জুবিন গাৰ্গৰ নামেৰে অসমত আৱিস্কৃত নতুন উদ্ভিত প্ৰজাতিৰ নামকৰণ

জুবিন গাৰ্গৰ নামেৰে অসমত আৱিস্কৃত নতুন উদ্ভিত প্ৰজাতিৰ নামকৰণ

অসমৰ সংস্কৃতি তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী জুবিন গাৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে অসমত ‘ওচবেকিয়া জুবিনগাৰ্গিয়ানা’ (Osbeckia zubeengargiana) নামৰ এক নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে । এই নতুন উদ্ভিদৰ প্ৰজাতিটো আৱিষ্কাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে লগতে অসমৰ সংস্কৃতি

অসমৰ সংস্কৃতি তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী জুবিন গাৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে

অসমত ‘ওচবেকিয়া জুবিনগাৰ্গিয়ানা’ (Osbeckia zubeengargiana) নামৰ এক নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰা হৈছে । এই নতুন উদ্ভিদৰ প্ৰজাতিটো আৱিষ্কাৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে লগতে অসমৰ সংস্কৃতি তথা প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে শিল্পী জুবিন গাৰ্গৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে ।

‘মেলাষ্টোমাটাচিয়া’ (Melastomataceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এই নতুনকৈ চিনাক্ত কৰা প্ৰজাতিটো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত পোৱা গৈছে । অসমৰ মেলাষ্টোমাটাচিয়া পৰিয়ালৰ ওপৰত কৰা এক ডক্টৰেট গৱেষণা প্ৰকল্পৰ অংশ হিচাপে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত চলোৱা উদ্ভিদ সম্পৰ্কীয় অনুসন্ধানৰ সময়ত গৱেষকসকলে এই আৱিষ্কাৰ কৰিছিল ।

বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত এই উদ্ভিদৰ এক বৃহৎ সংখ্যা দেখা গৈছিল আৰু তাৰ পৰাই ইয়াৰ নমুনা সংগ্ৰহ কৰা হৈছে । গৱেষকসকলে জনোৱা মতে, ছেপ্টেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰী মাহলৈকে এই উদ্ভিদত ফুল আৰু ফল ধৰে ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি