চলন্ত স্কুটীত বাগৰি পৰিল গছ, থিতাতে কৰুণ মৃত্যু পিতা-পুত্ৰৰ

হঠাত্‍ পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এজন ব্যক্তি আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰই কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়

গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এক অত্যন্ত মৰ্মান্তিক আৰু হৃদয়বিদাৰক দুৰ্ঘটনা । ২২ জুনত এখন চলন্ত দুচকীয়া বাহনৰ (স্কুটী) ওপৰত হঠাত্‍ পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এজন ব্যক্তি আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰই কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয় । এই শোকাৱহ ঘটনাই সমগ্ৰ চানডুবী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ।

এই শোকাৱহ দুৰ্ঘটনাটো চানডুবীৰ ৰাজাপাৰা অঞ্চলত সংঘটিত হৈছে । মৃত দুৰ্ভগীয়া পিতা-পুত্ৰক ক্ৰমে- কাৰ্তিক ৰাভা (৪০) আৰু ভৃগুমণি ৰাভা (৮) বুলি চিনাক্ত কৰা হৈছে ।

প্ৰাপ্ত বাতৰি অনুসৰি, পিতৃ কাৰ্তিক ৰাভাই তেওঁৰ আঠ বছৰীয়া পুত্ৰক লগত লৈ এখন স্কুটীৰে ৰাজাপাৰাত থকা এজন আত্মীয়ৰ ঘৰলৈ বুলি ৰাওনা হৈছিল । তেওঁলোকে যেতিয়াই মুদুকী-হাটিগড় চ’ক পাৰ হৈছিল, ঠিক সেই সময়তে পথৰ কাষত থকা এজোপা শুকাই যোৱা গছ অপ্ৰত্যাশিতভাৱে তেওঁলোকৰ চলন্ত বাহনখনৰ ওপৰত ভাঙি পৰে । গছজোপা বাগৰি পৰাত কোনো ধৰণৰ চিকিৎসাসেৱা লাভ কৰাৰ পূৰ্বেই দুয়োগৰাকীৰে থিতাতে মৃত্যু হয় ।

দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে ততালিকে প্ৰশাসন আৰু আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ কিছু সময়ৰ পিছতে মিৰ্জাৰ পলাশবাৰী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

আৰক্ষীয়ে গছজোপাৰ তলৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে । ইয়াৰ পিছত জেচিবি আৰু অন্যান্য সঁজুলিৰ সহায়ত পথৰ পৰা গছজোপা আঁতৰাই অঞ্চলটোত স্বাভাৱিক যান-বাহন চলাচল পুনৰ আৰম্ভ কৰা হয় ।

এই কৰুণ ঘটনাই এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । পথৰ কাষত থকা মৃত, শুকান আৰু বিপদজনক গছসমূহ সময়মতে কাটি আঁতৰাই নিদিয়াৰ বাবেই এইদৰে দুটাকৈ সজীৱ প্ৰাণ হেৰাই যাবলগীয়া হ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক : এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী! নৈপৰীয়া ৰাইজলৈ জাৰি জৰুৰী নিৰ্দেশনা

 ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনৰ; শেষ হ’ল চাৰি বন্ধুৰ জীৱন

নিৰ্মাণ কৰি থকা ঘৰৰ ভেটি স্থাপন কৰি উভতিছিল চাৰি বন্ধু। আদবাটতে ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হ’ল চাৰি বন্ধুৰ জীৱন।

বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত দেওবাৰে এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। মতিপুৰ থানা এলেকাৰ ৰতনপুৰাত অৱস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহনে ৰৈ থকা ট্ৰাকত খুন্দা মাৰে। ফলত বাহন খনত থকা চাৰিওজন যুৱক মৃত্যু হয়।

জানিব পৰা মতে,মৃত মন্তোছ নামৰ লোকজনে বহুৰাজত এটা ঘৰ নিৰ্মাণ কৰি আছিল, তাৰে ভেটি স্থাপন কৰিবলৈ চাৰিও বন্ধু বহুৰাজলৈ গৈছিল আৰু তাৰ পৰা উভতি আহোঁতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে এজন মটৰ চাইকেল আৰোহীক বচাবলৈ চেষ্টা কৰি বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে।এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়, আৰু ভিতৰত থকা চাৰিজন যুৱক বেয়াকৈ আবদ্ধ হৈ পৰে।

দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।সংঘৰ্ষটোৰ প্ৰচণ্ড শব্দ শুনি স্থানীয় লোকসকল সেই স্থানলৈ আহি উদ্ধাৰ অভিযান চলাই। কিন্তু গাড়ীখনৰ অৱস্থা ইমানেই ভয়াৱহ আছিল যে কাকো বচাব পৰা নাছিল। স্থানীয় বাসিন্দাসকলে উদ্ধাৰ আৰু সাহায্যৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে চাৰিওজন যুৱকৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: বিবেক বিহাৰত বিভীষিকা, এচি বিস্ফোৰণৰ ভয়ংকৰ পৰিণতি

নিশা ৩ বজালৈ পাৰ্টী, ঘণ্টাত ১৩০ কিলোমিটাৰ গতিবেগ; মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য

মঠঘৰীয়া পথ দুৰ্ঘটনাৰ ন ন ভয়ংকৰ তথ্য ফাদিল হৈছে। আৰক্ষীয়ে এই ঘটনাক লৈ শিহৰণকাৰী বৰ্ণনা দিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটী মঠঘৰীয়াৰ শিহৰণকাৰী পথ দুৰ্ঘটনাৰ বহু তথ্য দিছে।দুৰ্ঘটনাক লৈ যানবাহন আৰক্ষীৰ DCP জয়ন্ত বৰাই সংবাদমেল যোগে জনালে সকলো তথ্য। যানবাহন আৰক্ষীৰ DCP গৰাকীয়ে জানিবলৈ দিয়া মতে বাহনখনত থকা GPS ৰ সহায়ত বহু কথা পোহৰলৈ আহিছে।২৫ এপ্ৰিলৰ দিনৰ ভাগত ভাৰ্গৱ ডেকাৰ পৰা ছামিম আহমেদে আনিছিল চুইফ্ট বাহনখন। সেই বাহনখনতেই ৩ যুৱতী ক্ৰমে আকাংক্ষা শইকীয়া, পূজা চাহা আৰু আৰ্মিনা আহমেদক লৈ কমেডি শ্ব’ চাব গৈছিল ছামিম আহমেদ। নিশা ১১ বজাৰ পৰা পুৱতি নিশা প্ৰায় ৩ বজালৈকে ভঙাগড়ত আছিল বাহনখন। ভঙাগড়ৰৰ ৰুদ্ৰাক্ষ মলৰ এখন বাৰত নিশা ৩ বজালৈকে পাৰ্টী কৰিছিল ছামিম আহমেদ, পূজা চাহা, আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদে। বাৰখনত ১৯ হাজাৰ টকাৰ বিল দি ৩ যুৱতীক লৈ ওলাই আহিছিল ছামিম আহমেদ। তাৰ পিছ পুৱতি নিশা ৩ বজাত ভঙাগড়ৰ পৰা গীতানগৰ দিশে গৈছিল ছামিম আহমেদ সহ তিনি যুৱতী। সেই সময়ত বাহন খনৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৬ কিলোমিটাৰ আছিল।

আৰক্ষী গৰাকীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা ৪ বাজি ২ মিনিটত মঠঘৰীয়াত সংঘটিত হৈছিল দুৰ্ঘটনাটো। তেতিয়া বাহনখনৰ গতিবেগ আছিল ঘণ্টাত ৯৬ কিলোমিটাৰ ।দুৰ্ঘটনাটোৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰিছিল ছামিম আহমেদে।  দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অৰুণাচললৈ যোৱা পৰিকল্পনা আছিল ছামিমৰ। পলাতক সময়ত শ্বিলংত দাড়ি আৰু চুলি কাটি নিজৰ বেশ সলনি কৰিছিল ছামিমে। তাৰ পিছত লাহোৱালত আত্মগোপন কৰি আছিল।আৰু আত্মগোপন কৰি থকাৰ সময়তেই অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল ছামিম আহমেদক।

লগতে পঢ়ক: মঠঘৰীয়াত দুৰ্ঘটনা, লাহোৱালত আত্মগোপন; অৱশেষত গ্ৰেপ্তাৰ ছামিম আহমেদ 

মঠঘৰীয়াত দুৰ্ঘটনা, লাহোৱালত আত্মগোপন; অৱশেষত গ্ৰেপ্তাৰ ছামিম আহমেদ

অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চালক ছামিম আহমেদ। দেওবাৰে পুৱতি নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত চুইফ্ট বাহনখনৰ চালক আছিল ছামিম আহমেদ।

অৱশেষত গ্ৰেপ্তাৰ হ’ল মঠঘৰীয়া পথ দুৰ্ঘটনাৰ বাহন খনৰ চালক ছামিম আহমেদ। নিশা ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ছামিম আহমেদক। ডিব্ৰুগড়ৰ লাহোৱালত আত্মগোপন কৰি আছিল ছামিমে।দুৰ্ঘটনাটোৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল ছামিম। আৰক্ষীয়ে লাভ কৰিছিল ছামিমৰ ম’বাইল ফোনৰ লোকেচন। তাৰ পিছতেই নিশা গ্ৰেপ্তাৰ কৰি নুনমাটি আৰক্ষীক গতাই দিয়া হয় ছামিম আহমেদক।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ পিছত চুইফ্ট বাহনখনৰ চালক ছামিম আহমেদক উদ্ধাৰ কৰি ততাতৈয়াকৈ নিকটৱৰ্তী গেট হাস্পতাললৈ লৈ যোৱা হৈছিল। কিন্তু হাস্পতালত চিকিৎসা নকৰি তাৰ পৰা পলায়ন কৰিছিল চালক ছামিম আহমেদে।গেট হাস্পতালৰ CCTVত বন্দী হৈছিল ছামিম আহেমেদে হাস্পতালৰ পৰা পলায়নৰ সমগ্ৰ দৃশ্য।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত পূজা চাহা, আকাংক্ষা শইকীয়া আৰু নেহা খান নামৰ ৩ গৰাকীকৈ যুৱতীৰ মৃত্যু হৈছিল।  

লগতে পঢ়ক: কমেডি শ্ব’ চাবলৈ ৩ বান্ধৱীক লৈ গৈছিল চামিম আহমেদে ; মঠঘৰীয়াৰ দুৰ্ঘটনাৰ নতুন মোৰ

কমেডি শ্ব’ চাবলৈ ৩ বান্ধৱীক লৈ গৈছিল চামিম আহমেদে ; মঠঘৰীয়াৰ দুৰ্ঘটনাৰ নতুন মোৰ

পুৱতি নিশা মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পলাতক চুইফ্ট বাহনৰ চালক চামিম আহমেদ বুলি জানিব পৰা গৈছে।

মহানগৰীৰ মঠঘৰীয়া দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। চামিম আহমেদৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পূজাৰ বান্ধবী তথা ৰূমমেটে। বান্ধৱী গৰাকীয়ে জানিবলৈ দিয়া মতে, চামিম আহমেদৰ সৈতে শনিবাৰে সন্ধিয়া কমেডি শ্ব’ চাবলৈ গৈছিল পূজা চাহা। বান্ধৱী আকাংক্ষাকো লগত লৈ গৈছিল পূজা চাহাই। চামিম আহমেদ পূজা চাহাৰ পাতি লোৱা ভাতৃ আছিল। ৫ৰ ৬ মাহৰ ভিতৰত ঘনিষ্ঠ হৈছিল পূজাৰ সৈতে।আনহাতে চামিম আহমেদৰ বান্ধৱী আছিল নেহা খান।

চামিম আহমেদেই ফোন কৰি মাতি নিছিল তিনিওগৰাকী যুৱতীক। চামিম আহমেদেই ট্ৰেভেল এজেন্সিৰ চুইফ্ট বাহনখন ভাড়ালৈ নিছিল।শনিবাৰে সন্ধিয়া ৭ বজাত কমেডি শ্ব’ চাবলৈ মাছখোৱালৈ ওলাই গৈছিল আটাইকেইজন। চামিম আহমেদেই চলাই গৈছিল চুইফ্ট বাহনখন।

জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত তিনিও গৰাকীকে GMCH লৈ গৈছিল চামিম আহমেদ। কিন্তু তাৰ পিছৰে পৰাই পলাতক অৱস্থাত আছে চালক চামিম আহমেদ।বৰ্তমান আৰক্ষীয়ে চামিম আহমেদক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।  

দুৰ্ঘটনাটোত নিহত হোৱা নেহা খানৰ ঘৰ বঙাইগাঁৱৰ নোৱাপাৰাত। আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিল নেহা।আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত। আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ‍্যালয়ৰ কৰ্মচাৰী আছিল। পূজা সাহাৰ ঘৰ  গোৱালৰপাৰাৰ কৃষ্ণাইত আছিল।

লগতে পঢ়ক: ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ; নিহত তিনি যুৱতী

ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ; নিহত তিনি যুৱতী

কমেডি শ্ব’ চাই এখন ছুইফ্ট বাহন উভতিছিল তিনি যুৱতী। মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা বাহনখনৰ। থিতাতে নিহত হয় যুৱতী তিনিগৰাকীৰ।

মহানগৰীৰ মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে তীব্ৰবেগী এখন ছুইফ্ট বাহনে। জানিব পৰা মতে পূজা সাহা,আকাংক্ষা শইকীয়া আৰু আন এগৰাকী যুৱতীয়ে AS-01GP-0562 নম্বৰৰ ছুইফ্ট বাহনখনত গীতানগৰৰ দিশৰ পৰা আহি আছিল। কিন্তু তীব্ৰবেগত অহা বাহনখনে মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। ঘটনাৰ ফলত থিতাতে তিনিও গৰাকী যুৱতীৰ মৃত্যু হয়।

দুৰ্ঘটনাটো সংঘটিত কৰি বাহন খনৰ চালক গৰাকীয়ে পলায়ন কৰে।Air Bag খোল খোৱাৰ বাবে চালক জনৰ প্ৰাণ ৰক্ষা পৰে জানিব পৰা মতে তিনিওগৰাকী যুৱতীয়ে কমেডি শ্ব’ চাই ঘূৰি অহাৰ পথতেই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱতী দুগৰাকী পূজা সাহা আৰু সোণাৰিৰ সাপেখাটীৰ আকাংক্ষা শইকীয়া। অৱশ্যে আনগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: শ্বিলঙত  সন্ধান ওলাল নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ; ব্যক্তিগত কাৰণত আঁতৰি আছিল ঘৰৰ পৰা!

বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা; নিহত এগৰাকী বিহুৱতী

নিশা বিহু অনুষ্ঠানৰ বাবে ঘৰৰ পৰা ওলাই যোৱা নিশামণি হালৈৱে মঞ্চত নাপালে নাচিবলৈ। বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ।

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’টোৱে এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা PB 03 AP 6681 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো ঘটে।

এই মৰ্মান্তিক দুৰ্ঘটনাত দলটোৰ নিশামণি হালৈ নামৰ এগৰাকী ২৫ বছৰীয়া নাচনীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। নিহত নিশামণি হালৈৰ ঘৰ তামুলপুৰ জিলাৰ নিজ ঝাৰগাঁওত বুলি জানিব পৰা গৈছে। নিহত নিশামণি হালৈ নাগাৰা নামৰ এগৰাকী পাঠকো আছিল।

উল্লেখযোগ্য যে AS-25-DC-5893 নম্বৰৰ ট্ৰেভেলাৰখনত মুঠ ৩০ জনীয়া বিহু দলটো আছিল। দুৰ্ঘটনাটোত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণ আহত হোৱাৰ লগতে ৫ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিহুৰ আনন্দৰ উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; পথৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ

জম্মু-কাশ্মীৰৰ উধামপুৰত পুৱাই দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত ১২ গৰাকীকৈ যাত্ৰী নিহত হৈছে।

জম্মু-কাশ্মীৰৰ উধামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।উধমপুৰৰ ৰামনগৰৰ কাগোট অঞ্চলত এখন যাত্ৰীবাহী বাছ পথৰ পৰা বাগৰি পৰে।এই মৰ্মান্তিক দুৰ্ঘটনাটোত ১২ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান অব্যাহত আছে,য’ত আৰক্ষী, প্ৰশাসন, আৰু স্থানীয় বাসিন্দাসকলে সহায় আগবঢ়াইছে। ইফালে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ মতে, বাছখন ৰামনগৰৰ পৰা উধামপুৰলৈ গৈ আছিল,তেতিয়াই হঠাতে তীব্ৰ বেগত অহা বাছখনে জালো অঞ্চলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।  

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।ইফালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক

দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক

দেৰগাঁৱত পুৱা বিদ্যালয়লৈ যোৱাৰ সময়তেই অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ’ল প্ৰধান শিক্ষক ৰাতুল বৰাৰ

 দেৰগাঁৱৰ চাৰিলেনযুক্ত ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।থিতাতে নিহত হৈছে এজন প্ৰধান শিক্ষক । জানিব পৰা মতে ৰাতুল বৰাই সোমবাৰে পুৱা নিজৰ মটৰ চাইকেল খন লৈ বিদ্যালয়লৈ গৈ আছিল।

কিন্তু চাৰিলেনযুক্ত ঘাইপথত কোনো অচিনাক্ত বাহনে মহতিয়াই নিয়ে প্ৰধান শিক্ষক ৰাতুল বৰাক। জানিব পৰা মতে ৰাতুল বৰা লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। দুৰ্ঘটনাগ্ৰস্ত হোৱা মটৰচাইকেল খনৰ নম্বৰ As-03P/6645।

লগতে পঢ়ক: তামিলনাডুৰ ফটকা ফেক্টৰিত বিস্ফোৰণ; ১৬ জনৰ কৰুণ মৃত্যু