শোকাৱহ; ট্ৰাকৰ খুন্দাত নিহত নৱম শ্ৰেণীৰ ছাত্ৰ

নিশা শ্ৰীভুমিৰ ৮নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাটোত নিহত হয় এগৰাকী নৱম শ্ৰেণী।জানিব পৰা মতে TR04D 1611 নম্বৰৰ ট্ৰাকখনে এখন বুলেট আৰু এখন অটোৰিক্সাত খুন্দা মাৰে ।

যাৰ ফলত থিতাতে নিহত হয় নৱম শ্ৰেণীৰ ছাত্ৰ কাওছাৰ হোছেইন। ইফালে সংকটজনক অৱস্থাত আন এজনক শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক সহ পলায়ন কৰে চালক জনে। দুৰ্ঘটনাটো নিলামবজাৰৰ কাহত বেৰাজালত সংঘটিত হয়।

বন্ধুৰ পাৰ্টী খাবলৈ যোৱাই কাল হ’ল দুই বন্ধুৰ; ঘৰলৈ উভতাৰ পথতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দা

ধুবুৰীৰ গোলকগঞ্জত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৬ চকীয়া আল্ট্ৰা ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক।

বন্ধুৰ জন্ম দিনৰ পাৰ্টি খাবলৈ গৈছিল মৃদুল ভকত আৰু ৰাহুল ৰায় । জন্মদিনৰ পাৰ্টী খাই ঘৰলৈ উভতি আহি থাকোতে গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নান্দনীপাৰত AS28 A C 0889 নম্বৰৰ এখন ট্ৰাকে তীব্ৰ বেগত খুন্দা মাৰে ছুপাৰ স্পেলেণ্ডাৰ বাইকখনত।

ফলত  গুৰুতৰভাৱে আহত হয় দুই বন্ধু। আহত দুয়োজনকেই ততাতৈয়াকৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে আল্ট্ৰা ট্ৰাক খনৰ গতি ইমানেই বেছি আছিল যে বাইকখনত খুন্দা মৰাৰ পিছত ঘাইপথৰ পৰা প্ৰায় ৫০ মিটাৰ দুৰত উফৰি গৈ ধাননি পথাৰত পৰে।দুৰ্ঘটনাটো সংঘটিত কৰি  ট্ৰাক চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

অসুস্থ স্বামীক চিকিৎসালয়লৈ নি আছিল পত্নীয়ে;  ট্ৰাকৰ সৈতে এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত দুয়োৰে মৃত্যু

কেৰালাৰ কুল্লামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোৰ ফলত এহাল বৃদ্ধ দম্পতিৰ মৃত্যু হয়। জানিব পৰা মতে নিশা মহিলা গৰাকীয়ে তেওঁৰ অসুস্থ স্বামীক চিকিৎসালয়লৈ এখন এম্বুলেন্সত লৈ গৈ আছিল।

সেই সময়তে কোট্টাৰাকাৰাৰ এমচি ৰোডৰ সদানন্দপুৰমত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এম্বুলেন্সখনৰ। দুৰ্ঘটনাটোৰ ফলত এম্বুলেন্সখনত থকা ৬৫ বছৰীয়া থাম্পি আৰু তেওঁৰ পত্নী শ্যামলাৰ মৃত্যু হয়।

দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত চালকসহ থাম্পি নামৰ ব্যক্তিগৰাকীৰ পত্নীও আছিল। জানিব পৰা মতে এম্বুলেন্স আৰু ট্ৰাকৰ চালক সহ ৭ জনকৈ লোক আহত হৈছে। দুৰ্ঘটনাটোৰ সময়ত, এম্বুলেন্সখন আদুৰৰ পৰা তিৰুৱন্তপুৰমলৈ যাত্ৰা কৰি আছিল।

শোকাৱহ; ২০০ ফুট দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ নাছিক-গুজৰাট ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ২০০ ফুট দ’ খাৱৈত পৰিল  এখন যাত্ৰীবাহী বাছ।

দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ৭ জন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৫ জন আহত হয়।

জানিব পৰা মতে বাছখন নাছিকৰ সপুতাৰা ঘাটহৈ চুৰাট অভিমুখে যাত্ৰা কৰি আছিল।বাছখনত বেছিভাগ যাত্ৰী মধ্য প্ৰদেশৰ আৰু নাছিকৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিবলৈ আহিছিল।

যাত্ৰাটোৰ সময়ত এটা টাৰ্ণিঙত  বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ লোক উপস্থিত হৈ বাছখনৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰে। আহত সকলক ততাতৈয়াকৈ চিকিৎসাৱয়ত ভৰ্তি কৰোৱা হয়।  

শোকাৱহ; জীয়ৰীৰ ঘৰত ফুৰিবলৈ যাওঁতেই মৃত্যু পিতৃৰ

ৰূপহীহাটৰ চাইদৰীয়াত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিজ জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য আলী আকবৰ নামৰ লোকজন।

জানিব পৰা মতে AS02AK5671  নম্বৰৰ তীব্ৰবেগী বেলুনো বাহনে মহতিয়াই নিয়ে লোকজনক। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে। মৃত আলী আকবৰ মৌলানাৰ ঘৰ কৰৈগুৰিত বুলি জানিব পৰা গৈছে।  

চৌদি আৰৱত ভয়ংকৰ পথ দুৰ্ঘটনা; ৯ জন ভাৰতীয়ৰ মৃত্যু

চৌদি আৰৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত ৯ জন ভাৰতীয় নিহত হৈছিল। জেদ্দাত ভাৰতীয় মিছনে এই বিষয়ে তথ্য দিছে।

জানিব পৰা মতে দুৰ্ঘটনাটো পশ্চিম চৌদি আৰৱৰ জিজানৰ ওচৰত সংঘটিত হৈছিল। ইতিমধ্যে দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালৰ লোকক খবৰ দিয়া হৈছে।  

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ কৈছিল যে দুৰ্ঘটনাটো আৰু নিহত সকলৰ বিষয়ে জানি তেওঁ “দুখিত”।

তেওঁ কৈছে যে “চৌদি আৰৱৰ পশ্চিম অঞ্চলৰ জিজানৰ ওচৰত সংঘটিত এক পথ দুৰ্ঘটনাত নজন ভাৰতীয় নাগৰিকৰ শোকাৱহ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো। পীড়িতসকলৰ পৰিয়াললৈ আমাৰ সমবেদনা।

জেদ্দাত ভাৰতৰ কনচুলেট জেনেৰেলে সম্পূৰ্ণ সহায় আগবঢ়াই আছে আৰু ভুক্তভোগী সকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে। আমি আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছো।

শোকাৱহ; অৰুণাচলত ফুৰিবলৈ গৈ শেষ হ’ল দুটাকৈ পৰিয়াল

এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন স্ক’ৰপিঅ বাহন। নুমলীগড়ৰ পৰা অৰুনাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল দুটা পৰিয়াল।

উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ’ খাৱৈত পৰি যায় স্ক’ৰপিঅ বাহনখন। দুৰ্ঘটনাটোৰ ফলত চালক অজয় ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও ৰঞ্জিত ছেত্ৰী, মিনা ছেত্ৰী আৰু সুৰজ ছেত্ৰীৰ এতিয়াও কোনো সন্ধান লাভ কৰা নাই।

আহত হৰিমায়া ছেত্ৰী আৰু ৯ বছৰীয়া ৰৌছনী ছেত্ৰীক ততাতৈয়াকৈ AMCHলৈ প্ৰেৰণ কৰা হৈছে। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল পৰিয়ালদুটা।

শোকাৱহ; পত্নী তিনি মাহৰ অন্তসত্তা, ট্ৰাকৰ খুন্দাত মৃত্যু স্বামীৰ  

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাকৰ খুন্দাত মৃত্যু হ’ল শিক্ষক পিনাকী চৌধুৰী।

জানিব পৰা মতে শনিবাৰে স্কুল চুটি হোৱাৰ পাছত নিজা চাইকেলেৰে ঘৰলৈ গৈ থকা সময়ত শ্ৰীৰামপুৰৰ ২৭ নম্বৰ(বি)ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখনে মহতিয়াই নিয়ে শিক্ষক গৰাকী।

গোসাঁইগাঁৱৰ ছকলেপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল পিনাকী চৌধুৰী। জানিব পৰা মতে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল শিক্ষক গৰাকী।

তিনিমাহৰ অন্ত:সত্ত্বা আছিল পত্নী। শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে অঞ্চলজুৰি এক শোকাকুল পৰিবেশ বিৰাজ কৰে।  

ভয়ংকৰ ; ৰোগী কঢ়িয়াই নিয়াৰ সময়তেই দুৰ্ঘটনাত পতিত ১০৮ বাহন

ডিব্ৰুগড় লেঙেৰীৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল ১০৮ বাহন ।

দুৰ্ঘটনাটোৰ ফলত আশা কৰ্মীসহ কেইবা জনো অহত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জয়পুৰৰ পৰা অসম মেডিকেল কলেজলৈ ৰোগী কঢ়িয়াই নিছিল এম্বুলেন্স খনে। সেই সময়তে দুৰ্ঘটনাত পতিত হয় ১০৮ বাহনখন।