‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

উছমান হাদীৰ হত্যাকাৰী মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে বুলি বাংলাদেশে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে বি এছ এফে । বাংলাদেশৰ এই অভিযোগ ভিত্তিহীন বুলি কেইছে সুৰক্ষা বাহিনীয়ে । মেঘালয়ত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে বাংলাদেশ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত মেঘালয়

উছমান হাদীৰ হত্যাকাৰী মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে বুলি বাংলাদেশে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে বি এছ এফে । বাংলাদেশৰ এই অভিযোগ ভিত্তিহীন বুলি কেইছে সুৰক্ষা বাহিনীয়ে ।

মেঘালয়ত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে বাংলাদেশ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ দাবীক খাৰিজ কৰে । বি এছ এফৰ বিষয়াসকলে এই অভিযোগসমূহক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে ।

বাংলাদেশ আৰক্ষীৰ দাবীক ভিত্তিহীন আখ্যা বি এছ এফৰ-

প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বি এছ এফৰ মহাপৰিদৰ্শক অ’ পি উপাধ্যায়ে এই দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে । তেওঁ স্পষ্ট কৰি দিয়ে যে হালুৱাঘাট খণ্ডৰ পৰা কোনো ব্যক্তিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰাৰ কোনো প্ৰমাণ পোৱা নাই । তেওঁৰ মতে, বি এছ এফে এনে কোনো অনুপ্ৰৱেশৰ খবৰ পোৱা নাই আৰু এই সন্দৰ্ভত কোনো প্ৰতিবেদন পোৱা নাই ।

ইয়াৰ পূৰ্বে ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দাবী কৰিছিল যে হত্যাকাণ্ডৰ দুজন মূল সন্দেহযুক্ত লোকে স্থানীয় সহযোগীৰ সহায়ত মেঘালয়ৰ গাৰো হিলছ অঞ্চলত প্ৰৱেশ কৰিছিল । লগতে কয় যে অভিযুক্তক সহায় কৰা দুজন ব্যক্তিক ভাৰতীয় সংস্থাই আটক কৰি ৰাখিছে ।

সীমান্তত হাই এলাৰ্ট, অবৈধ অনুপ্ৰৱেশৰ ওপৰত কঠোৰ সতৰ্কতা-

মেঘালয় আৰক্ষীয়েও এই দাবী নাকচ কৰে । ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, গাৰো পাহাৰত সন্দেহযুক্ত লোকৰ উপস্থিতি নিশ্চিত কৰা কোনো চোৰাংচোৱা তথ্য উপলব্ধ নহয় । তেওঁ লগতে কয় যে স্থানীয় আৰক্ষী ইউনিটসমূহে কোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ পোৱা নাই আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় অব্যাহত আছে ।

বি এছ এফৰ বিষয়াসকলে উল্লেখ কৰিছে যে চুবুৰীয়া বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে । তেওঁলোকে পুনৰ কয় যে এই খণ্ডৰ সীমান্তত নিৰন্তৰ নিৰীক্ষণ চলি আছে আৰু অবৈধভাৱে পাৰ হোৱাৰ যিকোনো প্ৰচেষ্টা তৎক্ষণাত ধৰা পৰিব ।

লগতে পঢ়ক : ‘আমি আওকাণ কৰিব নোৱাৰো…’ বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ মহম্মদ ইউনুছক তিৰস্কাৰ ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ