জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ

জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা; পথৰ পৰা বাগৰি পৰিল যাত্ৰীবাহী বাছ

জম্মু-কাশ্মীৰৰ উধামপুৰত পুৱাই দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত ১২ গৰাকীকৈ যাত্ৰী নিহত হৈছে। জম্মু-কাশ্মীৰৰ উধামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।উধমপুৰৰ ৰামনগৰৰ কাগোট অঞ্চলত এখন যাত্ৰীবাহী বাছ পথৰ পৰা বাগৰি পৰে।এই মৰ্মান্তিক দুৰ্ঘটনাটোত ১২ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান অব্যাহত

জম্মু-কাশ্মীৰৰ উধামপুৰত পুৱাই দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাটোৰ ফলত ১২ গৰাকীকৈ যাত্ৰী নিহত হৈছে।

জম্মু-কাশ্মীৰৰ উধামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে।উধমপুৰৰ ৰামনগৰৰ কাগোট অঞ্চলত এখন যাত্ৰীবাহী বাছ পথৰ পৰা বাগৰি পৰে।এই মৰ্মান্তিক দুৰ্ঘটনাটোত ১২ জন লোকৰ মৃত্যু হৈছে।দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান অব্যাহত আছে,য’ত আৰক্ষী, প্ৰশাসন, আৰু স্থানীয় বাসিন্দাসকলে সহায় আগবঢ়াইছে। ইফালে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ মতে, বাছখন ৰামনগৰৰ পৰা উধামপুৰলৈ গৈ আছিল,তেতিয়াই হঠাতে তীব্ৰ বেগত অহা বাছখনে জালো অঞ্চলৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে।  

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।ইফালে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক