শোকাৱহ; বাইক আৰু মেজিকৰ সংঘৰ্ষত নিহত দুই বাইক আৰোহী

লাহৰীঘাটত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে। লাহৰীঘাটৰ কুশতলি হণ্ডুবা দলংৰ ওচৰত এখন বাইক আৰু আৰু মালবাহী টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী।

বাইক আৰোহী দুজন তিতাতলা গাঁৱৰ ৰবি পাতৰ আৰু সুজিত পাতৰ বুলি জানিব পৰা গৈছে।বাইক আৰোহী দুজনক ততাতৈয়াকৈ লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

শোকাৱহ; অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী

উৰুকাৰ প্ৰাকক্ষণত ৰহাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। অচিনাক্ত বাহনৰ খুন্দাত নিহত পথাচাৰী। নিহত লোকজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই।

ৰহাৰ দীঘলীআটিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটো সংঘটিত কৰি পলায়ন কৰে বাহনখনৰ।

ভয়ংকৰ; ৰাজপথতে দাউ দাউ কৈ জ্বলি উঠিল যাত্ৰীবাহী বাছ

বিহাৰৰ হাজিপুৰত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজপথতে দাউ দাউ কৈ জ্বলি উঠিল এখন যাত্ৰীভৰ্তি বাছ ।দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।

য’ত দেখা গৈছে যে বাছখন সম্পূৰ্ণৰূপে জ্বলি গৈছে। ঘটনাটো মহাত্মা গান্ধী সেতু দলঙৰ। অৱশ্যে, অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসমূহে যথেষ্ট পৰিশ্ৰমৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে বাছখন হাজিপুৰৰ পৰা পাটনালৈ গৈ আছিল।কিন্তু মহাত্মা গান্ধী সেতু দলঙৰ ওচৰত হঠাতে বাছখনত যান্ত্ৰিক বিজুতিৰ ফলত জুই লাগি যায়। যাৰ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

পিছত পাটনা আৰু হাজিপুৰৰ আগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। সৌভাগ্যক্ৰমে বাছখনত থকা যাত্ৰী সকল কোনো হতাহত হোৱা নাই।  

উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান; বেয়া ৰাস্তাত দুৰ্ঘটনাত পতিত হ’লেই চৰকাৰে কৰাব লাগিব বিনামূলীয়া চিকিৎসা

দেশত দিনে দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। তাৰ মাজতে উচ্চতম ন্যায়ালযে এক গুৰুত্বপূৰ্ণ ৰায়দান দিছে। এতিয়াৰে পৰা বেয়া ৰাস্তাত দুৰ্ঘটনাত পতিত হ’লেই চৰকাৰে কৰাব লাগিব বিনামূলীয়া চিকিতসা।

দুৰ্ঘটনা হোৱাৰ এঘন্টাৰ ভিতৰতে বিনামূলীয়া চিকিৎসা কৰাব লাগিব চৰকাৰে। ২০২২ৰ এক আঁচনিৰ ভিত্তিত এই ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।দুৰ্ঘটনাগ্ৰস্ত লোকৰ বীমাৰ বাবে আঁচনি ৰূপায়ন কৰাৰো নিৰ্দেশ দিছে।

দুৰ্ঘটনাৰ ক্ষতিপূৰণৰ ব্যৱস্থাৰ বাবে ১৪ মাৰ্চৰ ভিতৰত মুকলি কৰিব লাগিব পৰ্টেল।ন্যায়াধীশ অভয় এছ ৱকাৰৰ নেতৃত্বত বিচাৰপীঠে দিছে এই ৰায়।

এই ৰায়ৰ অনুসৰি দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিয়ে GOLDEN HOURৰ ভিতৰত লাভ কৰিব লাগিব চিকিৎসা। সংবিধানৰ ২১নং অনুচ্ছেদৰ আধাৰত ১২৬ নং ধাৰাত প্ৰস্তুত কৰিব লাগিব আঁচনি।

বাধ্যতামলূকভাৱে চৰকাৰে মানিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়।১৪ মাৰ্চৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে।

২৪ মাৰ্চৰ পৰৱৰ্তি শুনানিৰ পূৰ্বে কেন্দ্ৰই গ্ৰহণ কৰিব লাগিব পদক্ষেপ ।ইয়াৰ লগতে হিট এণ্ড ৰানৰ গোচৰত দুৰ্ঘটনাত পতিত লোকক চৰকাৰে দিব লাগিব ২ লাখকৈ টকা।  

শোকাৱহ;বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

ঢেকিয়াজুলিৰ ভোটপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া অল্ট’ বাহন।জানিব পৰা মতে বাহনখনৰ ভিতৰত আছিল এটা চিলিণ্ডাৰ।

বাহনখনে য়েতিয়া দলং খনৰ ৰেলিঙত খুন্দা মাৰিছিল তেতিয়া বিস্ফোৰণ হৈছিল চিলিণ্ডাৰটো। ফলত চাৰিচকীয়া বাহনত অহা চালকজন গাড়ীখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুবৰণ কৰে ।

গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হোৱা যুৱকজনৰ নাম হ’ল হ’ল ঢেকিয়াজুলিৰ বালিজানৰ চন্দন ছেত্ৰী৷অল্ট’ গাড়ীখনৰ নম্বৰ হ’ল AS12 AE 1868 ৷

ইং নৱবৰ্ষৰ আৰম্ভণিতে সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ঢেকিয়াজুলি অঞ্চলত ।

শোকাৱহ; যাত্ৰীবাহী বাছৰ খুন্দাত নিহত মহিলা

বকোৰ আগছিয়াত শোকাৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰা বাছৰ সৈতে স্কুটিৰ সংঘৰ্ষ। দুৰ্ঘটনাটোৰ ফলত স্কুটি আৰোহী এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

নিহত মহিলাগৰাকী কৃষ্ণা ৰাভা আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক সুনিতা ৰাভা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী মহিলাৰে ঘৰ বকোৰ খাটলপাৰাত।

জানিব পৰা ভুল দিশত আহি বাছখনে দুৰ্ঘটনা সংঘটিত কৰে। দুৰ্ঘটনাটোৰ পিছত ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

ভয়ংকৰ দুৰ্ঘটনাঃ ৩৫০ ফুট গভীৰ খাৱৈত পৰিল সেনাৰ বাহন, শ্বহীদ ৫ জোৱান

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । সেনাৰ জোৱান কঢ়িয়াই অনা এখন বাহন গভীৰ খাৱৈত বাগৰি পৰাত সংঘটিত হয় এই দুৰ্ঘটনা । এই দুৰ্ঘটনাত ৫জন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে আন ৫জন জোৱান আহত হয় । আটাইকেইজন গুৰুতৰভাৱে আহত হয় । আহত জোৱান কেইজনক পুঞ্চৰ ফিল্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে । জোৱানকেইজনৰ পৰিচয় এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া ১১ মাৰাঠা লাইট ইনফেণ্ট্ৰিৰ ৬খন বাহনৰ কনভয় ১০জন জোৱানক লৈ অপাৰেচনেল ডিউটিত গৈ আছিল । এই জোৱানসকল নিয়ন্ত্ৰণ ৰেখাত থকা বানয়ৰ ঘোডা পোষ্টলৈ গৈ আছিল । ইফালে, বিয়লি প্ৰায় ৫:২০ বজাত ঘৰুৱাৰ সমীপত ডেৰ টন ওজনৰ এখন বাহনৰ চালকে গাড়ীৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই আৰু ফলত প্ৰায় ৩৫০ ফুট গভীৰ খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে সেনা-আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

সেনাবাহিনীৰ শ্ৰদ্ধাঞ্জলি-

সামাজিক মাধ্যম এক্সত শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই সেনাবাহিনীৰ হোৱাইট নাইট কৰ্পে লিখিছে যে অপাৰেচনেল কৰ্তব্যৰ সময়ত সংঘটিত হৈছে এই দুৰ্ঘটনা । পাঁচজন সাহসী সৈনিকৰ কৰুণ মৃত্যুত হোৱাইট নাইট কৰ্পছৰ সকলো ৰেংকে গভীৰ শোক প্ৰকাশ কৰিছে । উদ্ধাৰ অভিযান অব্যাহত আছে আৰু আহত জোৱানসকলে চিকিৎসা সেৱা লাভ কৰি আছে ।

ইয়াৰ পূৰ্বেও দুৰ্ঘটনা সংঘটিত হৈছে-

ইয়াৰ পূৰ্বেও জম্মু-কাশ্মীৰত এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে । যোৱা বছৰৰ ২৯ এপ্ৰিলত ৰাজৌৰীৰ ২০০ ফুট গভীৰ খাৱৈত সেনাবাহিনীৰ এখন এম্বুলেন্স বাগৰি পৰে । এই দুৰ্ঘটনাত দুজন জোৱান শ্বহীদ হয় । ইয়াৰ পিছত ২০২৩ চনৰ ১৯ ​​আগষ্টত সেনাৰ এখন বাহন ৬০ ফুট গভীৰ খাৱৈত পৰাত ৯ জন জোৱান শ্বহীদ হৈছিল ।

গুৱাহাটীত পথ দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ

-নিশা মহানগৰীৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰত ভয়ংকৰ দুৰ্ঘটনা

-থিতাতে নিহত ৰেপিড’ চালক ৰঞ্জিত ৰাজবংশী

-GMCHত মৃত্যুক সাবটে ৰেপিড’ত যোৱা যুৱতী গৰাকী

–নিহত যুৱতী গৰাকী লামডিঙৰ প্ৰিয়া সোণাৰ

নিশা ৰেপিড’ বুক কৰি আহিছিল যুৱতী গৰাকীয়ে

-নিহত ৰেপিড’ চালক জনৰ ঘৰ নলবাৰীত

-দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601

শোকাৱহ ;দ’ খাৱৈত পৰিল বিবাহযাত্ৰীৰ বাহন; একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

শুক্ৰবাৰে মহাৰাষ্ট্ৰৰ পুনেত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।পুৱা ৯:৩০ বজাৰ পৰা ১০:০০ বজাৰ ভিতৰত বিবাহৰ অতিথিৰে ভৰ্তি এখন বাছ খাৱৈত পৰি যায়।

বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল, যাৰ ভিতৰত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ২৭ তকৈও অধিক লোক জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাটো পুনেৰ তামহানি ঘাটৰ ওচৰত সংঘটিত হৈছিল।

জানিব পৰা মতে চাকানৰ পৰা মাহাদলৈ বিয়াৰ বাবে যাত্ৰা কৰোঁতে বাছখনে এটা টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাইছিল, যাৰ ফলত বাছখন এফালে হেলনীয়া হৈ পথৰ কাষতে থকা এটা দ’ খাৱৈত পৰি গৈছিল।

যাদৱ নামৰ এজন বক্ত্যিৰ পৰিয়ালৰ সদস্যসকল এই বাছখনত আছিল।মৃতসকলৰ ভিতৰত, ২ জন পুৰুষ আৰু ৩ গৰাকী মহিলাসহ মুঠ ৫ জন লোক আছে।

ইফালে, উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ২৭ জন ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।