ঘন কুঁৱলীৰ বাবে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । ৮খনকৈ বাছৰ আন বাহনৰ সৈতে হোৱা সংঘৰ্ষত দুৰ্ঘটনা সংঘটিত হয় ।
মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে’ত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । ঘন কুঁৱলীৰ বাবে ৮ খন বাছ আৰু আন তিনিখন বাহনৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষে্টি হয় ।
ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসন সেই স্থানত উপস্থিত হয় । এতিয়ালৈকে পোৱা তথ্য অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আহত হৈছে ৪০ জনতকৈ অধিক লোক । ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । জিলা দণ্ডাধীশ, এছ এছ পি, চি অ’ আৰু এছ ডি এমো ঘটনাস্থলীত উপস্থিত হয় । আটাইকেইজন আহতক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনাৰ বিপৰীতে এক্সপ্ৰেছৱেৰ এই অংশত যাতায়ত সাময়িকভাৱে বন্ধ কৰি দিয়া হয় । প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰথমে এটা দুৰ্ঘটনা সংঘটিত হয়, তাৰ পিছত তিনিৰ পৰা ৬খন বাছত জুই লাগে । দুৰ্ঘটনাৰ সময়ত বাছবোৰ সম্পূৰ্ণ ভৰ্তি হৈ আছিল আৰু সকলো আসন ভৰ্তি আছিল । প্ৰত্যক্ষদৰ্শীয়ে কয় যে দুৰ্ঘটনাৰ সময়ত তেওঁলোক শুই আছিল । হঠাৎ প্ৰচণ্ড শব্দৰে জুই বিয়পি পৰাত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় ।
দুৰ্ঘটনা সন্দৰ্ভত মথুৰাৰ এছ এছ পি শ্লোক কুমাৰে কয় যে ৭খন বাছ আৰু তিনিখন গাড়ীৰ সংঘৰ্ষৰ ফলত সকলো বাহনতে জুই লাগে । দুৰ্ঘটনাটোৱে ঘটনাস্থলীত বিশৃংখলতাৰ সৃষ্টি কৰে । সাহায্য আৰু উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হৈছে । এই পৰ্যন্ত ৫ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে আহত ৪০ জনতকৈ অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সকলোৰে অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । মৃতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
মুখ্যমন্ত্ৰীয়ে এই ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে । লগতে আহতসকলৰ বাবে উপযুক্ত আৰু উন্নত চিকিৎসাৰ নিৰ্দেশ দিছে । জিলা দণ্ডাধীশে উল্লেখ কৰে যে বৰ্তমান আটাইকেইজন আহত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু প্ৰশাসনে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে ।
লগতে পঢ়ক : ভয়ংকৰ বিমান দুৰ্ঘটনাই প্ৰাণ ল’লে ৭জনৰ; জৰুৰীকালীন অৱতৰণৰ সময়তে ঘটিল অঘটন









