আহমেদাবাদ বিমান দুৰ্ঘটনা : বিমানখনত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী !

আহমেদাবাদ বিমান দুৰ্ঘটনা

আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান উৰণৰ পিছতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । ইফালে প্ৰকাশিত তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল ।

শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে এই বিমানখনৰ যাত্ৰীৰ তালিকাও পোহৰলৈ আহিছে । তালিকাত গুৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ নামো আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে । যাত্ৰীৰ তালিকাত বিজয় ৰূপানীৰ নাম ১২ নম্বৰত আৰু ছিট নম্বৰ ২ডি উল্লেখ আছে ।

তথ্য অনুসৰি এই বিমানখন আহমেদাবাদৰ চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দিনৰ ১:৩৮ বজাত উৰা মৰাৰ পিছতে ১:৪০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয় । এই বিমানখনে বিমানবন্দৰৰ সীমাও পাৰ হ’ব নোৱাৰিলে আৰু ওপৰলৈ গৈ থাকোঁতে হঠাতে দুৰ্ঘটনাত পতিত হয় ।

উল্লেখ্য যে, আহমেদাবাদ বিমান দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে ফোনযোগে কথা পাতিছে গৃহমন্ত্ৰী অমিত শ্বাহে । সাহায্য আৰু উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ ৭ৰ পৰা আঠখন বাহন সেই স্থানত উপস্থিত হৈছে । ৰাষ্ট্ৰীয় দুৰ্যোগ উদ্ধাৰ বাহিনীৰ দলো ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা; শ শ যাত্ৰীসহ ভূপতিত এয়াৰ ইণ্ডিয়াৰ বিমান

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা

দেশত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা । গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে । দুৰ্ঘটনাস্থলীৰ ক’লা ধোঁৱাই আকাশ আৱৰি ধৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল । জানিব পৰা মতে আহমেদাবাদ বিমানবন্দৰৰ পৰা বিমানখন উৰণৰ লগে লগে এই দুৰ্ঘটনা সংঘটিত হয় । বিমানখনত ক্ৰু মেম্বাৰসহ ২৪২জন লোক আছিল । তথ্য অনুসৰি আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে গৈ থকা এই বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে মেঘনীনগৰৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।

বিমানবন্দৰৰ পৰা মেঘানীনগৰৰ দূৰত্ব প্ৰায় ১৫ কিলোমিটাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ আৰম্ভ কৰে । বিমান দুৰ্ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দুৰ্ঘটনাস্থলীৰ পৰা ক’লা ধোঁৱা ওপৰলৈ উঠি অহা দেখা গৈছে । লগে লগে জৰুৰীকালীন সঁহাৰি দল মোতায়েন কৰা হৈছে । এই দুৰ্ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই ।

ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে বি এছ এফ আৰু এন ডি আৰ এফৰ দল । দুৰ্ঘটনাগ্ৰস্ত বিমানখন বয়িঙৰ ৭৮৭ ড্ৰিমলাইনাৰ বুলি জানিব পৰা গৈছে, যিখন ১১ বছৰ পুৰণি আছিল । দিনৰ প্ৰায় ১.৩০ বজাত আহমেদাবাদৰ মেঘনী নগৰ অঞ্চলৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ঘন জনবসতিপূৰ্ণ অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে যদিও এতিয়ালৈকে কোনো নিশ্চিত খবৰ লাভ কৰা হোৱা নাই ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী আৰু ডিজিপিৰ সৈতে ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰিছে । তেওঁ বিমান দুৰ্ঘটনা সম্পৰ্কে প্ৰাথমিক তথ্য লয় । ইফালে বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল বুলি তথ্য প্ৰকাশ পাইছে ।

লগতে পঢ়ক : ‘যদি মোৰ ভগ্নী দোষী তেনেহ’লে ফাঁচী দিয়ক’; ৰাজাৰ মাতৃক সাৱটি ধৰি সোণমৰ ভাতৃৰ কান্দোন

আহমেদাবাদত বুলডজাৰ মেলা… আজিও অব্যাহত আছে বেদখল বিৰোধী অভিযান

গুজৰাটৰ আহমেদাবাদৰ চান্দোলা অঞ্চলত চলি থকা দ্বিতীয় পৰ্যায়ৰ বেদখল বিৰোধী অভিযান আজি দ্বিতীয় দিনৰ বাবে অব্যাহত আছে । এই অভিযানত প্ৰশাসনে বৃহৎ পৰিসৰত অবৈধ নিৰ্মাণসমূহ আঁতৰাইছে । উল্লেখ্য যে মুঠ ২.৫ লাখ বৰ্গমিটাৰতকৈ অধিক ভূমি বেদখলৰ পৰা মুক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত কেইবাখনো বুলডজাৰ আৰু ৩০০০ৰো অধিক আৰক্ষী জোৱান এই স্থানত নিয়োগ কৰা হৈছে ।

‘এতিয়ালৈকে ৯৯.৯% কাম সম্পূৰ্ণ হৈছে’

বিষয়টোৰ তথ্য দি প্ৰশাসনে কয় যে কালিৰে পৰা চান্দোলা অঞ্চলত দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ হৈছে । ইয়াৰ পিছত এতিয়ালৈকে ৯৯.৯ শতাংশ ভঙাৰ কাম সম্পূৰ্ণ হৈছে । এতিয়া কিছুমান ধৰ্মীয় গাঁথনি আঁতৰোৱা হৈছে । উৰাবাতৰিত বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে জে চি পি য়ে । লগতে প্ৰশাসনে সম্পূৰ্ণ স্বচ্ছতাৰে আৰু আইনৰ পৰিসৰৰ ভিতৰত কাম কৰি আছে বুলি জানিবলৈ দিয়ে ।

অভিযান শান্তিপূৰ্ণভাৱে চলি আছে-

ইয়াৰ সমান্তৰালকৈ প্ৰশাসনে কয় যে কোনো ধৰণৰ হিংসা নোহোৱাকৈ এই কাৰ্য শান্তিপূৰ্ণভাৱে চলি আছে । লগতে প্ৰশাসনে স্থানীয় ৰাইজক সহযোগিতা বিচাৰি আবেদন জনাইছে । এই অভিযানৰ উদ্দেশ্য হৈছে মহানগৰীৰ চৰকাৰী ভূমি অবৈধ বেদখলৰ পৰা মুক্ত কৰি ইয়াৰ সঠিক ব্যৱহাৰ সুনিশ্চিত কৰা ।

ৰাজকোটতো ভাঙি পেলোৱা হয় অবৈধ সম্পত্তি-

উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজকোট চহৰত গুৰুতৰ অপৰাধৰ বাবে পঞ্জীয়নভুক্ত অভ্যাসগত অপৰাধীৰ ৬০টাতকৈও অধিক অবৈধ নিৰ্মাণ ভাঙি পেলোৱা হৈছিল । আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে মহানগৰ আৰক্ষী, ৰাজকোট পৌৰ নিগম আৰু ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ যৌথ দলে ৰাইয়া গাম আৰু ৰৈয়া ধৰ অঞ্চলত উচ্ছেদ অভিযান চলায় । এই অঞ্চলসমূহ গান্ধীগ্ৰাম-২ থানাৰ সীমাৰ অন্তৰ্গত ।

আহমেদাবাদত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন… অব্যাহত বুলডজাৰ অভিযান

চান্দোলা হ্ৰদ অঞ্চলৰ সমীপত নিৰ্মিত বস্তিসমূহ ভাঙি পেলোৱাৰ বাবে বুলডজাৰ অভিযান অব্যাহত ৰাখিছে আহমেদাবাদ পৌৰ নিগম আৰু আৰক্ষীয়ে । কিছুদিন পূৰ্বে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশীসমূহক এই অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষী আয়ুক্ত জি.এছ মালিকে কয়, আহমেদাবাদ পৌৰ নিগমৰ নেতৃত্বত এই অভিযান চলোৱা হৈছে । আইন-শৃংখলা বজাই ৰখাৰ বাবে যুটীয়া আৰক্ষী আয়ুক্ত শৰদ সিংঘলৰ নেতৃত্বত প্ৰায় ২০০০ আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । এই অভিযান পৰিদৰ্শন কৰিবলৈ অহা মালিকে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে চাণ্ডোলা হ্ৰদত ভাঙি পেলোৱাৰ অভিযান চলি থকাৰ বাবে মহানগৰীৰ সকলো থানাক সতৰ্ক কৰি দিয়া হৈছে । এইটো মুছলমান সংখ্যাগৰিষ্ঠ অঞ্চল ।

২০১৯ বৰ্ষতো চলিছিল অভিযান-

ইফালে, শৰদ সিংঘালে কয় যে আহমেদাবাদ পৌৰ নিগমে পুৱাৰ পৰাই এই অভিযান আৰম্ভ কৰিছে, য’ত পঞ্চাশটা দল নিয়োগ কৰা হৈছে আৰু প্ৰতিটো দলৰ জে চি বি আছে । চান্দোলা হ্ৰদ অঞ্চলত শেষবাৰৰ বাবে উচ্ছেদ অভিযান ২০১৯ চনতো কৰা হৈছিল বুলিও তেওঁ কয় । শেহতীয়াকৈ আহমেদাবাদ পৌৰ নিগমে কৰা এক সমীক্ষাত প্ৰকাশ পাইছে যে চৰকাৰী মাটি পুনৰ বেদখল কৰি হ্ৰদৰ চাৰিওফালে জুপুৰি নিৰ্মাণ কৰা হৈছে । এই অঞ্চলসমূহত অবৈধ বাংলাদেশীয়ে বাস কৰি আহিছিল ।

মাষ্টাৰমাইণ্ড মাহমুদ পাঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি-

আৰক্ষী আয়ুক্ত মালিকে কয় যে চান্দোলা হ্ৰদৰ সমীপৰ চৰকাৰী ভূমি বেদখলৰ মাষ্টাৰমাইণ্ড মাহমুদ পাঠান ওৰফে বিলু বিহাৰীৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে । তেওঁ অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী প্ৰব্ৰজনকাৰীক ভাড়াত ঘৰ আৰু আধাৰ কাৰ্ড বনাবলৈ সহায় কৰিছিল ।

নিয়োগ কৰা হৈছে ২০০০ আৰক্ষী-

চান্দোলা হ্ৰদৰ সমীপৰ ছিয়াসতনগৰ আৰু বাঙালী ভাছৰ দৰে অঞ্চলত অবৈধ নিৰ্মাণ কাৰ্য ভাঙি পেলোৱাত আহমেদাবাদ পৌৰ নিগমক সহায় কৰিবলৈ ২০০০ আৰক্ষী আৰু ৰাজ্যিক সংৰক্ষিত আৰক্ষীৰ ২০টা কোম্পানী নিয়োগ কৰা হৈছে । সমগ্ৰ মহানগৰীৰ আৰক্ষীক সতৰ্ক কৰি দিয়া হৈছে । কোনোবাই যদি আইন নিজৰ হাতত ল’বলৈ চেষ্টা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ কয় যে হ্ৰদৰ কাষত বসবাস কৰা সংখ্যালঘু জনগোষ্ঠীৰ লোকসকলেও অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে । মালিকে কয় যে হ্ৰদৰ পাৰত নিৰ্মিত পাঠানৰ অবৈধ ফাৰ্ম হাউচটোও কৰ্তৃপক্ষই ভাঙি পেলায় ।