গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি

দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে বিয়লি দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণকালত তেওঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু

দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শুকুৰবাৰে বিয়লি দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । এই ভ্ৰমণকালত তেওঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু উদ্বোধন কৰাৰ কথা আছে ।

জানিব পৰা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে দিনৰ ভাগত কোকৰাঝাৰ ভ্ৰমণ কৰি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল । কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল কৰা হয় ।

কাৰ্যসূচীৰ এই পৰিৱৰ্তন সত্ত্বেও, প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ বাবে পৰিকল্পিত ৪,৫৭০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহ ভার্চুৱেলী উন্মোচন কৰিব । প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ গুৱাহাটীতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । বিমানবন্দৰত তেওঁক আদৰণি জনাবলৈ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্যিক নেতৃত্ব উপস্থিত থাকে ।

এই ভ্ৰমণৰ সময়ছোৱাত মোদীয়ে অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় ৪৮,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে । আজি দিনৰ শেষৰ ফালে গুৱাহাটীত আৰু ১৪ মাৰ্চত শিলচৰত পৰৱৰ্তী কাৰ্যসূচী তথা প্ৰকল্পসমূহৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ