এই আক্ৰমণত দুৰ্বৃত্তই পাঁচটাকৈ গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰে
২২ মাৰ্চৰ পুৱতি নিশা তিনিচুকীয়া জিলাৰ জাগুন ১০ মাইলস্থিত অসম আৰক্ষীৰ কমাণ্ডো কেম্পত অচিনাক্ত দুৰ্বৃত্তই এক ভয়ংকৰ আক্ৰমণ চলায় । নিশা প্ৰায় ২ বজাত সংঘটিত হোৱা এই আক্ৰমণত দুৰ্বৃত্তই পাঁচটাকৈ গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে ধাৰাসাৰ গুলীবৰ্ষণ কৰে ।
প্ৰকাশিত বাতৰি অনুসৰি, এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই । অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হয় এই ঘটনা । আক্ৰমণৰ লগে লগে কমাণ্ডো বাহিনীয়েও তাৎক্ষণিকভাৱে প্ৰত্যুত্তৰ দিয়ে, যাৰ ফলত প্ৰায় ৩০ মিনিট ধৰি দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলি চলে ।
এই ঘটনাত চাৰিজন জোৱান আহত হয় । ইয়াৰে তিনিজন সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে এজন গুৰুতৰভাৱে আহত হয় । আহতসকলক ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । আহত জোৱানসকল হ’ল যোৰহাটৰ চিত্ৰৰঞ্জন মিলি, দেবাশীষ বৰা আৰু চাবুৱাৰ ৰবি গড় । ঘটনাৰ পিছতে বৰ্তমান আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত তালাচী অভিযান আৰু আকাশী নিৰীক্ষণ তীব্ৰতৰ কৰি তুলিছে ।
লগতে পঢ়ক : ইজৰাইলৰ পাৰমাণৱিক ঘাটিত ইৰাণৰ ভীষণ আক্ৰমণ









