শ্বিলঙত  সন্ধান ওলাল নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ; ব্যক্তিগত কাৰণত আঁতৰি আছিল ঘৰৰ পৰা!

শুকুৰবাৰৰ পৰা সন্ধান হৈ থকা ভাৱনা শৰ্মাৰ অৱশেষত সন্ধান লাভ কৰা হ’ল।

অৱশেষত  শ্বিলঙত সন্ধান লাভ কৰা হ’ল গুৱাহাটীৰ পৰা নিখোঁজ হোৱা ভাৱনা শৰ্মাৰ। শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডৰ সমীপৰ এটা বেংকৰ তলত উদ্ধাৰ ভাৱনাক। কান্দি থকা অৱস্থাত এগৰাকী মহিলাই উদ্ধাৰ কৰে ভাৱনা শৰ্মাক।

শুকুৰবাৰৰ পৰা পৰাই সন্ধানহীন হৈছিল ভাৱনা শৰ্মা।দিনৰ প্ৰায় ১১ মান বজাত গুৱাহাটীৰ মাজমজিয়াৰ পৰা নিখোঁজ হৈছিল।শুক্লেশ্বৰ মন্দিৰৰ সমীপত পোৱা গৈছিল ভাৱনাৰ অন্তিম লোকেশ্বন। অৱশেষত শ্বিলঙত উদ্ধাৰ হ’ল ভাৱনা শৰ্মা।

প্ৰাথমিক অনুসন্ধানত অপহৰণ নহয় বুলি নিশ্চিত কৰিছে আৰক্ষী।ব্যক্তিগত কাৰণত হে ঘৰৰ পৰা আঁতৰি আছিল তেওঁ। জানিব পৰা মতে ম’বাইল ফোন সক্ৰিয় আছিল ভাৱনা শৰ্মাৰ। কিন্তু আৰক্ষীয়ে ফোন কৰাত ভাৱনা শৰ্মাই কোনো উত্তৰ দিয়া নাছিল। বৰ্তমান শ্বিলং থানাত আছে। শ্বিলঙলৈ ৰাওনা হৈছে আৰক্ষী তথা ভাৱনাৰ পৰিয়াল।

লগতে পঢ়ক: বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা; নিহত এগৰাকী বিহুৱতী

ফুটবল খেলি থাকোতেই সাংসদৰ কৰুণ মৃত্যু, ৰাজ্যজুৰি শোকৰ লহৰ

সন্ধিয়া সাংসদগৰাকীয়ে বন্ধু-বান্ধৱীৰ সৈতে ফুটবল খেলিবলৈ এখন খেলপথাৰলৈ গৈছিল । তাতেই তেওঁ হঠাতে অসুস্থ হৈ ঢলি পৰে ।

ফুটবল খেলি থাকোঁতে হঠাৎ অসুস্থ হৈ বৃহস্পতিবাৰে সন্ধিয়া ভইচ অৱ দ্য পিপল পাৰ্টিৰ শ্বিলং সাংসদ ৰিকি এ জে ছিংকনৰ মৃত্যু হয় । তেওঁৰ মৃত্যুত মেঘালয়ৰ ৰাজনৈতিক মহলত শোক ছাঁ পৰিছে । জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ছিংকনে বন্ধু-বান্ধৱীৰ সৈতে ফুটবল খেলিবলৈ মাউলাই মাউয়ঙৰ এখন খেলপথাৰলৈ গৈছিল ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মেচৰ সময়ত তেওঁ খেলপথাৰত ঢলি পৰাৰ ফলত দৰ্শকে তেওঁক জৰুৰীকালীন চিকিৎসাৰ বাবে ওচৰৰ মাউইয়ং কমিউনিটি হেল্থ চেণ্টাৰ (চিএইচচি)লৈ লৈ যায় । অৱশ্যে জানিব পৰা মতে, সেই সময়ত চিকিৎসালয়খনত চিকিৎসকৰ অনুপলব্ধতাৰ বাবে তেওঁক আন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে জয়াউৰ ডাঃ এইচ গৰ্ডন ৰবাৰ্টছ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই টুইট কৰি কয় যে, “শ্বিলঙৰ সন্মানীয় সংসদ সদস্য ড° ৰিকি এ জে ছিংকনৰ অকাল মৃত্যুত মই গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ । ড° ৰিকি আছিল জনসেৱাৰ প্ৰতি গভীৰ আকৰ্ষণ আৰু জনসাধাৰণৰ প্ৰতি অটল দায়বদ্ধতা থকা এজন নিষ্ঠাৱান আৰু দয়ালু নেতা । তেওঁ আছিল এজন বিশ্বাসী ব্যক্তি আৰু নম্ৰতা, দূৰদৰ্শিতা আৰু সমাজখনক উন্নীত কৰাৰ প্ৰকৃত ইচ্ছাৰে সেৱা আগবঢ়াইছিল । এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অগণন শুভাকাংক্ষীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ । তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক ।”

নিশা প্ৰায় ৮:৪২ বজাত ৰিকি এ জে ছিংকনক মৃত বুলি ঘোষণা কৰা হয় । হঠাতে লাভ কৰা খবৰৰ পিছত সকলো শোকত ভাগি পৰে । তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছং, ভিপিপিৰ সভাপতি আৰ্ডেণ্ট মিলাৰ বাছাইয়াৱম’ইটৰ লগতে কেইবাজনো বিধায়ক, জ্যেষ্ঠ ৰাজনৈতিক নেতা, দলৰ কৰ্মীয়ে চিকিৎসালয়লৈ গৈ পৰিয়ালটোক শোক প্ৰকাশ আৰু সমবেদনা জ্ঞাপন কৰে । প্ৰথমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা ছিংকনে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি এজন বিশিষ্ট ৰাজনৈতিক ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল ।

লগতে পঢ়ক : ‘কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল’; বিধানসভাত কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

দহ দিনৰ পাছত উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ… এতিয়াও সন্ধানহীন পত্নী

উদ্ধাৰ মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ অহা ৰাজাৰ মৃতদেহ

বিয়াৰ পিছত মধুচন্দ্ৰিকা যাপনৰ বাবে শ্বিলঙলৈ অহা ইন্দোৰৰ ৰাজা আৰু সোণমক বিচাৰি অভিযান চলাই থকা দলে ডাবল ডেকৰ পথত এটা মৃতদেহ উদ্ধাৰ কৰে । ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰিছে । দ খাৱৈৰ পৰাই মৃতদেহটো উদ্ধাৰ কৰা হৈছে । পৰিয়ালৰ লোকৰ পৰা মৃতদেহটো নিশ্চিত কৰিছে আৰক্ষীয়ে ।

মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ চাৰিওফালে অভিযান তীব্ৰতৰ কৰি তুলিছে অনুসন্ধানকাৰী দলে, যাতে সোণমৰ বিষয়ে তথ্য লাভ কৰিব পৰা যায় । ৰাজাৰ অন্তিমটো ৰীলৰ জৰিয়তে আৰক্ষীয়ে সেই স্থানৰ কথা জানিব পাৰে । ৰাজাই ওশাৰা পাহাৰৰ চাৰিওফালে ৰীলটো বনাইছিল । একেটা অঞ্চলতে উদ্ধাৰ হয় মৃতদেহটো ।

সোমবাৰৰ পৰা আৰম্ভ হোৱা তালাচী অভিযানৰ সময়ত ৰাজা আৰু সোণম ৰঘুবংশীৰ ভাতৃদ্বয়ো সেই স্থানত উপস্থিত হয় যদিও তেওঁলোক খাৱৈৰ ওপৰত আছিল । মৃতদেহটো উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰাৰ পিছত তেওঁলোকে চিনাক্ত কৰে । নগৰ প্ৰশাসন মন্ত্ৰী কৈলাশ বিজয়বৰ্গীয়াই এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । তেওঁ কয় যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰা হৈছে । এই খবৰটো বেদনাদায়ক । বিজয়বৰ্গিয়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই অনুসন্ধানৰ বাবে আলোচনা কৰিছিল ।

দহ দিনৰ মূৰত উদ্ধাৰ মৃতদেহ-

বিয়াৰ পিছত ২৩ মে’ত ৰাজা আৰু সোণম ইন্দোৰৰ পৰা মধুচন্দ্ৰিকাৰ বাবে শ্বিলঙলৈ আহিছিল যদিও ৰহস্যজনকভাৱে দুয়োজন নিৰুদ্দেশ হৈছিল । এন ডি আৰ এফ আৰু স্থানীয় আৰক্ষীয়ে দহদিন ধৰি তেওঁলোকৰ সন্ধানত অভিযান চলাই আছে । ভাড়াত লোৱা স্কুটি আৰু তেওঁলোকৰ বেগ উদ্ধাৰ কৰে আৰক্ষীয়ে । চাৰিদিন ধৰি তেওঁলোকক বিচাৰি নোপোৱাৰ পিছত মুখ্যমন্ত্ৰী মোহন যাদৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে আলোচনা কৰে । ইয়াৰ পিছত উদ্ধাৰ অভিযানে গতি লাভ কৰে । ইয়াৰ পিছতে স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও পত্নী সোণম সন্ধানহীন হৈ আছে ।

লগতে পঢ়ক : সেনাৰ শিবিৰত ভয়ংকৰ ভূমিস্খলন; সন্ধান নাই ৯ সেনা জোৱানৰ