অন্ধকাৰ কুঁৱাই কাল হ’ল এটা পৰিয়ালৰ; মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা

অন্ধকাৰ কুঁৱাই কাল হ’ল এটা পৰিয়ালৰ; মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা

মহাৰাষ্ট্ৰৰ নাছিকৰ ডিণ্ডোৰী অঞ্চলত এখন বাহন কুঁৱাত পৰি যোৱাৰ ফলত একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যু হয়। মহাৰাষ্ট্ৰৰ নাছিক জিলাত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ’ কুঁৱাত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত

মহাৰাষ্ট্ৰৰ নাছিকৰ ডিণ্ডোৰী অঞ্চলত এখন বাহন কুঁৱাত পৰি যোৱাৰ ফলত একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যু হয়।

মহাৰাষ্ট্ৰৰ নাছিক জিলাত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ’ কুঁৱাত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। পৰিয়ালটোৰ সকলো সদস্যই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ ওচৰতে থকা এটা কুঁৱাত পৰি যায়।

দুৰ্ঘটনাটোৰ ফলত পৰিয়ালটোৰ আটাইকেইজন সদস্যৰে মৃত্য হয়। নিহতসকলৰ ভিতৰত পুৰুষ-মহিলা সহ ৬টা শিশুও আছিল।নিহত সকলক  সুনীল দৰগুড়ে, তেওঁৰ পত্নী ৰেশ্মা, আশা অনিল দৰগুড়ে, ৰাখী, মাধুৰী, শ্ৰৱনী বুলি জানিব পৰা গৈছে। মৃত পৰিয়ালটি ইন্দোৰৰ বাসিন্দা আছিল।

লগতে পঢ়ক: কংগ্ৰেছ নেতা শশী থাৰুৰৰ কনভয়ত আক্ৰমণ; দুজন আহত