ফটকা ফেক্টৰীত ভয়াৱহ বিস্ফোৰণ: ৮ জনৰ মৃত্যু

ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল

গুজৰাটৰ আহমেদাবাদৰ ৰামোল অঞ্চলত আজি বিয়লি এটা মুকলি ফটকা ফেক্টৰীত এক ভয়াৱহ বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰামোল-গতৰাড ৰোডত থকা এই ফেক্টৰীটোত সংঘটিত হোৱা বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ইয়াৰ শব্দ প্ৰায় এক কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল ।

এই দুৰ্ঘটনাত এতিয়ালৈকে ৮ জন শ্ৰমিকৰ মৃত্যু হৈছে আৰু ১০ জনতকৈও অধিক লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি বাতৰিত প্ৰকাশ । ঘটনাৰ পিছতে অঞ্চলটোত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় । অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰু ১০৮ এম্বুলেন্সৰ জৰিয়তে আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । উদ্ধাৰ কাৰ্য এতিয়াও অব্যাহত আছে । বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষী আৰু বিভাগীয় সংস্থাই তদন্ত আৰম্ভ কৰিছে ।

মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য ঘোষণা-

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে । তেওঁ মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে ভুক্তভোগীসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিছে ।

লগতে পঢ়ক : চিকিৎসালয়ত ভৰ্তি সোনম ৱাংচুক; যন্তৰ মন্তৰ খালী কৰিবলৈ নিৰ্দেশ দিল্লী আৰক্ষী

কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো কাৰিকৰী বিজুতিৰ বাবে হোৱা নাছিল, বৰঞ্চ এয়া আছিল এটা ইচ্ছাকৃত কামৰ পৰিণতি ।

আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ তদন্ত কৰি থকা তদন্তকাৰীসকল এই সিদ্ধান্তত উপনীত হৈছে যে এই দুৰ্ঘটনা কোনো কাৰিকৰী বিজুতিৰ বাবে হোৱা নাছিল, বৰঞ্চ এয়া আছিল এটা ‘উদ্দেশ্যপ্ৰণোদিত কাৰ্য’ৰ পৰিণতি । ইটালীয়ান দৈনিক বাতৰি কাকত ‘Corriere della Sera’ই নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত হোৱা শেহতীয়া বাৰ্তালাপৰ বিষয়ে অৱগত দুটা সূত্ৰৰ উদ্ধৃতি দি এই প্ৰতিবেদন প্ৰকাশ কৰিছে । অৱশ্যে, এ সন্দৰ্ভত ডিজিচিএ (DGCA)ৰ অফিচিয়েল ৰিপৰ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই ।

প্ৰতিবেদন অনুসৰি ভাৰতীয় তদন্তকাৰী এই সিদ্ধান্তত উপনীত হৈছে যে ২০২৫ চনৰ ১২ জুনত ইঞ্জিনৰ ফিউল কাট অফৰ পিছত সংঘটিত হোৱা দুৰ্ঘটনাটো যান্ত্ৰিক বিজুতিৰ বাবে নহয়, ইচ্ছাকৃতভাৱে কৰা কাৰ্যকলাপৰ বাবেহে সংঘটিত হৈছে । এতিয়া বিষয়াসকলে নিজৰ চূড়ান্ত প্ৰতিবেদনৰ খচৰা প্ৰস্তুত কৰাৰ প্ৰস্তুতি চলাইছে । কাকতখনে আৰু কয় যে তদন্তত সহায় কৰা আমেৰিকাৰ বিশেষজ্ঞসকলে এই তথ্যসমূহক “বৃহৎ অগ্ৰগতি” বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ ড্ৰিমলাইনাৰ খন উৰণৰ কেইছেকেণ্ডমানৰ পিছতে দুৰ্ঘটনাত পতিত হৈছিল । এই ঘটনাত বিমানখনে খুন্দা মৰা মেডিকেল ছাত্র হোষ্টেলৰ ভিতৰৰ আৱাসী আৰু যাত্ৰীকে ধৰি মুঠ ২৬০ জন লোক নিহত হয় । মাত্ৰ এজন বিমান যাত্ৰীহে এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ।

ভাৰতৰ বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰো (AAIB) য়ে ২০২৫ চনৰ জুলাই মাহত প্ৰকাশ কৰা এক প্ৰাৰম্ভিক প্ৰতিবেদনত এজন পাইলটে ইন্ধন নিয়ন্ত্ৰণ বন্ধ কৰাৰ বিষয়ে শেষৰ ককপিট কথোপকথনৰ কথা উল্লেখ কৰা হৈছে । ককপিটৰ ভয়েচ ৰেকৰ্ডিঙত এজন পাইলটে সোধা শুনা যায়, “আপুনি ইন্ধন কিয় বন্ধ কৰিলে ?” আনজনে উত্তৰ দিয়ে, “মই কৰা নাছিলো ।”

ইটালীৰ কাকতখনে এই বিৱৰণী পুনৰবাৰ উল্লেখ কৰে । প্ৰতিবেদনত দাবী কৰা হৈছে যে এতিয়া তদন্তকাৰীয়ে বিশ্বাস কৰে যে এজন পাইলটে ইঞ্জিনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচটো বন্ধ কৰি দিয়াৰ ফলত বিমানখনে শক্তি হেৰুৱাই আৰু দুৰ্ঘটনাগ্ৰস্ত হয় । কেপ্তেইন সুমিত সভাৰৱাল পাইলট ইন কমাণ্ড, ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰ বিমানখনৰ সহ-পাইলট আছিল ।

নতুন প্ৰতিবেদনত আৰু কোৱা হৈছে যে, “দায়িত্ব এতিয়াও স্পষ্ট নহয় । মূল সন্দেহযুক্ত ব্যক্তিজন হৈছে কেপ্তেইন সুমিত সভাৰৱাল, দুৰ্ঘটনাৰ পিছত যি হতাশাত ভুগি থকা বুলি পোহৰলৈ আহিছিল ।”

এএআইবিৰ প্ৰাৰম্ভিক তদন্তৰ পিছতে সভাৰৱালৰ পিতৃয়ে অভিযোগ খাৰিজ কৰি নতুন তদন্তৰ দাবী জনায়, পুত্ৰৰ মানসিক স্বাস্থ্যৰ জল্পনা-কল্পনাও খাৰিজ কৰে । বিবাহ বিচ্ছেদৰ প্ৰতিবেদনকে ধৰি ব্যক্তিগত সমস্যাই পুত্ৰৰ উদ্বেগ বা হতাশাৰ সৃষ্টি কৰা বুলি তেওঁ অস্বীকাৰ কৰে তেওঁ ।

লগতে পঢ়ক : আকাশমাৰ্গত অধিক শক্তিশালী হ’ব ভাৰত; ১১৪খন অত্যাধুনিক ৰাফেল বিমান ক্ৰয়ৰ বৃহৎ সিদ্ধান্ত

‘চূড়ান্ত প্ৰতিবেদন অহালৈকে অপেক্ষা কৰক’; এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনা প্ৰতিবেদনক লৈ ৰাম মোহন নাইডুৰ ডাঙৰ বক্তব্য

ৰাম মোহন নাইডুৰ ডাঙৰ বক্তব্য

১২ জুনত আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। এই প্ৰতিবেদনত বহু কথা প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে বিমানখনৰ দুয়োটা ইঞ্জিন একেলগে বিকল হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। আন বহু কথাও এই প্ৰতিবেদনত পোহৰলৈ আহিছে।

প্ৰাথমিক প্ৰতিবেদন ওলোৱাৰ পিছত এতিয়া কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে এটা ডাঙৰ বক্তব্য দিছে।

তেওঁ কৈছে যে আমি কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে চূড়ান্ত প্ৰতিবেদনলৈ অপেক্ষা কৰিব লাগে।তেওঁ কয় যে এতিয়া যি প্ৰতিবেদন আহিছে সেয়া তদন্তকাৰী ব্যুৰো (এএআইবি)ৰ প্ৰাৰম্ভিক তথ্যৰ ভিত্তিত হে।

কেন্দ্ৰীয় মন্ত্ৰী নাইডুৱে বিশাখাপট্টনমত সাংবাদিকৰ আগত কয় যে এই সন্দৰ্ভত আমি এতিয়াই কোনো সিদ্ধান্ত লোৱা উচিত নহয় বুলি মই নাভাবো।মোৰ বিশ্বাস আমাৰ হাতত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ পাইলট আৰু ক্ৰু কৰ্মশক্তি আছে।

দেশৰ পাইলট আৰু ক্ৰুৰ সকলো প্ৰচেষ্টাৰ শলাগ লৈছো।অসামৰিক বিমান পৰিবহণৰ প্ৰাথমিক সম্পদ।আমি  পাইলটৰ কল্যাণ আৰু মংগলৰ প্ৰতিও যত্ন লওঁ।

গতিকে আমি এই সময়ত কোনো সিদ্ধান্ত লোৱা উচিত নহয় আৰু চূড়ান্ত প্ৰতিবেদনলৈ অপেক্ষা কৰা উচিত।

লগতে পঢ়ক: হঠাৎ কেনেদৰে বন্ধ হৈছিল দুয়োটা ইঞ্জিন; এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য  

হঠাৎ কেনেদৰে বন্ধ হৈছিল দুয়োটা ইঞ্জিন; এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য  

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য  

১২ জুনত আহমেদাবাদত উৰণৰ কিছু ছেকেণ্ডৰ ভিতৰতে এয়াৰ ইণ্ডিয়াৰ বিমান বয়িং ৭৮৭-৮ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।এই দুৰ্ঘটনা সন্দৰ্ভত ভাৰতীয় বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে এক প্ৰাৰম্ভিক প্ৰতিবেদন প্ৰকাশ কৰিছে।

এই প্ৰতিবেদনে সকলোকে স্তম্ভিত কৰিছে। এই ১৫ পৃষ্ঠাজোৰা প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমানখন অৱতৰণৰ কিছু ছেকেণ্ডৰ পিছতে হঠাতে বন্ধ হৈছিল দুয়োটা ইঞ্জিন,যাৰ বাবে বিমানখনে শক্তি লাভ কৰিব নোৱাৰিলে আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

AAIB ৰ প্ৰতিবেদন অনুসৰি এয়াৰ ইণ্ডিয়াৰ বিমানখনে সফলতাৰে উৰা মাৰিছিল।ইয়াৰ পিছত সকলো স্বাভাৱিক হৈ আছিল আনকি বিমানখন প্ৰয়োজনীয় উচ্চতাও পাইছিল গৈ।

কিন্তু তাৰ পিছত দুয়োটা ইঞ্জিনৰ ইন্ধন কাটঅফ চুইচবোৰ ‘ৰাণ’ৰ পৰা ‘কাটঅফ’লৈ গতি কৰিলে।অৰ্থাৎ ইঞ্জিনটোৱে ইন্ধন পোৱা নাছিল। এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ইঞ্জিনত ইন্ধন নপৰাৰ বাবে শক্তি হেৰুৱাই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।  

এই সময়ছোৱাত দুয়োজন পাইলটৰ মাজত হোৱা কথা-বতৰাও পোহৰলৈ আহিছে।এজন পাইলটে সুধিছিলে যে, আপুনি চুইচটো কিয় বন্ধ কৰি দিলে? এই কথাত আনজন পাইলটে উত্তৰ দিছিল যে, মই তেনেকুৱা একো কৰা নাই।

এই কথা-বতৰাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে বিমানখনৰ গতি লেহেমীয়া হ’বলৈ ধৰে আৰু বিমানখনে মেডিকেল কলেজৰ ভৱনত খুন্দা মাৰে।

এই গোচৰত ভাৰতৰ বিমান দুৰ্ঘটনা অনুসন্ধান ব্যুৰোৱে এতিয়া ১৫ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰি দুৰ্ঘটনাৰ কাৰণ জানিবলৈ দিছে।এইটো মাত্ৰ প্ৰাৰম্ভিক প্ৰতিবেদন।

ইয়াত কেৱল কাৰিকৰী কাৰণেই উন্মোচিত হোৱা নাই, বৰঞ্চ ককপিটত শেষৰ কথা-বতৰাইও বহু নতুন প্ৰশ্নৰ উত্থাপন কৰিছে।

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা সন্দৰ্ভত বিতং তদন্ত এতিয়াও অব্যাহত আছে। বৰ্তমান দুয়োটা ইঞ্জিন কেনেকৈ স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ গ’ল তাৰ তদন্ত চলি আছে।

লগতে পঢ়ক: কানাডাৰ ওপৰত ৩৫% শুল্ক আৰোপ কৰিব ড’নাল্ড ট্ৰাম্পে; সকলো বস্তুতে হ’ব প্ৰযোজ্য

অলিম্পিক ২০৩৬ৰ বাবে দাবী উত্থাপন ভাৰতৰ; এইখন চহৰত আয়োজন কৰাৰ প্ৰস্তাৱ

অলিম্পিক ২০৩৬ৰ বাবে দাবী ভাৰতৰ

অলিম্পিক ২০৩৬ৰ আয়োজনক লৈ বৰ্তমান চৰ্চা চলিছে।ভাৰতে বৰ্তমান ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ অনুমতি লাভ কৰিবলৈ চেষ্টা চলাই আছে।

ভাৰতীয় অলিম্পিক সন্থাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ১ জুলাই মঙলবাৰে ল’জানস্থিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে।

ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ৰ বহু উচ্চপদস্থ বিষয়াক ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।সেই প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল পি টি উষা, যি বৰ্তমান দেশৰ অলিম্পিক এছ’চিয়েশ্যনৰ সভাপতি।

ভাৰতীয় প্ৰতিনিধি দলটোৱে তাত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ আহমেদাবাদত অলিম্পিক ২০৩৬ আয়োজন কৰিব বিচৰা বুলি কয়।

ভাৰতে আনুষ্ঠানিকভাৱে অলিম্পিক ২০৩৬ আয়োজনৰ দিশত এখোজ আগুৱাই লৈ গৈছে।এই উপলক্ষে IOC এভাৰতীয় প্ৰতিনিধি দলটোক গ্ৰীষ্মকালীন গেমছ আয়োজন কৰিবলৈ ল’বলগীয়া প্ৰয়োজনীয় পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে।

এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰতিনিধি দলটোৱে কয় যে, এয়া আছিল এক গুৰুত্বপূৰ্ণ আলোচনা, য’ত তেওঁক আহমেদাবাদত অলিম্পিক আয়োজন কৰাৰ বিষয়ে অৱগত কৰা হৈছিল।

লছ এঞ্জেলছত ২০৩২ চনৰ অলিম্পিক

উল্লেখ্য যে, ২০২৮ চনৰ অলিম্পিক লছ এঞ্জেলছত আৰু ২০৩২ চনৰ অলিম্পিক ব্রিজবেনত অনুষ্ঠিত হ’ব, এনে পৰিস্থিতিত ভাৰতৰ দৃষ্টি এতিয়া ৩৬ ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক গেমছৰ ওপৰত আছে।

ভাৰতৰ লগতে চৌদি আৰব, ইণ্ডোনেছিয়া, তুৰ্কিয়ে আৰু চিলিৰ দৰে দেশসমূহো ২০৩৬ চনৰ অলিম্পিক আৰু পেৰালিম্পিক আয়োজনৰ দৌৰত নামি পৰিছে।

IOC এ আয়োজক দেশৰ বাছনি প্ৰক্ৰিয়াত কিছু পৰিৱৰ্তন কৰিছে। এনে পৰিস্থিতিত এতিয়া লক্ষ্যণীয় হ’ব ৩৬ চনৰ অলিম্পিক গেমছৰ আয়োজনৰ অনুমতি ভাৰতে পায় নে নাপায়।

অলিম্পিক কমিটীৰ সৈতে হোৱা বৈঠকৰ পাছত কি ক’লে পি টি উষাই?

অলিম্পিক কমিটীৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাই কয়, ‘ভাৰতীয় ভূমিত অলিম্পিক কেৱল স্মৰণীয় অনুষ্ঠান নহয়, বৰং ইয়াৰ প্ৰভাৱ আগন্তুক প্ৰজন্মৰ ওপৰতো পৰিব।

ইয়াৰ পূৰ্বে ভাৰতে ২০২৩ চনৰ অক্টোবৰ মাহত IOC লৈ এখন পত্ৰ লিখি ৩৬ৰ অলিম্পিক আয়োজন কৰাৰ দাবী জনাইছিল।

লগতে পঢ়কে: দ্বিতীয় টেষ্টত যশপ্ৰীত বুমৰাহৰ উপস্থিতি সন্দৰ্ভত ডাঙৰ বক্তব্য কৰিলে অধিনায়ক গীলে…

আহমেদাবাদ ট্ৰেজেদী : শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন পাইলট সুমিত সভাৰৱালৰ

১২ জুনত আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট কেপ্তেইন সুমিত সভাৰৱালক মঙলবাৰে মুম্বাইত এক শোকাকুল পৰিৱেশত অন্তিম বিদায় জনোৱা হয় । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে পিতৃয়ে পুত্ৰ সুমিতক আৱেগিক বিদায় দিয়ে । সভাৰৱালৰ মৃতদেহ আহমেদাবাদৰ পৰা মুম্বাইলৈ অনাৰ কেইঘণ্টামান পিছতে উপনগৰ চাকলাৰ এক শ্মশানত পৰিয়ালৰ লোকৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

৫৬ বছৰীয়া প্ৰবীণ পাইলটজনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পিছত প্ৰায় ১১.১৫ বজাত তেওঁৰ পিতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্য শ্মশানৰ পৰা ওলাই যায় । ইয়াৰ পূৰ্বে পুৱা সভাৰৱালৰ মৃতদেহ কঢ়িয়াই অনা কফিনটো বিমানেৰে মুম্বাই বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পিছত পৰিয়ালৰ লোকে পৱাই অঞ্চলৰ জল বায়ু বিহাৰত থকা তেওঁৰ বাসগৃহলৈ লৈ যায় ।

সভাৰৱালৰ বহু বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজন আৰু স্থানীয় বাসিন্দা তেওঁৰ বাসগৃহৰ বাহিৰত সমবেত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সুমিত সভাৰৱালৰ পিতৃকে ধৰি অন্যান্য আত্মীয়ই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই ।

উল্লেখ্য যে, ১২ জুনত আহমেদাবাদত ২৪২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ কঢ়িয়াই নিয়া এয়াৰ ইণ্ডিয়াৰ বিমান এ আই-১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বিমানখনত থকা এজন যাত্ৰীৰ বাহিৰে বাকী সকলোৰে মৃত্যু হয়, আনহাতে মাটিত থকা আন ২৯ জনৰো মৃত্যু হয় ।

ইফালে মহাৰাষ্ট্ৰৰ ৰায়গড়ত আহমেদাবাদ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলক শেষ বিদায় দিয়া হয় । আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া যাত্ৰীবাহী বিমানখনৰ ক্ৰু মেম্বাৰ মৈথিলী পাটিলৰ মৃতদেহ নভা গাঁৱৰ বাসগৃহলৈ অনা হয় । বৃহৎ সংখ্যক লোক তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ সমবেত হয় ।

লগতে পঢ়ক : DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত; আত্মীয়ক গতালে ২৭ টা মৃতদেহ

DNA পৰীক্ষাত কৰা হৈছে চিনাক্ত

লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তিনিদিন পিছত কৰ্তৃপক্ষই এতিয়া মৃতদেহবোৰৰ DNA পৰীক্ষা কৰা হৈছে।

এই পৰীক্ষাত বৰ্তমানলৈকে ৪৭ টা মৃতদেহ চিনাক্ত কৰি ২৪টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে। এজন বিষয়াই এই তথ্য প্ৰদান কৰিছে।

১২ জুনত সংঘটিত হোৱা এই ভয়াবহ দুৰ্ঘটনাটোত বহু মৃতদেহ ইমানেই জ্বলি গৈছিল যে চিনাক্ত কৰাটো কঠিন হৈ পৰিছিল, ইয়াৰ পিছত বিষয়াসকলে DNA টেষ্টিং কৰি আছে।

৪৭টা মৃতদেহৰ ডি এন এ মিলিছে

অতিৰিক্ত অসামৰিক অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয়, ‘এতিয়ালৈকে ডি এন এ মেচিঙৰ জৰিয়তে বিমান দুৰ্ঘটনাত পতিত হোৱা মুঠ ৪৭ জন লোকক চিনাক্ত কৰা হৈছে”।

“ইয়াৰে ২৪ জন নিহত লোকৰ মৃতদেহ নিজ নিজ পৰিয়ালক গতাই দিয়া হৈছে। এই মৃত লোকসকল ৰাজস্থান আৰু গুজৰাটৰ বিভিন্ন প্ৰান্তৰ আছিল।”

৪৪টা পৰিয়ালক অৱগত

চিকিৎসা অধীক্ষক ডাঃ ৰজনীশ পেটেলে কয় যে, “আহমেদাবাদত সংঘটিত দুৰ্ঘটনাটোৰ পিছত যিমানবোৰ মৃতদেহ আহিছিল, ইয়াৰে ৪৭ জনৰ ডি এন এ মেচ কৰা হৈছে। ইতিমধ্যে ৪৪টা পৰিয়ালক অৱগত কৰা হৈছে”।

“প্ৰতিটো মৃতদেহৰ সৈতে এটা দল নিযুক্ত কৰা হৈছে, যিয়ে মৃতদেহটো ঘৰলৈ গতাই তৈ আহিব। এতিয়ালৈকে মুঠ কিমান লোকৰ মৃত্যু হৈছে, সেয়া ডি এন এৰ নমুনা সংগ্ৰহৰ পিছতহে জানিব পৰা যাব”।

” বৰ্তমান চিকিৎসালয়ত মাত্ৰ ১৩ জন লোকক ভৰ্তি কৰা হৈছে, বাকীসকলক ডিচচাৰ্জ দিয়া হৈছে।”

লগতে পঢ়ক: “মন্দিৰৰ সমুখত নিষিদ্ধ মাংস পেলোৱাৰ আঁৰত বিজেপি-RSS”; গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী; ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নাবাচিল এজনো যাত্ৰী

গুজৰাটৰ আহমেদাবাদৰ পৰা আহি আছে এক অতি দুৰ্ভাগ্যজনক খবৰ।চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ মেঘনী নগৰত দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমান।

বিমান খনত ক্ৰু মেম্বাৰসহ ২৪২ জন যাত্ৰী আছিল। আহমেদাবাদৰ পৰা লণ্ডলনৈ যাত্ৰী কঢ়িয়াই নিয়া বিমানখন এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল।

তাৰ মাজতে এতিয়া জানিব পৰা মতে বিমানখনত থকা আটাইকেইজন যাত্ৰীয়ে মৃত্যু হৈছে। উৰণৰ কিছু সময় পিছতেই পাইলটে গম পাইছিল যে বিমানখনত কিছু  বিজুতি ঘটিছে।

যাত্ৰীসকলক বচোৱাৰ বাবে দুই পাইলটে আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু কোনোপ্ৰকাৰে এজনো লোকৰো প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে পাইলটে।

দুৰ্ঘটনাগ্ৰস্থ বিমানখন মাত্ৰ ১২ ছেকেণ্ডতে দাউ দাউ কৈ জ্বলি উঠি BJ মেডিকেল কলেজ হোষ্টেলৰ ওপৰত পৰে। যাৰ ফলত ৫ জন মেডিকেলৰ ছাত্ৰৰো মৃত্যু হয়।

বিমানখনত ১৬৯গৰাকী ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ৭গৰাকী পৰ্তুগীজ আৰু এগৰাকী কানাডিয়ান যাত্ৰী আছিল। আহমেদাবাদৰ মেঘানীনগৰ অঞ্চলৰ সমীপৰ ধৰপুৰৰ পৰা প্ৰচণ্ড ধোঁৱা দেখা গৈছিল।

অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ সেই স্থানলৈ আহিছে আৰু জৰুৰীকালীন সহায়কাৰী দল সংগঠিত কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই কৰ্তৃপক্ষই।

লগতে পঢ়ক:  ‘বাকৰুদ্ধ হৈ পৰিছো’; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ শোক প্ৰকাশ অক্ষয় কুমাৰৰ

১১ বছৰীয়া পুৰণি বয়িং বিমান,৭০০০ কিলোমিটাৰ উৰণ; আহমেদাবাদত মৃত্যুৰ কিৰিলী

আহমেদাবাদত মৃত্যুৰ কিৰিলী

গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান AI-171।আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ক্ৰু মেম্বাৰ সহ প্ৰায় ২৪২ জন লোক আছিল বুলি জানিব পৰা গৈছে। বিমানখন ক্ৰেছ হোৱাৰ পিছতে ক’লা ধোঁৱাই ছানি ধৰিছিল আকাশ ।

আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখনে উৰণৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনাটো।বিমানখনত ১৬৯জন ভাৰতীয়, ৫৩গৰাকী ব্ৰিটিছ, ১জন কানাডাৰ আৰু ৭জন পৰ্তুগালৰ নাগৰিক আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষী নিয়ন্ত্ৰণ কক্ষই এই কথা নিশ্চিত কৰিছে।তথ্য অনুসৰি এই বিমানখন লণ্ডনলৈ গৈ আছিল।বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে মেঘনগৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ ডিজাইন কৰা ৪৪ হাজাৰ উৰণ চক্ৰ।অৰ্থাৎ যিয়ে ৩০ৰ পৰা ৫০ বছৰৰ সম্ভাৱ্য আয়ুসৰ ইংগিত দিয়ে।আনহাতে বেছিভাগ বাণিজ্যিক জেট বিমান ইমান দিন সেৱাত নাথাকে।

৭৮৭-৮ৰ শক্তিশালীতাই বহৰ আৰু অৱসৰৰ পৰিকল্পনাত অধিক নমনীয়তা প্ৰদান কৰে। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ১১ বছৰ পুৰণি আছিল।

বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ এখন বহল বডী , মধ্যম আকাৰ আৰু দীৰ্ঘ দূৰত্বৰ বিমান, যিয়ে ২১০-২৫০ আসনৰ সৈতে ৮৫০০ নটিকেল মাইল (৯৮০০ মাইল) পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰিব পাৰে।ইয়াক ২০% কম ইন্ধন খৰচৰ সৈতে ডিজাইন কৰা হৈছে,যিটো পৰিৱেশৰ বাবেও ভাল।

লণ্ডনলৈ যোৱা বিমানখনৰ দৈৰ্ঘ্য প্ৰায় ৭ হাজাৰ কিলোমিটাৰ।এই বিমানখন আৰামদায়ক আৰু কাৰ্যক্ষম আছিল।

আজি এয়াৰ ইণ্ডিয়া, ব্ৰিটিছ এয়াৰৱেজ, ইতিহাদ আদি কেইবাখনো বিমান সংস্থাই এই পথত ৭৮৭-৮ বিমান ব্যৱহাৰ কৰে। জানিব পৰা মতে এই পৰ্যন্ত উদ্ধাৰ ১১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !