পাইলটৰ ইচ্ছাকৃত ভুলৰ বাবেই প্ৰাণ গৈছিল ২৬০ জনৰ! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো কাৰিকৰী বিজুতিৰ বাবে হোৱা নাছিল, বৰঞ্চ এয়া আছিল এটা ইচ্ছাকৃত কামৰ পৰিণতি । আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো কাৰিকৰী বিজুতিৰ বাবে হোৱা নাছিল, বৰঞ্চ এয়া আছিল এটা ইচ্ছাকৃত কামৰ পৰিণতি ।

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো কাৰিকৰী বিজুতিৰ বাবে হোৱা নাছিল, বৰঞ্চ এয়া আছিল এটা ‘উদ্দেশ্যপ্ৰণোদিত কাৰ্য’ৰ পৰিণতি । ইটালীয়ান দৈনিক বাতৰি কাকত ‘Corriere della Sera’ই নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত হোৱা শেহতীয়া বাৰ্তালাপৰ বিষয়ে অৱগত দুটা সূত্ৰৰ উদ্ধৃতি দি এই প্ৰতিবেদন প্ৰকাশ কৰিছে । অৱশ্যে, এ সন্দৰ্ভত ডিজিচিএ (DGCA)ৰ অফিচিয়েল ৰিপৰ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই ।

প্ৰতিবেদন অনুসৰি ভাৰতীয় তদন্তকাৰী এই সিদ্ধান্তত উপনীত হৈছে যে ২০২৫ চনৰ ১২ জুনত ইঞ্জিনৰ ফিউল কাট অফৰ পিছত সংঘটিত হোৱা দুৰ্ঘটনাটো যান্ত্ৰিক বিজুতিৰ বাবে নহয়, ইচ্ছাকৃতভাৱে কৰা কাৰ্যকলাপৰ বাবেহে সংঘটিত হৈছে । এতিয়া বিষয়াসকলে নিজৰ চূড়ান্ত প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলাইছে । কাকতখনে আৰু কয় যে তদন্তত সহায় কৰা আমেৰিকাৰ বিশেষজ্ঞসকলে এই তথ্যসমূহক “বৃহৎ অগ্ৰগতি” বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ ড্ৰিমলাইনাৰ খন উৰণৰ কেইছেকেণ্ডমানৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল । এই ঘটনাত বিমানখনে খুন্দা মৰা মেডিকেল ছাত্র হোষ্টেলৰ ভিতৰৰ আৱাসী আৰু যাত্ৰীকে ধৰি মুঠ ২৬০ জন লোক নিহত হয় । মাত্ৰ এজন বিমান যাত্ৰীহে এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ।

ভাৰতৰ বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (AAIB) য়ে ২০২৫ চনৰ জুলাই মাহত প্ৰকাশ কৰা এক প্ৰাৰম্ভিক প্ৰতিবেদনত এজন পাইলটে ইন্ধন নিয়ন্ত্ৰণ বন্ধ কৰাৰ বিষয়ে শেষৰ ককপিট কথোপকথনৰ কথা উল্লেখ কৰা হৈছে । ককপিটৰ ভয়েচ ৰেকৰ্ডিঙত এজন পাইলটে সোধা শুনা যায়, “আপুনি ইন্ধন কিয় বন্ধ কৰিলে ?” আনজনে উত্তৰ দিয়ে, “মই কৰা নাছিলো ।”

ইটালীৰ কাকতখনে এই বিৱৰণী পুনৰবাৰ উল্লেখ কৰে । প্ৰতিবেদনত দাবী কৰা হৈছে যে এতিয়া তদন্তকাৰীয়ে বিশ্বাস কৰে যে এজন পাইলটে ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচটো বন্ধ কৰি দিয়াৰ ফলত বিমানখনে শক্তি হেৰুৱাই আৰু দুৰ্ঘটনাগ্ৰস্ত হয় । কেপ্তেইন সুমিত সভাৰৱাল পাইলট ইন কমাণ্ড, ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ বিমানখনৰ সহ-পাইলট আছিল ।

নতুন প্ৰতিবেদনত আৰু কোৱা হৈছে যে, “দায়িত্ব এতিয়াও স্পষ্ট নহয় । মূল সন্দেহযুক্ত ব্যক্তিজন হৈছে কেপ্তেইন সুমিত সভাৰৱাল, দুৰ্ঘটনাৰ পিছত যি হতাশাত ভুগি থকা বুলি পোহৰলৈ আহিছিল ।”

এএআইবিৰ প্ৰাৰম্ভিক তদন্তৰ পিছতে সভাৰৱালৰ পিতৃয়ে অভিযোগ খাৰিজ কৰি নতুন তদন্তৰ দাবী জনায়, পুত্ৰৰ মানসিক স্বাস্থ্যৰ জল্পনা-কল্পনাও খাৰিজ কৰে । বিবাহ বিচ্ছেদৰ প্ৰতিবেদনকে ধৰি ব্যক্তিগত সমস্যাই পুত্ৰৰ উদ্বেগ বা হতাশাৰ সৃষ্টি কৰা বুলি তেওঁ অস্বীকাৰ কৰে তেওঁ ।

লগতে পঢ়ক : আকাশমাৰ্গত অধিক শক্তিশালী হ’ব ভাৰত; ১১৪খন অত্যাধুনিক ৰাফেল বিমান ক্ৰয়ৰ বৃহৎ সিদ্ধান্ত