শ্বিলঙত সন্ধান ওলাল নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ

শ্বিলঙত  সন্ধান ওলাল নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ; ব্যক্তিগত কাৰণত আঁতৰি আছিল ঘৰৰ পৰা!

শুকুৰবাৰৰ পৰা সন্ধান হৈ থকা ভাৱনা শৰ্মাৰ অৱশেষত সন্ধান লাভ কৰা হ’ল। অৱশেষত শ্বিলঙত সন্ধান লাভ কৰা হ’ল গুৱাহাটীৰ পৰা নিখোঁজ হোৱা ভাৱনা শৰ্মাৰ। শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডৰ সমীপৰ এটা বেংকৰ তলত উদ্ধাৰ ভাৱনাক। কান্দি থকা অৱস্থাত এগৰাকী মহিলাই উদ্ধাৰ কৰে ভাৱনা শৰ্মাক। শুকুৰবাৰৰ পৰা পৰাই

শুকুৰবাৰৰ পৰা সন্ধান হৈ থকা ভাৱনা শৰ্মাৰ অৱশেষত সন্ধান লাভ কৰা হ’ল।

অৱশেষত  শ্বিলঙত সন্ধান লাভ কৰা হ’ল গুৱাহাটীৰ পৰা নিখোঁজ হোৱা ভাৱনা শৰ্মাৰ। শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডৰ সমীপৰ এটা বেংকৰ তলত উদ্ধাৰ ভাৱনাক। কান্দি থকা অৱস্থাত এগৰাকী মহিলাই উদ্ধাৰ কৰে ভাৱনা শৰ্মাক।

শুকুৰবাৰৰ পৰা পৰাই সন্ধানহীন হৈছিল ভাৱনা শৰ্মা।দিনৰ প্ৰায় ১১ মান বজাত গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিখোঁজ হৈছিল।শুক্লেশ্বৰ মন্দিৰৰ সমীপত পোৱা গৈছিল ভাৱনাৰ অন্তিম লোকেশ্বন। অৱশেষত শ্বিলঙত উদ্ধাৰ হ’ল ভাৱনা শৰ্মা।

প্ৰাথমিক অনুসন্ধানত অপহৰণ নহয় বুলি নিশ্চিত কৰিছে আৰক্ষী।ব্যক্তিগত কাৰণত হে ঘৰৰ পৰা আঁতৰি আছিল তেওঁ। জানিব পৰা মতে ম’বাইল ফোন সক্ৰিয় আছিল ভাৱনা শৰ্মাৰ। কিন্তু আৰক্ষীয়ে ফোন কৰাত ভাৱনা শৰ্মাই কোনো উত্তৰ দিয়া নাছিল। বৰ্তমান শ্বিলং থানাত আছে। শ্বিলঙলৈ ৰাওনা হৈছে আৰক্ষী তথা ভাৱনাৰ পৰিয়াল।

লগতে পঢ়ক: বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা; নিহত এগৰাকী বিহুৱতী