পথৰ কাষত ৰৈ থকা তীৰ্থযাত্ৰীক মহতিয়ালে ট্ৰাকে; ৭ জনৰ মৃত্যু

গুজৰাটৰ সুৰেন্দ্ৰনগৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগত অহা এখন ট্ৰাকে মহতিয়াই নিলে তীৰ্থযাত্ৰীক।

গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথৰ দাঁতিৰে খোজ কাঢ়ি গৈ থকা ৭ জন তীৰ্থযাত্ৰীক এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই থৈ যায়। দুৰ্ঘটনাটোৰ ফলত ৭ জন লোক নিহত হাৱোৰ লগতে বহু লোক আহত হৈছে। জানিব পৰা মতে, লক্ষতাৰ-বিৰামগাম ঘাইপথত নিশা প্ৰায় ১.৩০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়, যেতিয়া তীৰ্থযাত্ৰীৰ এটা দলে ৰাজকোটৰ পৰা বহুচৰাজীৰ এটা মন্দিৰলৈ শোভাযাত্ৰা কৰি গৈ আছিল।

জিলাখনৰ লখতৰ তালুকাৰ ভাস্কৰপুৰা গাঁৱৰ উপকণ্ঠ অঞ্চলত তীব্ৰবেগত অহা  এখন ট্ৰাকে এই ভক্তসকলক মহতিয়াই লৈ যায়। নিহত লোকসকলৰ ভিতৰত ৪ গৰাকী মহিলাও আছে।

আৰক্ষীৰ লোক-সকলে জনোৱা মতে, কিমান জন লোক আহত হৈছে সেই কথা স্পষ্টকৈ জানিব পৰা নাই। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ট্ৰাক চালক গৰাকীয়ে পলায়ন কৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ভক্তসকল ৰাজপথত চিটিকি পৰিছিল।

লগতে পঢ়ক: ‘মহিলাৰ অংশগ্ৰহণে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিব’; নাৰী শক্তি বন্দন অভিযানত প্ৰধানমন্ত্ৰী মোদী

অন্ধকাৰ কুঁৱাই কাল হ’ল এটা পৰিয়ালৰ; মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা

মহাৰাষ্ট্ৰৰ নাছিকৰ ডিণ্ডোৰী অঞ্চলত এখন বাহন কুঁৱাত পৰি যোৱাৰ ফলত একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যু হয়।

মহাৰাষ্ট্ৰৰ নাছিক জিলাত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ’ কুঁৱাত বাগৰি পৰিল এখন যাত্ৰীবাহী বাহন। জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত ডিণ্ডোৰী চহৰৰ শিৱাজী নগৰ অঞ্চলত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। পৰিয়ালটোৰ সকলো সদস্যই এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ ওচৰতে থকা এটা কুঁৱাত পৰি যায়।

দুৰ্ঘটনাটোৰ ফলত পৰিয়ালটোৰ আটাইকেইজন সদস্যৰে মৃত্য হয়। নিহতসকলৰ ভিতৰত পুৰুষ-মহিলা সহ ৬টা শিশুও আছিল।নিহত সকলক  সুনীল দৰগুড়ে, তেওঁৰ পত্নী ৰেশ্মা, আশা অনিল দৰগুড়ে, ৰাখী, মাধুৰী, শ্ৰৱনী বুলি জানিব পৰা গৈছে। মৃত পৰিয়ালটি ইন্দোৰৰ বাসিন্দা আছিল।

লগতে পঢ়ক: কংগ্ৰেছ নেতা শশী থাৰুৰৰ কনভয়ত আক্ৰমণ; দুজন আহত

ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত ৬ জনৰ মৃত্যু

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢেকীয়াজুলি। ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

ঢেকীয়াজুলিৰ বৰতলাত নিশা এক শোকৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত ৮ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে দুগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

এম্বুলেন্সখনে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই আনিছিল।এম্বুলেন্সখনত ৰোগীসহ ৰোগীৰ আত্মীয় আছিল। দুৰ্ঘটনাত নিহত লোকসকলক হৰি মাদগী, কুনাল কৰ্মকাৰ বিজয় হানচা, বিশ্বাস নাথ, সন্ধ্যাচৰী নাথ আৰু সঞ্জীতা নাথ।

পথ দুৰ্ঘটনাটো  সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়। ইয়াৰে সঞ্জীতা নাথ, বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথ একেটা পৰিয়ালৰে লোক। পৰিয়ালৰ লোকে জনোৱা মতে – এম্বুলেন্স খনৰ চালক আছিল বিজয় হানচা । চালক বিজয় হানচাৰ লগতে বাকী ৫ গৰাকী নিহত হোৱা বুলি শ্বহীদ মনবৰ নাথ চিকিৎসালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

লগতে পঢ়ক: মাজনিশা প্ৰচণ্ড গুলীবৰ্ষণ, ৰাজ্যজুৰি চাঞ্চল্য

শোকাৱহ; পুৱতি নিশা বোকাজানত দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ

বোকাজানত পুৱতি নিশা এক শোকাৱহ পথ দুৰ্ঘটনাত ৪ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়।

পুৱতি নিশা বোকাজানত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা গছত খুন্দা মাৰে যাত্ৰীবাহী বাছখনে।পথ দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু হয়।

জানিব পৰা মতে,মৈৰাবাৰীৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল যাত্ৰীবাহী বাছখন। পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ১০ গৰাকীতকৈ অধিক যাত্ৰী আহত হয়।মৃতকৰ ভিতৰত ৩ গৰাকী পুৰুষ আৰু এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।  

 দুৰ্ঘটনাৰ পিছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: জুবিন গাৰ্গৰ নামেৰে অসমত আৱিস্কৃত নতুন উদ্ভিত প্ৰজাতিৰ নামকৰণ

পথ দুৰ্ঘটনাত মৃত্যু হোৱা যুৱতীৰ পৰিয়াললৈ ২৬০ কোটি টকাৰ ক্ষতিপূৰণ

পথ দুৰ্ঘটনাত মৃত্যু হোৱা জাহ্নৱীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২৯ মিলিয়ন ডলাৰ (প্ৰায় ২৬২ কোটি টকা) দিবলৈ সন্মত হৈছে প্ৰশাসন ।

আমেৰিকাৰ ছিয়াটলত ভাৰতীয় ছাত্ৰী জাহ্নৱী কাণ্ডুলাৰ কৰুণ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰশাসনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । ছিয়াটল চহৰ প্ৰশাসনে জাহ্নৱীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২৯ মিলিয়ন ডলাৰ (প্ৰায় ২৬২ কোটি টকা) দিবলৈ সন্মত হৈছে । যোৱা বছৰ তীব্ৰবেগী আৰক্ষীৰ টহলদাৰী বাহনে খুন্দা মৰাৰ ফলত ২৩ বছৰীয়া জাহ্নৱীৰ মৃত্যু হৈছিল, যাৰ ফলত সমগ্ৰ ভাৰত আৰু বিশ্বজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল ।

অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা জাহ্নৱী কাণ্ডুলা নৰ্থ-ইষ্টাৰ্ণ ইউনিভাৰ্চিটি (ছিয়াটল কেম্পাছ)ত স্নাতকোত্তৰ অধ্যয়ন কৰি আছিল । ৰাস্তা পাৰ হোৱা অৱস্থাত তীব্ৰ বেগেৰে আহি থকা আৰক্ষী বিষয়া কেভিন ডেভৰ বাহনে যুৱতীগৰাকীক খুন্দা মাৰে । খবৰ অনুসৰি, ডেভে ১১৯ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গাড়ী চলাইছিল, য’ত গতি সীমা ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল । খবৰ অনুসৰি তেওঁ ‘ড্ৰাগছ অভাৰড’জৰ’ এয়া ফোন লাভ কৰাত তেনেদৰে গৈ আছিল ।

জাহ্নৱীৰ মৃত্যুৰ পিছত আন এজন আৰক্ষী বিষয়া ডেনিয়েল অৰ্ডাৰৰ বডিকেমৰ ফুটেজ পোহৰলৈ অহাত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । ভিডিঅ’টোত অৰ্ডাৰে হাঁহি হাঁহি কোৱা শুনা গৈছে যে জাহ্নৱীৰ জীৱনৰ মূল্য অতি সীমিত আৰু চহৰখনে কেৱল চেক এখন লিখি দিব লাগে । এই সংবেদনহীন মন্তব্যৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় । ভাৰতীয় কূটনীতিবিদসকলেও বিষয়টোৰ তদন্তৰ দাবী জনায় । পিছত অৰ্ডাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় যদিও তেওঁ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছে ।

অভিযুক্ত বিষয়াৰ বিৰুদ্ধে নচলিল কোনো অপৰাধমূলক গোচৰ-

গুৰুতৰ গাফিলতিৰ পিছতো ঘটনাৰ অভিযুক্ত থকা বিষয়া কেভিন ডেভৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক অভিযোগ দাখিল নহ’ল । কিং কাউন্টিৰ অভিযুক্তসকলে কয় যে তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে যে ডেভে ইচ্ছাকৃতভাৱে সুৰক্ষাক অৱজ্ঞা কৰিছিল । ডেভক অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে মাত্ৰ ৫০০০ ডলাৰ (প্ৰায় ৪ লাখ টকা) জৰিমনা বিহা হয় ।

বুধবাৰে ছিয়াটল চিটিৰ এটৰ্নী এৰিকা ইভান্সে এক বিবৃতিত কয় যে জাহ্নৱীৰ মৃত্যু হৃদয়বিদাৰক । তেওঁ কয়, “জাহ্নৱী কাণ্ডুলাৰ জীৱন মূল্যৱান আছিল । তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু আমাৰ সমাজৰ বাবে গুৰুত্বপূৰ্ণ আছিল ।” এই আৰ্থিক নিষ্পত্তিৰ দ্বাৰা পৰিয়ালটোক কিছু সকাহ দিব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে । খবৰ অনুসৰি নিষ্পত্তিৰ ধনৰ ২ কোটি ডলাৰ চহৰখনৰ বীমা কোম্পানীয়ে দিব ।

লগতে পঢ়ক : কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

ভাতৃৰ বিবাহেই কাল হ’ল ককায়েকৰ; দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন

ভাতৃৰ বিবাহ যাত্ৰী বাহনত যাওঁতেই যে জীৱন শেষ হ’ব সেই কথা হয়টো কল্পনাও কৰা নাছিল দুই জ্যেষ্ঠ ভাতৃয়ে। গোৱালপাৰাত দুৰ্ঘটনাত পতিত বিবাহযাত্ৰীৰ বাহন।

গোৱালপাৰাৰ আগিয়ৰ বুধিপাৰাত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ।

জানিব পৰা মতে বিয়া শেষ কৰি কইনা লৈ ঘৰলৈ যাবৰ বাবে সাজু হৈছিল বিবাহ যাত্ৰীৰ বাছখন।সেই সময়তে তীব্ৰবেগত অহা ট্ৰাখখনে পাছফালৰ পৰা খুন্দা মাৰে বিবাহ যাত্ৰীৰ বাছখনক।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দৰাৰ দুই ককায়েক নৰেশ দাস আৰু ৰবি দাস।১৭ নামৰ ৰাষ্ট্ৰীয় ঘাইপথতে পৰি ৰ’ল দুই ককায়েকৰ নিথৰ দেহ।

গোলোকগঞ্জৰ উত্তৰ ৰায়পুৰৰ পৰা গোৱালপাৰাৰ বুধিপাৰালৈ আহিছিল বিবাহযাত্ৰীৰ দলটো। দুৰ্ঘটনাটোত দুজন লোক নিহত হোৱাৰ লগতে বহুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ পিছতে কান্দোনত ভাগি পৰিছে আত্মীয়-স্বজন।      

লগতে পঢ়ক: কঁপাই গ’ল শক্তিশালী ভূমিকম্পই : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৯ 

ভয়ংকৰ পথ দুৰ্ঘটনা… গভীৰ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

এটা খাৱৈত যাত্ৰীবাহী বাছখন বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে ৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাছ এটা খাৱৈত বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে দুগৰাকী মহিলাসহ ১২ জন যাত্ৰী আঙত হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

খবৰ অনুসৰি আলমোৰাৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীত সংঘটিত হয় এই পথ দুৰ্ঘটনা । বাছখন খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে আহত হয় আন ১২ জন যাত্ৰী ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল । আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

জিলাখনৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীৰ সমীপত নিয়ন্ত্রণহীন হৈ বাছখন বাগৰি পৰে ৷ দুৰ্ঘটনাত ৭ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে দুগৰাকী মহিলাকে ধৰি ১২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, প্ৰশাসন আৰু সাহায্য আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় ।

বিষয়াসকলৰ মতে, বাছখনত মুঠ ১৯জন যাত্ৰী আছিল । চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই পথ দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে । নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । তেওঁ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । আহতসকলক তাৎক্ষণিক আৰু উপযুক্ত চিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : ‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

ভয়ংকৰ দুৰ্ঘটনা… ট্ৰাকৰ সৈতে সংঘৰ্ষত অগ্নি গোলকলৈ পৰিণত শ্লিপাৰ বাছ

এখন ট্ৰাকৰ সৈতে শ্লিপাৰ বাছৰ সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাত ৯গৰাকী যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ।

কৰ্ণাটকৰ চিত্ৰদুৰ্গ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এই ভয়ংকৰ দুৰ্ঘটনাত এখন বাছ জুইয়ে আগুৰি ধৰাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ ৯জন লোকৰ মৃত্যু হয় । আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । এখন ট্ৰাক আৰু এখন ব্যক্তিগত শ্লীপাৰ বাছৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাৰ সূত্ৰপতা হয় । সংঘৰ্ষ ইমানেই তীব্ৰ আছিল যে, বাছখন লগে লগে জুইয়ে আগুৰি ধৰে ফলত বাছখনত থকা ৯ জন লোকৰ মৃত্যু হয় ।

বুধবাৰে গভীৰ নিশা চিত্ৰদুৰ্গা জিলাৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোৰ্লাথু ক্ৰছিঙৰ সমীপত এখন তীব্ৰবেগী ট্ৰাকে ডিভাইডাৰ পাৰ হৈ সন্মুখৰ পৰা অহা এখন শ্লীপাৰ বাছত খুন্দা মাৰে । লগে লগে পথৰ মাজতে বাছখনত অগ্নিসংযোগ হয় । যাত্ৰীসকলে কি হৈছে বুজি পোৱাৰ আগতেই জুইৰ লেলিহান শিখাই বাছখন আগুৰি ধৰে । ট্ৰাকখন হিৰিয়ুৰৰ পৰা বেংগালুৰুলৈ আৰু বাছখন বেংগালুৰুৰ পৰা গোকৰ্ণালৈ গৈ আছিল বুলি জানিব পৰা গৈছে ।

অগ্নিদগ্ধ হৈ ৯ যাত্ৰীৰ মৃত্যু-

এই দুৰ্ঘটনাত বাছখনৰ ৯ জন যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে । আন কেইবাজনো আহত যাত্ৰীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰে । হিৰিউৰ গ্ৰাম্য আৰক্ষী থানাত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । বাছখনত পোন্ধৰগৰাকী মহিলা আৰু ১৪জন পুৰুষে যাত্ৰী আছিল ।

বাছখনত আছিল ২৯ জন যাত্ৰী-

খবৰ অনুসৰি বাছখনত ২৯ জন যাত্ৰী আছিল । দুৰ্ঘটনাৰ সময়ত বাছ চালক, কণ্ডাক্টৰ আৰু একাংশ যাত্ৰীয়ে বাছৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে । দুৰ্ঘটনাত ট্ৰাক চালকৰো মৃত্যু হয় । এই ঘটনাৰ পিছতে ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যান-জঁটৰ সৃষ্টি হয় ।

দুৰ্ঘটনাটোৰ পিছতে ঘাইপথত হাহাকাৰ সৃষ্টি হয় । একাংশ লোকে বাছখনৰ জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল যদিও সফল নহ’ল । লগে লগে আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু যথেষ্ট প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে আটাইকেইটা মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ওড়িশাত নিহত শীৰ্ষ মাওবাদী গণেশ উইকেসহ ৬ নক্সালবাদী… মূৰৰ দাম আছিল ১ কোটি

পাঁচ বছৰত অসমত বৃদ্ধি পথ দুৰ্ঘটনাত নিহতৰ সংখ্যাঃ কেন্দ্রীয় পথ পৰিবহণ মন্ত্রীৰ উদ্বেগজনক তথ্য

ৰাজ্যত ৫ বছৰতে পথ দুৰ্ঘটনাত নিহত ১৫,৩০৬ । দেশত পথ দুর্ঘটনাত মৃত্যুৰ হাৰ হ্রাস পোৱাৰ বিপৰীতে পাঁচ বছৰত অসমত বৃদ্ধি ২৭.৪৬ শতাংশ । ৰাজ্যসভাত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী গাডকাৰিৰ উদ্বেগজনক তথ্য ।

দেশত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ তুলনামূলকভাৱে হ্রাস পাহছে যদিও অসমত যোৱা পাঁচ বছৰত বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনত যোৱা পাঁচ বছৰত পথ দুৰ্ঘটনাত প্রাণ হেৰুৱাহছে ১৫,৩০৬জন লোকে ৷ আজি ৰাজ্যসভাত এহ ডদ্বেগজনক তথ্য দাঙি ধৰিছে কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাহপথ মন্ত্রী নীতিন জয়ৰাম গাডকাৰিয়ে ৷

সদনৰ প্রশ্নোত্তৰকালত কংগ্রেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা পথ দুৰ্ঘটনা সম্পর্কীয় এক প্রশ্নৰ উত্তৰত মন্ত্রী গাডকাৰিয়ে প্রকাশ কৰা মতে, সমগ্র দেশত পথ দুর্ঘটনাত মৃত্যুৰ হাৰ বিগত কিছু বছৰত ডল্লেখযোগ্যভাৱে হ্রাস পাইছে ৷ তেওঁ কয় যে ২০১৮ চনত দেশৰ প্রতি দহ হাজাৰ গাড়ীৰ বিপৰীতে পথ দুর্ঘটনাত মৃত্যুৰ হাৰ আছিল ৫.৮ শতাংশ ৷ ২০২২ চনত এহ হাৰ হ্রাস পায় ৪.৩ শতাংশলৈ ৷

একেদৰে প্রতি দহ হাজাৰ কিলোমিটাৰ ৰাস্তাত ২০১৮ চনত গডত ২৫৪জন লোকৰ প্রাণহানি হৈছিল যদিও ২০২২ চনত এহ হাৰ ২৫০জনলৈ কিছু হ্রাস পায় ৷ পিছে মন্ত্রী গাডকাৰিয়ে অসমৰ বাবে প্রদান কৰা বিস্তাৰিত তথ্যত পথ দুর্ঘটনাৰ এক বিপৰীত তথ্য পোহৰলৈ আহিছে ৷ তেওঁ ২০২০ চনৰ পৰা প্রদান কৰা তথ্য অনুসৰি উক্ত চনত অসমত পথ দুর্ঘটনাত মৃত্যু হৈছিল ২,৬২৯জনৰ ৷ কিন্তু ২০২৪ চনত ৰাজ্যখনত পথ দুর্ঘটনাত প্রাণ হেৰুৱায় ৩,৩৫১জনে ৷ অর্থাৎ বিগত পাঁচ বছৰত অসমত পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে ৷

মন্ত্রী গাডকাৰিয়ে প্রদান কৰা তথ্য অনুসৰি হয়াৰ মাজৰ তিনি বছৰত অর্থাৎ ২০২১, ২০২২ আৰু ২০২৩ চনত অসমত পথ দুর্ঘটনাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আছিল ক্রমে ৩,০৩৬, ২,৯৯৪ আৰু ৩,২৯৬ ৷ মন্ত্রীজনে প্রকাশ কৰা মতে, দেশৰ মুঠ ১,৭৮,২৯৩ কিলোমিটাৰ ৰাস্তাত সমীক্ষা চলাই সন্ধান লাভ কৰা দুর্ঘটনা অধ্যুষিত ১২,২৮৯টা ব্লেকস্পটৰ স্বল্পম্যাদী সংস্কাৰ কৰা হৈছে ৷ দীর্ঘম্যাদী সংস্কাৰ কৰা হৈছে আন ৫,৭৭৩টা ব্লেকস্পটৰ ৷ ডল্লেখ্য যে অসমত দুর্ঘটনা অধ্যুষিত ৯৫টা ব্লেকস্পট পূর্বতে চিহ্ণিত কৰা হৈছিল ৷

লগতে পঢ়ক : আজি লোকসভাত প্ৰদূষণ সন্দৰ্ভত আলোচনা, বিয়লি ৫ বজাত পৰিৱেশ মন্ত্ৰীয়ে দিব উত্তৰ