শোকাৱহ ;  গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু কনমানি ফৰহাদ আলী

বৰপেটাৰ বাঘবৰৰ সত্ৰকণৰা বজাৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত নিহত ১২ বছৰীয়া এগৰাকী কিশোৰ। জানিব পৰা মতে ১২ বছৰীয়া ফৰহাদ আলী নামৰ কিশোৰ গৰাকীয়ে বজাৰত গাখীৰ বিক্ৰী কৰি চাইকেলেৰে ঘৰলৈ উভতাৰ সময়তেই টেক্টৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত থিতাতে

বৰপেটাৰ বাঘবৰৰ সত্ৰকণৰা বজাৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত নিহত ১২ বছৰীয়া এগৰাকী কিশোৰ।

জানিব পৰা মতে ১২ বছৰীয়া ফৰহাদ আলী নামৰ কিশোৰ গৰাকীয়ে বজাৰত গাখীৰ বিক্ৰী কৰি চাইকেলেৰে ঘৰলৈ উভতাৰ সময়তেই টেক্টৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত থিতাতে নিহয় হয় ফৰহাদ আলী।ঘটনা সংঘটিত হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে ।স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষী প্ৰশাসনে উদণ্ড ট্ৰেক্টৰ চালকক নাকী লগোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।