ভয়ংকৰ ; সুৰাই কাল হ’ল তিনি যুৱকৰ

নিশা শিলচৰ হাফলং সংযোগী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই এখন বিলাসী বাহনে প্ৰথমে স্কুটি আৰু তাৰ পিছত পথৰ দাঁতিত ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে।

জানিব পৰা মতে, উধাৰবন্দৰ পৰা শিলচৰ অভিমূখে এখন ইয়ন বাহন তীব্ৰবেগত গৈ থকাৰ সময়তে মহাসড়কৰ গোছাইপুৰ অঞ্চলত বাহন খনে প্ৰথমে এখন চলন্ত স্কুটিত খুন্দা মাৰে।

স্কুটিত খুন্দাই বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতৰ ৰৈ থকা এখন বালিভৰ্তি ডাম্পাৰত গৈ খুন্দা মাৰে। ফলত ৰাজপথত বাগৰি পৰে বাহন খন।

দুৰ্ঘটনাটোৰ ফলত  ইয়ন বাহনখনৰ এনে অৱস্থা হয় যে স্থানীয় লোকসকলে বহু চেষ্টাৰ অন্তত বাহনখনৰ ভিতৰৰ পৰা তিনি যুৱকক উদ্ধাৰ কৰিবলা সক্ষম হয়।

এই  ভয়ংকৰ দুৰ্ঘটনাৰ পাছত স্থানীয় লোক সকলে তিনি যুৱক সহ স্কুটি আৰোহী জনক গুৰুতৰ অৱস্থাত SMCH ত প্ৰেৰণ কৰে।

দুৰ্ঘটনাত আহত হোৱা ইয়ন বাহনৰ তিনি যুৱক শিলচৰ তাৰাপুৰৰ আৰু স্কুটি আৰোহী জন আৰকাটিপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

ইপিনে প্ৰত্যক্ষদৰ্শী সকলৰ অভিযোগ ইয়ন বাহনখনৰ তিনি যুৱক সুৰামত্ত অবস্থাত আছিল। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰত্যক্ষদৰ্শী সকলৰ।

মৰণফাণ্ডলৈ পৰিণত অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথ;  ডাম্পাৰৰ খুন্দাত নিহত স্কুটি আৰোহী

যোৰহাটৰ অজন্তা বাইপাচত এক ভয়ংকৰ পথ দু্ৰ্ঘটনা সংঘটিত হৈছে।তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে স্কুটি আৰোহীক। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় স্কুটি আৰোহীগৰাকী।

নিহত লোকজন যোৰহাট বালিগাঁৱৰ লোহিত দত্ত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ AS03CC3805। মৰণফাণ্ডলৈ পৰিণত যোৰহাট অজন্তা বাইপাচৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথ।

সুৰামত্ত যুৱকক বচাবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনা

নিশা দুৰ্ঘটনাত পতিত মৰিয়নি পৌৰসভাৰ পৌৰপতিৰ বলেৰ’ বাহন । পুত্ৰ সহ যোৰহাটৰ পৰা মৰিয়নি অভিমুখে আহি থকা অৱস্থাত মৰিয়নি কাটনীবাৰীত অঞ্চলত সংঘটিত হয় দুৰ্ঘটনাটো।

সুৰামক্ত এজন লোকৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । সুৰামত্ত যুৱকজনক ৰক্ষা কৰিবলৈ গৈ এখন দেৱালত খুন্দা মাৰে পৌৰপতিৰ বাহনখনে ।

পুত্ৰ সহ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া কথমপি ৰক্ষা পৰে যদিও সুৰামত্ত যুৱক জনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। যুৱকজন মৰিয়নি কাটনীবাৰী চাহ বাগিচাৰ পুনিয়া মাহালী বুলি জানিব পৰা গৈছে।

ভয়ংকৰ পথ দুৰ্ঘটনাঃ তীব্ৰেবেগী ডাম্পাৰে খুন্দিয়ালে ট্ৰেইলাৰ বাহনক

-ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

-তীব্ৰেবেগী ডাম্পাৰে খুন্দিয়ালে ট্ৰেইলাৰ বাহনক

-দুৰ্ঘটনাত সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰ

-মুখামুখিকৈ খুন্দা মাৰে ডাম্পাৰখনে

-২ঘন্টা ধৰি ট্ৰেইলাৰৰ ভিতৰত আৱদ্ধ চালক

-দৰ্জা কাটি উলিয়াব লগা হয় ট্ৰেইলাৰ চালকক

-ঘটনাস্থলীত উপস্থিত  দুৰ্যোগ প্ৰশমন বিভাগৰ লোক

-ট্ৰেইলাৰখনৰ নম্বৰ UP-78CT-2771

-হাউলীৰ মৌতপৰী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা

পথ দুৰ্ঘটনাৰ পিছতেই যাত্ৰীবাহী বাছত ভয়ংকৰ অগ্নিকাণ্ড ; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৬ গৰাকীৰ

পশ্চিম আফ্ৰিকাৰ আইভৰী কোষ্টত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াত দুখন বাছৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত কমেও ২৬ জন লোক নিহত আৰু ২৮ জন আহত হয়।

পৰিবহণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে দেশখনৰ মধ্য-পশ্চিমৰ ব্ৰকোৱা গাঁৱত নিশা দুখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ পিছত দাউ দাউ কৈ জ্বলি উঠে বাছখন।

যাৰ ফলত জীৱন্তে অগ্নিদগ্ধ হয় বাছখনৰ ২৬ গৰাকীকৈ যাত্ৰী। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।  

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা; যাত্ৰীবাহী বাছ বাগৰি ৬ জনৰ মৃত্যু

লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱত এক ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আগ্ৰা অভিমুখে যোৱা এখন ডাবল ডেকাৰ বাছে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা ডিভাইডাৰত খুন্দা মাৰে। যাৰ ফলত পথতে বাগৰি পৰা যাত্ৰীবাহী বাছখন।

দুৰ্ঘটনাটো সক্ৰাৱা আৰক্ষী থানাৰ অন্তৰ্গত উৰিয়া সীমান্তত সংঘটিত হৈছিল। দুৰ্ঘটনাটোত বহুতো যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।অৱশ্যে এতিয়ালৈকে প্ৰকাশিত তথ্য অনুসৰি, ৬ জন যাত্ৰীৰ মৃত্যু নিশ্চিত কৰা হৈছে।

আনহাতে ৪০ জনৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ সময়ত, জলশক্তি মন্ত্ৰী স্বতন্ত্ৰ দেৱ সিঙে ৰাস্তাৰে গৈ আছিল। বাছখন দুৰ্ঘটনাত হোৱা দেখাৰ লগে লগে তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়ি আহে।

মন্ত্ৰীজনে মানুহৰ সহায়ত বাছখনত আৱদ্ধ হৈ থকা আহতসকলক উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

শোকাৱহ ; বিয়াৰ পৰা উভতাৰ পথতেই এটা প্ৰচণ্ড শব্দ , শেষ হৈ গ’ল এটা পৰিয়াল

উত্তৰ প্ৰদেশৰ পিলিভিট জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উত্তৰাখণ্ডৰ খাটিমাৰ পৰা বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশ লৈ উভতি যোৱাৰ সময়তেই কইনা পৰিয়ালৰ কমেও ১১ জন লোক এক পথ দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে  উত্তৰাখণ্ডৰ খাটিমা জিলাৰ এগৰাকী যুৱতীৰ বিয়া হৈছিল পিলিভিটৰ চান্দোই চহৰত। বৃহস্পতিবাৰে আছিল বিয়াখনৰ অভ্যৰ্থনা অনুষ্ঠান।

সেই অনুষ্ঠানত কইনাৰ ফালৰ প্ৰায় ১১ জন লোক খতিমাৰ পৰা এখন গাড়ীত গৈ তাত উপস্থিত হৈছিল।নিশা পাৰ্টিটো শেষ কৰি ঘৰলৈ উভতিছিল লোকসকল।

যেতিয়া তেওঁলোকৰ গাড়ীখন পিলিভিট-তনকপুৰ ঘাইপথৰ নিউৰিয়া চহৰৰ ওচৰৰ পাইছিল। সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গছজোপাত খুন্দামাৰি বাহনখন এটা দ খাৱৈত বাগৰি পৰিছিল।   দুৰ্ঘটনাটোৰ পিছত বাহনতে আৱদ্ধ হৈ আছিল যাত্ৰীসকল।

শব্দ শুনি ততাতৈয়াকৈ ওচৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হৈছিল। ইয়াৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত গাড়ীৰ পৰা সকলো আহতক উলিয়াই আনে।

কিন্তু তেতিয়ালৈকে, পাঁচজন লোক আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিছিল আৰু আন ছয়জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।

আৰক্ষীয়ে আটাইকেইজন আহতক চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। য’ত তেওঁলোকৰ চিকিৎসা অব্যাহত থাকে। একে সময়তে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পথ দুৰ্ঘটনাৰ তদন্ত কৰি আছে।

ভয়ংকৰ ; মাজৰাস্তাতেই বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক

তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তিতাবৰৰ ৰাজপথত বাগৰিল মিঠাতেল ভৰ্তি ট্ৰাক।যোৰহাটৰ পৰা ডিমাপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন।

কিন্তু নিয়ন্ত্ৰণ হেৰুৱাই তিতাবৰ খেতিফাৰ্মৰ সমীপৰ পথৰ  কাষৰ পথাৰত বাগৰিল AS03-CC-6439 নম্বৰৰ ট্ৰাক খন। দুৰ্ঘটনাটোত আহত চালক আৰু হেণ্ডিমেন।

পিছত ততাতৈয়াকৈ দুয়োকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।। ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লৈছে।।

শোকাৱহ ; দোকানৰ পৰা ঘৰলৈ উভতাৰ পথতেই মৃত্যু দীপক দেৱনাথৰ

বঙাইগাঁও জিলাৰ ডাঙাইগাওত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।অচিনাকি বাহনে পিছফালৰ পৰা খুন্দিায়াই এজন স্কুটী আৰোহী গৰাকীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দীপক দেৱনাথ ।

জানিব পৰা মতে পাতিলাদহাৰ হাৰ্ডৱেৰৰ দোকানী দীপক দেৱনাথে দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতেই সংঘটিত হয় দুৰ্ঘটনাটো।

পিছত ঘটনাস্থলীত গেৰুকাবাৰীৰ আৰক্ষী উপস্থিত হৈ নিহত দীপক দেৱনাথ মৃত্যুদেহ মৰোনত্তৰ পৰীক্ষাৰ বাবে বঙাইগাওঁ অসামৰিক চিকিৎসালৈ প্রেৰণ কৰে।