্ধকালীন তৎপৰতাৰে NDRF-ৰ উদ্ধাৰ অভিযান
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ NDRF-এ সমগ্ৰ ৰাজ্যত ১৭ টা উদ্ধাৰকাৰী দল মোতায়েন কৰিছে । ইয়াৰ উপৰিও SDRF-ৰ ৬ টা দলেও তেওঁলোকক সহযোগ কৰিছে । ভূমিস্খলনৰ সম্ভাৱ্য বিপদ আগতীয়াকৈ জানিবলৈ প্ৰশাসনে ‘ৰিয়েল টাইম মনিটৰিং চিষ্টেম’ ব্যৱহাৰ কৰিছে ।
ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজক জৰুৰী কাম নথাকিলে ঘৰৰ পৰা বাহিৰ নোলাবলৈ আৰু বিশেষকৈ পাহাৰীয়া ঘাট অঞ্চলসমূহলৈ যাতায়ত নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।
লগতে পঢ়ক : ভূ-স্বৰ্গত প্ৰকৃতিৰ তাণ্ডৱ, ভয়ংকৰ ভূমিস্খলনৰ পিছত হাহাকাৰ









