দাউ দাউ জ্বলি উঠিল ৪০ খনকৈ বাহন;  হাস্পতালত ৰোগীৰ চিৎকাৰ, ৬ জনৰ মৃত্যু

জয়পুৰত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। আজমেৰ ৰোডত হঠাতে এখন চিএনজি গেছ ভৰ্তি টেংকাৰে প্ৰচণ্ড খুন্দা মাৰে এলপিজি গেছ ভৰ্তি টেংকাৰ। যাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল।

অগ্নিকাণ্ডটো এটা পেট্ৰ’ল পাম্পৰ ওচৰত সংঘটিত হৈছিল।ৰাজপথতেই বাহনখন দাউ দাউকৈ জ্বলি যোৱাৰ ফলত আন ৪০ খনকৈ বাহনলৈ জুই বিয়পি পৰে।

অগ্নিকাণ্ডটোৰ লগে লগে বাহন সমূহত থকা যাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। এই অগ্নিকাণ্ডৰ ফলত ৬ জনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হোৱাৰ লগতে ৩৭ জনকৈ লোক গুৰুত্বৰ ভাৱে আহত হৈছে।আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  

ভয়ংকৰ; নিয়ন্ত্ৰণ হেৰুৱাই বিলাসী বাহন সোমাল পুখুৰীত

লখিমপুৰৰ কৰুণাবৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।বিলাসীবাহনে মহতীয়ালে এজন পথচাৰীক। জানিব পৰা মতে পুৱা পথৰ কাষত ৰৈ আছিল ব্যক্তি গৰাকী।

হঠাৎ AS07T9033 নম্বৰৰ বাহনখনে মহতীয়াই নিয়ে ব্যক্তি গৰাকীক।আহত লোকজনক ততাতিয়াকৈ লালুক আদৰ্শ চিকিৎসালয় লৈ নিয়া হয় যদিও হস্পিতালত মৃত্যু হয় লোকজনৰ।

ব্যক্তি গৰাকীক খুন্দিয়াই বাহনখন পথৰ কাষতে থকা এটা পুখুৰীত পৰি যায়। বৰ্তমানলৈকে মৃত ব্যক্তি গৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই।  

শোকাৱহ ;  কইনা থৈ উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা , গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু যুৱকৰ

ডিব্ৰুগড়ৰ লাহোৱালৰ চেচাঁ দলংত পুৱাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিশা দলংৰ পৰা নদীত পৰিল এখন বিলাসী বাহন ।

জানিবপৰা মতে টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ কইনা থৈ ঘুৰি আহোতে এই ঘটনাটো সংগঠিত হয়।পিছত স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ কৰা হয়।

কিন্তু দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল ঈশান গগৈ নামৰ যুৱক গৰাকী।পিছত SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।বাহনখনতেই আৱদ্ধ হৈ ঈশান গগৈৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈক।

এই চাৰিখন ৰাজ্যত সংঘটিত হয় সৰ্বাধিক পথ দুৰ্ঘটনা…প্ৰকাশ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ভাৰতৰ শীৰ্ষ ৪ খন ৰাজ্যৰ নাম প্ৰকাশ কৰিছে য’ত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয় ।

শুকুৰবাৰে সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত ভাষণ দি গাডকাৰীয়ে কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত ১,৭৮,০০০ লোকৰ মৃত্যু হয় আৰু ইয়াৰে ৬০ শতাংশ লোক ১৮-৩৪ বছৰ বয়সৰ ।

মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে তেওঁৰ কাৰ্যকালৰ আৰম্ভণিতে তেওঁ কৈছিল যে ২০২৪ চনৰ শেষৰ ফালে দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ ৫০ শতাংশ হ্ৰাস পাব । গাডকাৰীয়ে কয়, “দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ কথা পাহৰি যাওক, বৃদ্ধি হৈছে বুলি স্বীকাৰ কৰিবলৈ মোৰ কোনো দ্বিধা নাই । এইটো এটা ক্ষেত্ৰ য’ত আমাৰ বিভাগে সফলতা লাভ কৰা নাই ।”

গাডকাৰীয়ে প্ৰকাশ কৰিলে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা ভাৰতৰ শীৰ্ষ ৰাজ্যসমূহঃ

উত্তৰ প্ৰদেশঃ ২৩,৬৫২

তামিলনাডুঃ ১৮,৩৪৭

মহাৰাষ্ট্ৰঃ ১৫,৩৬৬

মধ্যপ্ৰদেশঃ ১৩,৭৯৮

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁ কয় যে দিল্লী হৈছে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ, য’ত ১৪৫৭ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । ইয়াৰ পিছত বেংগালুৰুত ৯১৫ জন আৰু জয়পুৰত ৮৫০ জন লোকৰ মৃত্যু হৈছে ।

গডকাৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে পথ দুৰ্ঘটনাত ইমানবোৰ লোকৰ মৃত্যু হোৱাৰ পিছতো আইনৰ প্ৰতি কোনো ভয় নাই । প্ৰশ্ন ঘণ্টাৰ সময়ত তেওঁ এই অদ্ভুত পৰিস্থিতিৰ বৰ্ণনা কৰি কয় যে, “কিছু লোকে হেলমেট পৰিধান নকৰে, কিছুলোকে ৰেড ছিগনেল উলংঘা কৰে ।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পথত ট্ৰাক পাৰ্কিং কৰাটো দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ আৰু বহু ট্ৰাকে লেন অনুশাসন মানি নচলে ।

ভাৰতত বাছৰ বডী নিৰ্মাণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড মানি চলিবলৈও তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে । বাছৰ খিৰিকীৰ ওচৰত হাতুৰী থাকিব লাগে বুলি তেওঁ কয় । যাতে দুৰ্ঘটনা সংঘটিত হ’লে সহজে ভাঙিব পৰা যায় ।

তেওঁ আৰু কয় যে যেতিয়াই তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যায় তেতিয়াই তেওঁ ভাৰতৰ পথ সুৰক্ষা ব্যৱস্থাৰ কথা ক’বলৈ সংকোচ অনুভৱ কৰে । “মই মোৰ মুখখন লুকুৱাবলৈ চেষ্টা কৰো” গাডকাৰীয়ে কয় ।

মন্ত্ৰীগৰাকীয়ে কয় যে কেইবছৰমান পূৰ্বে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সৈতে এক বৃহৎ দুৰ্ঘটনা হৈছিল । মন্ত্ৰীজনে কয় যে তেওঁ বহুদিন চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লগা হৈছিল । তেওঁ কয়, “ভগৱানৰ কৃপাত মই আৰু মোৰ পৰিয়ালে পৰিত্ৰাণ পালোঁ । গতিকে মোৰ ব্যক্তিগত অভিজ্ঞতা আছে দুৰ্ঘটনাৰ ।”

ভয়ংকৰ ; ট্ৰাকে মহতিয়াই নিলে আৰক্ষী কনিষ্টবলক, কৰ্তব্যৰত অৱস্থাতে মৃত্যু আৰক্ষী জোৱানৰ

শ্ৰী ভূমি জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন আৰক্ষী কনিষ্টবল’ক।

দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে মৃত্যু হয় আৰক্ষী কনিষ্টবল উজ্জ্বল বৰাৰ ।নিশা অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ীত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতেTR 01 AU 1672 নম্বৰৰ ট্ৰাকে খনে সীমান্তত আৰক্ষীয়ে দৈনিক তালাচী চলাই আছিলষ সেই সময়তে ৰ সময়তেই ট্ৰাক চালকে আৰক্ষীক হত্যা কৰি পলাই থৈ যায়।

লগে লগে আৰক্ষীয়ে পিছে পিছে খেদি থাকোঁতে ৰাতাবাড়ী এলেকাৰ দুল্লভছড়া নিভিয়া ঘাইপথত গৈ দুৰ্ঘটনাগ্ৰস্থ হয় ট্ৰাকখন।

দুৰ্ঘটনাত পতিত হোৱা ট্ৰাক খনত বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী থকাৰ সন্দেহ।‌ আৰক্ষীয়ে ট্ৰাকখনৰ তালাচি অব্যাহত ৰাখিছে।।

শোকাৱহ ;  জীয়ৰীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ মৃত্যু পিতৃৰ

নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।আজি হ’ব লগা বৰ জীৰ তোলনি বিয়াৰ বাবে বজাৰ কৰিবলৈ গৈছিল নাৰায়ণপুৰৰ তেমেৰা মিছিং গাঁৱৰ কৃষ্ণকান্ত পাৱে।

কিন্তু বজাৰ কৰি ঘৰলৈ উভটি গৈ থকাৰ সময়তেই মটৰ চাইকেলখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে। ফলত থিতাতে নিহয় হয় ব্যক্তি গৰাকী। জীয়েকৰ তোলনি বিয়া পতা ন’হল কৃষ্ণ কান্ত পাৱেৰ।

ই ৰিক্সা চলায় কোনোমতে পৰিয়ালটো পোহপাল দিয়া লোক জনৰ মৃত্যুত মিয়ম্ৰান এতিয়া তেমেৰা গাঁওবাসী।জীয়ৰীৰ বিয়াৰ ৰভাৰ তলত এতিয়া পাতিব লাগিব পিতৃৰ শ্ৰাদ্ধ। কৃষ্ণকান্ত পাৱেৰ মৃত্যুত কান্দোনৰ ৰোল ঘৰখনত।

শোকাৱহ ;  গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু কনমানি ফৰহাদ আলী

বৰপেটাৰ বাঘবৰৰ সত্ৰকণৰা বজাৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত নিহত ১২ বছৰীয়া এগৰাকী কিশোৰ।

জানিব পৰা মতে ১২ বছৰীয়া ফৰহাদ আলী নামৰ কিশোৰ গৰাকীয়ে বজাৰত গাখীৰ বিক্ৰী কৰি চাইকেলেৰে ঘৰলৈ উভতাৰ সময়তেই টেক্টৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত থিতাতে নিহয় হয় ফৰহাদ আলী।ঘটনা সংঘটিত হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে ।স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষী প্ৰশাসনে উদণ্ড ট্ৰেক্টৰ চালকক নাকী লগোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

বিলাসী বাহন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ, বিএমপি জোৱানসহ দুজন নিহত

ছপ্ৰাৰ দৌদপুৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত দুজন লোক নিহত আৰু আন দুজন গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে দ্ৰুতবেগী ট্ৰাক আৰু এখন বিলাসী বাহনৰ মুখামুখি সংঘৰ্ষ হৈছিল।

চিৱান-ছপ্ৰা মুখ্য পথৰ বেলদাৰী গাঁৱৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হৈছিল। মৃতব্যক্তিজনক আৰা জিলাৰ বাসিন্দা বিএমপি জোৱান কৌশল প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে।

আনজন ব্যক্তিক চাৰণ জিলাৰ সোনপুৰ পহলেজাৰ বাসিন্দা ৰাকেশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে এখন হোণ্ডা চিটি বাহনত সকলো আৰোহী পাটনাৰ পৰা চিৱানলৈ গৈ আছিল।

তাৰ পিছত তীব্ৰবেগত অহা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন বহু দূৰ লৈকে উফৰি গৈছিল।

ফলত গাড়ীখনৰ সন্মুখত বহি থকা দুজন লোকৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। পিছৰ চিটত বহি থকা দুজন লোক গুৰুতৰভাৱে আহত হৈছিল। ঘটনাটোৰ পিছত, দৌদপুৰ আৰক্ষী থানা আৰু স্থানীয় লোকৰ সহায়ত সকলোকে বাহনখনৰ পৰা উদ্ধাৰ কৰা হয়।  

শোকাৱহ ; ঘৰলৈ উভতাৰ পথতেই দুৰ্ঘটনাত নিহত আৰক্ষী জোৱান

নিশা যমুনামুখৰ সৰুপথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিশা কৰ্তব্যৰ পৰা ওভতাৰ পথত অজ্ঞাত বাহনৰ খুন্দা থিতাতে মৃত্যু হয় PSOজন। নিহত PSO জন নগাঁৱৰ ৰাঙলুৰ বসিৰ আহমেদ ।

হোজাই DSP ইকবাল হুছেইনৰ PSO হিচাপে আছিল।বহু সময় ধৰি ৰাজপথতে পৰি থাকিল আৰক্ষী জোৱনজনৰ মৃতদেহ।

জানিব পৰা মতে AS-31-D-7679 নম্বৰৰ Pulsar NS বাইখনেৰে হোজাই অভিমুখে গৈ থকা সময়তে এখন অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় জোৱানজনৰ।    

ইফালে আৰক্ষী জোৱান গৰাকীৰ মৃতদেহ পথত পৰি থকা সময়তে একেটা স্থানতে ২০ মিনিট পিছত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

একেটা স্থানতে বাইক দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এজন লোক । আহত লোকজনক সংকটজনক অৱস্থাত হস্পিতালত প্ৰেৰণ কৰা হয় ।

বসিৰ আহমেদৰ মৃত্যুত শোকত ভাগি পৰিছে মাতৃ-ভগ্নী। পুত্ৰৰ মৃতদেহৰ কাষত ৰৈ হিয়া ঢাকুৰি কান্দিলে মাতৃয়ে।