ঘন কুঁৱলীৰ বাবে ভয়ংকৰ দুৰ্ঘটনা, ৮খন বাছৰ সৈতে আন ৩খন বাহনৰ সংঘৰ্ষ

ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ৮খনকৈ বাছৰ আন বাহনৰ সৈতে হোৱা সংঘৰ্ষত দুৰ্ঘটনা সংঘটিত হয় ।

মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে’ত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ঘন কুঁৱলীৰ বাবে ৮ খন বাছ আৰু আন তিনিখন বাহনৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষে্টি হয় ।

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসন সেই স্থানত উপস্থিত হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আহত হৈছে ৪০ জনতকৈ অধিক লোক । ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । জিলা দণ্ডাধীশ, এছ এছ পি, চি অ’ আৰু এছ ডি এমো ঘটনাস্থলীত উপস্থিত হয় । আটাইকেইজন আহতক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে এক্সপ্ৰেছৱেৰ এই অংশত যাতায়ত সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমে এটা দুৰ্ঘটনা সংঘটিত হয়, তাৰ পিছত তিনিৰ পৰা ৬খন বাছত জুই লাগে । দুৰ্ঘটনাৰ সময়ত বাছবোৰ সম্পূৰ্ণ ভৰ্তি হৈ আছিল আৰু সকলো আসন ভৰ্তি আছিল । প্ৰত্যক্ষদৰ্শীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত তেওঁলোক শুই আছিল । হঠাৎ প্ৰচণ্ড শব্দৰে জুই বিয়পি পৰাত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।

দুৰ্ঘটনা সন্দৰ্ভত মথুৰাৰ এছ এছ পি শ্লোক কুমাৰে কয় যে ৭খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষৰ ফলত সকলো বাহনতে জুই লাগে । দুৰ্ঘটনাটোৱে ঘটনাস্থলীত বিশৃংখলতাৰ সৃষ্টি কৰে । সাহায্য আৰু উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হৈছে । এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে আহত ৪০ জনতকৈ অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সকলোৰে অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । মৃতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । লগতে আহতসকলৰ বাবে উপযুক্ত আৰু উন্নত চিকিৎসাৰ নিৰ্দেশ দিছে । জিলা দণ্ডাধীশে উল্লেখ কৰে যে বৰ্তমান আটাইকেইজন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে ।

লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাই প্ৰাণ ল’লে ৭জনৰ; জৰুৰীকালীন অৱতৰণৰ সময়তে ঘটিল অঘটন

অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা; দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৯জনৰ মৃত্যু

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ ঘাটপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ চিন্টুৰু আৰু ভদ্ৰাচলামৰ মাজৰ ঘাটপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দ’ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক আহত হয়।

আহতসকলক চিকিৎসাৰ বাবে ভদ্ৰাচলম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।বহু যাত্ৰীৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে।  

ডি এম দীনেশ কুমাৰে জনোৱা মতে, যোৱা নিশা আল্লুৰি সীতাৰামা ৰাজু জিলাৰ চিন্তুৰ-মাৰেডুমিলি ঘাট পথত এখন ব্যক্তিগত বাছে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হয়। বাছখনত ৩৭ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। বাছখন তেলেংগানাৰ ভদ্ৰচালামৰ পৰা অন্নৱৰামলৈ গৈ আছিল।

দুৰ্ঘটনাটোৰ কথা জানিব পৰাৰ পিছতে উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে। বিষয়াসকলে জনোৱা মতে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

লগতে পঢ়ক: ৰাজপথত চাৰিচকীয়া বাহনৰ সৈতে বিমানৰ সংঘৰ্ষ, ভাইৰেল দুৰ্ঘটনাৰ ভয়াৱহ ভিডিঅ’

ঘন কুঁৱলীয়ে হ’ল কাল; তেতেলীয়াত শোকাৱহ পথ দুৰ্ঘটনা

ঘন কুঁৱলীয়ে কাল হ’ল এখন বাহনৰ। পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।

পুৱাই ডিমৰীয়াৰ তেতেলীয়াত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উজনিৰ পৰা গুৱাহাটী অভিমুখী AS01 LC 9886 নম্বৰৰ আৰটিকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰে।দুৰ্ঘটনাটোৰ ফলত থিতাতে দুজনলোক নিহত হোৱাৰ লগতে পাঁচজন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত চালকসহ অন্য এজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন পাঁচজন যাত্ৰীক অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ঘন কুঁৱলীৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।ইতিমধ্যে ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক: কেতিয়া সম্পূর্ণ হ’ব যোৰহাট–মাজুলী সংযোগী দলং ? জনালে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে

দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা; আৰক্ষী বিষয়াৰ মৃত্যু

দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । নৱমীৰ নিশা টীয়কৰ ভগামুখ থানাৰ অন্তৰ্গত মৰিজাঁজীৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই শোকাৱহ দুৰ্ঘটনাত ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হয় । নৱমীৰ নিশা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই ঘটনা । ইফালে এই ঘটনাত উপ-পৰিদৰ্শক মৰমী দাস, স্থানীয় এজন ব্যক্তিসহ আন ৫গৰাকী জোৱান আহত হয় ।

স্থানীয় লোকে জনোৱা মতে ভাগামখৰ পৰা বনাই অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই আৰক্ষীৰ বাহনখনে গছত খুন্দা মাৰি দ খাৱৈত পৰি যায় । স্থানীয় লোকে ততাতৈয়াকৈ আটাইকেইজনকে উদ্ধাৰ কৰি টীয়ক এফ আৰ ইউলৈ প্ৰেৰণ কৰে যদিও সত্যেন্দ্ৰ মালাকাৰক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

আনহাতে গুৰুতভাৱে আহত আৰক্ষীকেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

মুম্বাই-পুনে এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা; নিয়ন্ত্ৰণহীন ট্ৰাকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড

মুম্বাই-পুনে এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

মুম্বাই-পুনে এক্সপ্ৰেছৱেত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । অনিয়ন্ত্ৰিত ট্ৰেইলাৰৰ ব্ৰেক ফেইল হোৱাত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলাৰখনে ২০খনকা বাহনত মহতিয়াই নিয়ে । দুৰ্ঘটনাটোৰ পিছত এক্সপ্ৰেছৱে’ত প্ৰচণ্ড যান-যঁটৰ সৃষ্টি হয় । ৫ কিলোমিটাৰ পৰ্যন্ত প্ৰচণ্ড যান-জঁটৰ সৃষ্টি হয় । ট্ৰেইলাৰখনৰ সংঘৰ্ষ ইমানেই প্ৰবল আছিল যে প্ৰায় তিনিখন বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় । আন বহু যান-বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু যাত্ৰী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমানলৈকে এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ১৫ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

মুম্বাই-পুনে এক্সপ্ৰেছৱে হৈছে আটাইতকৈ ব্যস্ত এক্সপ্ৰেছৱে । ছুটিৰ দিন হোৱাৰ বাবে শনিবাৰে বহু যান-জঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ মাজতে দুৰ্ঘটনাৰ বাবে বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় । খোপোলি অঞ্চলৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা । তথ্য অনুসৰি নতুনকৈ নিৰ্মাণ কৰা সুৰংগটোৰ সমীপত এখন অনিয়ন্ত্ৰিত ট্ৰেইলাৰে প্ৰায় ২০খন বাহনত খুন্দা মাৰে । নতুন সুৰংগ আৰু ফুডমল হোটেলৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনা । এই ঘটনাত বহু লোক আহত হোৱাৰ লগতে দুৰ্ঘটনাৰ পিছত বাহনৰ চলাচলত প্ৰভাৱ পৰিছে ।

লগতে পঢ়ক : তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি… ৪,৯০০ কোটি টকাৰ উপহাৰ দি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

এতিয়া সমগ্ৰ দেশতে বিনামূলীয়া চিকিৎসা লাভ কৰিব পথ দুৰ্ঘটনাত আহত লোকে, চৰকাৰে জাৰি কৰিলে অধিসূচনা

সমগ্ৰ দেশতে নগদবিহীন চিকিৎসা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে এক অধিসূচনা জাৰি কৰিছে । ইয়াৰ অধীনত প্ৰতিজন পথ দুৰ্ঘটনাত পতিত লোকে প্ৰতিটো দুৰ্ঘটনাত সৰ্বাধিক ১.৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব । পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা গেজেট অধিসূচনা অনুসৰি ২০২৫ চনৰ ৫ মে’ৰ পৰা এই আঁচনি কাৰ্যকৰী হৈছে ।

যিকোনো ধৰণৰ পথ দুৰ্ঘটনাত থাকিব চিকিৎসাৰ ব্যৱস্থা-

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি যদি কোনো ব্যক্তি মটৰ গাড়ীৰ ফলত পথ দুৰ্ঘটনাত পতিত হয় তেন্তে এই আঁচনিৰ অধীনত দেশৰ যিকোনো প্ৰান্তত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব । দুৰ্ঘটনাগ্ৰস্তই চৰকাৰী বা নিৰ্দিষ্ট চিকিৎসালয়ত চিকিৎসাৰ বাবে কোনো ধৰণৰ ধন দিব নালাগে ।

দুৰ্ঘটনাৰ পিছত ৭ দিনৰ বাবে বিনামূলীয়া চিকিৎসাৰ সুবিধা-

এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ তাৰিখৰ পৰা সাত দিনলৈ সৰ্বাধিক ১,৫০,০০০ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব । এই সুবিধা কেৱল সেই চিকিৎসালয়সমূহতহে সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’ব যিবোৰ চৰকাৰে “নিৰ্দিষ্ট” কৰিছে ।

আন চিকিৎসালয়ত কেৱল প্ৰাথমিক চিকিৎসা-

যদি কোনো কাৰণত ভুক্তভোগীয়ে নিৰ্দিষ্ট চিকিৎসালয়লৈ যাব নোৱাৰে আৰু আন কোনো চিকিৎসালয়ত চিকিৎসা কৰা হয় তেতিয়া সেই পৰিস্থিতিত সেই চিকিৎসালয়ত সুস্থিৰতালৈকে চিকিৎসাহে এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব । এই সন্দৰ্ভত পৃথক গাইডলাইন জাৰি কৰা হৈছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে ৰূপায়ণ কৰিব এই আঁচনি-

এই আঁচনি ৰূপায়ণৰ দায়িত্ব ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে । এই সংস্থাই আৰক্ষী, চিকিৎসালয় আৰু ৰাজ্যিক পৰ্যায়ৰ স্বাস্থ্য সংস্থাসমূহৰ সহযোগত কাম কৰি আঁচনিখন ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিব ।

ৰাজ্যিক পৰ্যায়ত পথ সুৰক্ষা পৰিষদ হ’ব ন’ডেল এজেন্সী-

প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই আঁচনিৰ বাবে ৰাজ্যিক পথ সুৰক্ষা পৰিষদেই ন’ডেল এজেন্সী হ’ব । এই পৰিষদে নিৰীক্ষণ কৰিব যে আঁচনিখন সঠিকভাৱে ৰূপায়ণ হৈছে, চিকিৎসালয়সমূহ আঁচনিৰ সৈতে সংযুক্ত হৈছে, ভুক্তভোগীসকলৰ চিকিৎসা কৰা হৈছে আৰু ধন পৰিশোধৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে ।

ভয়ংকৰ পথ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত ১৮ জন লোকৰ মৃত্যু

পূৱ থাইলেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

খবৰ অনুসৰি বুধবাৰে ৰাতিপুৱা এখন চাৰ্টাৰ্ড বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পথৰ পৰা বাগৰি পৰে। যাৰ ফলত ১৮ জন লোকৰ মৃত্যু হয় আৰু ৩১ জন আহত হয়।

আহত সকলক ততাতৈকায়ৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, যাৰ ভিতৰত কেইবাজনো লোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, দুৰ্ঘটনাটো প্ৰাচিনবুৰি প্ৰদেশত সংঘটিত হৈছিল। বাছখনৰ লোকসকল উত্তৰ থাইলেণ্ডৰ পৰা উপকূলীয় ৰয়ং প্ৰদেশৰ স্থানীয় চৰকাৰৰ সৈতে সম্পৰ্কিত এটা অধ্যয়নৰ বাবে ভ্ৰমণত আহিছিল।জানিব পৰা মতে আৰক্ষীয়ে পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।  

ভয়ংকৰ ; মহাকুম্ভমেলাৰ পৰা উভতাৰ পথতেই ৬জনৰ মৃত্যু

জবলপুৰৰ চিহোৰা তহচিলৰ পেহাৰৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত ৬ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হৈছে।

তথ্য অনুসৰি, সোমবাৰে পুৱা ৰাষ্ট্ৰীয় ঘাইপথ-৭ৰ খিটোলা আৰক্ষী থানাৰ অন্তৰ্গত পাহৰেৱালা গাঁৱৰ ওচৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এখন যাত্ৰীবাহী বাছ আৰু ট্ৰেইলাৰৰ মাজত হোৱা এক সংঘৰ্ষত ট্ৰেইলাৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় আৰু বাহনখনত থকা ছয়জন লোক ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হোৱা ২জন লোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।  

জানিব পৰা মতে প্ৰয়াগৰাজত স্নান কৰি বাহনখনেৰে উভতি আহি থকাৰ অৱস্থাতে পুৱা প্ৰায় ৪.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

সকলো ভক্ত মহাকুম্ভৰ পৰা কৰ্ণাটকলৈ উভতি গৈ আছিল। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে চিহোৰা-খিতোলাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দুৰ্ঘটনাত পতিত প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী; তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে বাহন

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ সন্দৰ্ভত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।পশ্চিম বংগৰ দুৰ্গাপুৰ এক্সপ্ৰেছৱেত সৌৰভ গাংগুলীৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হৈছে।

জানিব পৰা মতে সৌৰভ গাংগুলীয়ে বৃহস্পতিবাৰে এটা অনুষ্ঠানত অংশ ল’বলৈ বৰ্ধমানলৈ গৈ আছিল। সেই সময়ত দন্তনিপুৰত বৰষুণ দি আছিল। ইফালে, সৌৰভৰ ৰেঞ্জ ৰভাৰ স্বাভাৱিক গতিত আগবাঢ়ি গৈ আছিল।

হঠাতে এখন ট্ৰাক আহি প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ কনভয়ৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত কনভয়ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায়।

অৱশ্যে, সৌৰভ গাংগুলীৰ গাড়ীৰ চালকজনে পৰিস্থিতিটো তৎক্ষণাৎ নিয়ন্ত্ৰণ কৰিবলৈ দ্ৰুততাৰে ব্ৰেক মাৰে। ফলস্বৰূপে, পিছফালৰ কনভয়ত থকা বাহনসমূহে ইখনৰ পিছত সিখনে খুন্দা মাৰে।

সৌৰভ গাংগুলী থকা বাহনখনটো পিছফালৰ পৰা এখন থকা গাড়ীখনে তেওঁৰ ৰেঞ্জ ৰভাৰখনত খুন্দা মাৰে।  অৱশ্যে, বাহনখনৰ তীব্ৰ গতিত নথকাৰ বাবে কোনো লোক হতাহত হোৱা নাই।