‘কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল'; বিধানসভাত কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

‘কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল’; বিধানসভাত কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দিনত ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন।এই বিধানসভাৰ মজিয়াতেই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনত কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দিনত ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল।

পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন।এই বিধানসভাৰ মজিয়াতেই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমাৰ চৰকাৰে কংগ্ৰেছৰ নীতি-বিৰোধী পৰম্পৰাৰ বিৰুদ্ধে যুঁজ দি আহিছে।কংগ্ৰেছৰ দিনতে বাল্য বিবাহ আৰু বহু বিবাহৰ কু-প্ৰথা আৰম্ভ হৈছিল। আৰু এতিয়া আমি সেইবোৰ নিৰ্মূল কৰি আছো।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে দশকৰ পাছত দশক শাসন কৰিলে কিন্তু অসমৰ ৰাজপথ সমূহ পকী নকৰালে।কিন্তু এতিয়া ৰাজ্যৰ চহৰে-গাঁৱে সকলোৰে বাট-পথ অতি সুচল। কংগ্ৰেছৰ গোটেই ৰাজত্বকালত ব্ৰহ্মপুত্ৰত মাত্ৰ এখনহে দলং আছিল।

কেৱল ইমানেই নহয় কংগ্ৰেছে ৩০ লাখ বিঘা ভূমি বেদখলকাৰীক এৰি দিছিল। কংগ্ৰেছৰ সেই পুৰণি অসমক আমি বৰ্তমান সলনি কৰিলোঁ।চৰকাৰৰ বৰ্তমানৰ লক্ষ্য— এহাতে পট্টা, আনহাতে উচ্ছেদ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছৰ দিনৰ অশান্ত জৰ্জৰ অসমখন এতিয়া দেশৰ ভিতৰতে শান্তিপূৰ্ণ ৰাজ্য। যোৱা এটা দশকত অসমে কেৱল শান্তিৰ প্ৰকৃত সোৱাদ পাইছে।যোৱা ১০ বছৰত নাই কোনো বোমা বিস্ফোৰণ, নাই কোনো গুলীচালনা।

আনকি এগৰাকীও জোৱান বা অসমীয়া যুৱকে হিংসাত প্ৰাণ হেৰুৱাব লগা হোৱা নাই। অসমৰ এই ৰূপান্তৰৰ গতি এতিয়া অপ্ৰতিৰোধ্য।উন্নতিৰ পথত আগবঢ়া অসমে আৰু কেতিয়াও পিছলৈ ঘূৰি নাচায়।

লগতে পঢ়ক: “একলা চলো” নীতিৰে উত্তৰ প্ৰদেশ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বি এছ পি; মায়াৱতীৰ ডাঙৰ ঘোষণা