শোকাৱহ ;  জীয়ৰীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ মৃত্যু পিতৃৰ

নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।আজি হ’ব লগা বৰ জীৰ তোলনি বিয়াৰ বাবে বজাৰ কৰিবলৈ গৈছিল নাৰায়ণপুৰৰ তেমেৰা মিছিং গাঁৱৰ কৃষ্ণকান্ত পাৱে। কিন্তু বজাৰ কৰি ঘৰলৈ উভটি গৈ থকাৰ সময়তেই মটৰ চাইকেলখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত

নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱত যোৱা নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।আজি হ’ব লগা বৰ জীৰ তোলনি বিয়াৰ বাবে বজাৰ কৰিবলৈ গৈছিল নাৰায়ণপুৰৰ তেমেৰা মিছিং গাঁৱৰ কৃষ্ণকান্ত পাৱে।

কিন্তু বজাৰ কৰি ঘৰলৈ উভটি গৈ থকাৰ সময়তেই মটৰ চাইকেলখনে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত খুন্দা মাৰে। ফলত থিতাতে নিহয় হয় ব্যক্তি গৰাকী। জীয়েকৰ তোলনি বিয়া পতা ন’হল কৃষ্ণ কান্ত পাৱেৰ।

ই ৰিক্সা চলায় কোনোমতে পৰিয়ালটো পোহপাল দিয়া লোক জনৰ মৃত্যুত মিয়ম্ৰান এতিয়া তেমেৰা গাঁওবাসী।জীয়ৰীৰ বিয়াৰ ৰভাৰ তলত এতিয়া পাতিব লাগিব পিতৃৰ শ্ৰাদ্ধ। কৃষ্ণকান্ত পাৱেৰ মৃত্যুত কান্দোনৰ ৰোল ঘৰখনত।

শেহতীয়া প্ৰৱন্ধসমূহ