৩ টা সন্তান হ’লেই বন্ধ হ’ব বিনামূলীয়া স্বাস্থ্যসেৱা! ভৰিব লাগিব মাচুল

১ জুলাইৰ পৰা চতুৰ্থ বা ততোধিক সন্তান প্ৰসৱ কৰা গৰ্ভৱতী মহিলাসকলে কোনো ধৰণৰ চৰকাৰী বিনামূলীয়া স্বাস্থ্যসেৱা লাভ নকৰিব

অসম চৰকাৰৰ পৰিয়াল পৰিকল্পনা কাৰ্যসূচীক অধিক ফলপ্ৰসূ কৰাৰ লক্ষ্যৰে বৰপেটা ৰোড এফ আৰ ইউ (FRU) চিকিৎসালয় পৰিচালনা সমিতিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা ১ জুলাইৰ পৰা চিকিৎসালয়খনত চতুৰ্থ বা ততোধিক সন্তান প্ৰসৱ কৰা গৰ্ভৱতী মহিলাসকলে কোনো ধৰণৰ চৰকাৰী বিনামূলীয়া স্বাস্থ্যসেৱা লাভ নকৰিব ।

২১ জুন দেওবাৰে চিকিৎসালয়খনত এক অত্যাধুনিক আলট্ৰাচন’গ্ৰাফী সুবিধাৰ উদ্বোধন কৰি অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই কথা ঘোষণা কৰে ।

তিনিটাতকৈ অধিক সন্তান থাকিলে ভৰিব লাগিব মাচুল

নতুন নিয়ম অনুসৰি, যিসকল মহিলাৰ তিনিটাতকৈ অধিক সন্তান হ’ব, তেওঁলোকে চিকিৎসালয়ত প্ৰসৱ সেৱা লাভৰ বাবে চিকিৎসা মহাবিদ্যালয় বা অন্যান্য চৰকাৰী হাস্পতালৰ সমপৰ্যায়ৰ মাচুল পৰিশোধ কৰিব লাগিব । ভৱানীপুৰ-সৰভোগ সমষ্টিৰ বিধায়ক তথা চিকিৎসালয় পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ পৌৰোহিত্যত অলপতে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত এই ঐতিহাসিক সিদ্ধান্ত লোৱা হয় ।

সমগ্ৰ অসমতে এই নীতি প্ৰয়োগ কৰাৰ আহ্বান

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অধ্যক্ষ দাসে ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক এই নীতি সমগ্ৰ অসমৰ সকলো চৰকাৰী চিকিৎসালয়তে পৰ্যায়ক্ৰমে ৰূপায়ণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, “যিহেতু চৰকাৰে ইতিমধ্যে জনসংখ্যা নিয়ন্ত্ৰণ আৰু পৰিয়াল পৰিকল্পনাৰ ওপৰত জোৰ দিছে, সেয়েহে এনে কঠোৰ নিয়মে চৰকাৰী আঁচনিসমূহ সফল কৰাত সহায় কৰিব ।”

কৰ্তব্যত গাফিলতি কৰা চিকিৎসকক সকীয়নি

কেৱল পৰিয়াল পৰিকল্পনাই নহয়, চিকিৎসালয়খনৰ স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে অধ্যক্ষগৰাকীয়ে । তেওঁ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক দায়িত্বসহকাৰে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে ।

যিসকল চিকিৎসকে চৰকাৰী কৰ্তব্যত অনুপস্থিত থাকি ব্যক্তিগত ক্লিনিকত ব্যস্ত থাকে, তেওঁলোকৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় । এনে অভিযোগসমূহ পৌৰসভাৰ সদস্য বা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ জৰিয়তে পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ প্ৰেৰণ কৰিব পৰা যাব আৰু ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক : ধৰ্ম প্ৰধান নহয়, মানৱতাহে শ্ৰেষ্ঠ প্ৰমাণ কৰিলে মুছলমান ৰাইজে

আঠ বছৰৰ অন্তত দুই হত্যাকাৰীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দুই অভিযুক্তক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে

সুদীৰ্ঘ আঠ বছৰ জোৰা আইনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত ন্যায় পালে ভুক্তভোগী পৰিয়ালে । বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দুই অভিযুক্তক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে । যোৱা ১০ জুনত বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ অংগজিতা মহন্তই এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ।

আদালতৰ এই ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে হত্যাকাণ্ডৰ বলি হোৱা বৃদ্ধাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালে ।

উল্লেখ্য যে, বিগত ২০১৮ বৰ্ষৰ ১৭ মাৰ্চৰ পুৱা প্ৰায় ৬ বজাত বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাৰুৱাপাৰাত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰ ভিতৰত লালভানু নামৰ এগৰাকী বৃদ্ধাৰ অৱস্থা অতি সংকটজনক আছিল ।

বৃদ্ধাগৰাকীক লগে লগে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে উক্ত নিশাই বৃদ্ধাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

আৰক্ষীৰ তদন্ত আৰু গোচৰ ৰুজু :

ঘটনাৰ পাছদিনা, অৰ্থাৎ ২০১৮ বৰ্ষৰ ১৮ মাৰ্চত নিহত লালভানুৰ নাতিয়েক ৰফিকুল ইছলামে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত বৰপেটা সদৰ থানাত ৫৪৪/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰা হয় । গোচৰটো ভাৰতীয় দণ্ড বিধি আইনৰ (IPC) ৪৪৭/৪২৭/৩২৫/৩০২/৩৪ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল ।

গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল অসম আৰক্ষীৰ তৎপৰ পৰিদৰ্শক (ইউবি) হৃষীকেশ ঠাকুৰীয়াক (বৰ্তমান তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত)। তদন্তকাৰী বিষয়া ঠাকুৰীয়াই গোচৰটোৰ ক্ষিপ্ৰ আৰু গভীৰ তদন্ত চলাই হত্যাকাণ্ডত জড়িত থকা দুই মূল অভিযুক্ত- উত্তৰ খাৰুৱাপাৰাৰ প্ৰয়াত চুৰত আলীৰ পুত্ৰ তুতা মিঞা আৰু মিৰজাহান আলীৰ পুত্ৰ ফুলবৰ আলীৰ বিৰুদ্ধে এক শক্তিশালী অভিযোগনামা প্ৰস্তুত কৰে । ঘটনা সংঘটিত হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰত, অৰ্থাৎ ২০১৮ বৰ্ষৰ ২০ মে’ত তেওঁ আদালতত এই অভিযোগনামা দাখিল কৰিছিল ।

আদালতৰ শুনানি আৰু ৰায়দান :

আদালতত দীৰ্ঘ আঠ বছৰতকৈও অধিক সময় ধৰি এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলে । চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা খিতাপ ভূষণ দাস আৰু তদন্তকাৰী বিষয়া হৃষীকেশ ঠাকুৰীয়াৰ বলিষ্ঠ ভূমিকা তথা নিখুঁত তথ্য-প্ৰমাণৰ বাবেই আদালতে দুই অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় । আদালতে ভাৰতীয় দণ্ড বিধিৰ ৩২৩/৩০২ ধাৰাৰ অধীনত তুতা মিঞা আৰু ফুলবৰ আলীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে ।

ইফালে, অভিযুক্ত তথা আচামী পক্ষৰ হৈ আদালতত ওকালতি কৰিছিল অধিবক্তা ডেভিদ লেজাৰ আৰু মতিউৰ ৰহমানে ।

লগতে পঢ়ক : বৰপেটাৰ জিলাৰ তাৰাবাৰী থানাৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক ক্ৰিকেট খেল প্ৰতিযোগিতা

বৰপেটাৰ জিলাৰ তাৰাবাৰী থানাৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক ক্ৰিকেট খেল প্ৰতিযোগিতা

পথ সুৰক্ষাৰ সজাগতাৰ বাবে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাই টি-১০ কাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

পথ সুৰক্ষাৰ সজাগতাৰ বাবে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ক্ৰিকেট খেলৰ জৰিয়তে ৰাইজৰ মাজলৈ পথ সুৰক্ষাৰ সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰিছে তাৰাবাৰী আৰক্ষীয়ে। পথ সুৰক্ষাৰ সজাগতামূলক টি-১০ কাপ ক্ৰিকেট প্ৰতিযোগিতাখন আজি বহৰিৰ ডানলপ খেলপথাৰত অনুষ্ঠিত হৈ যায়। জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত তাৰাবাৰী আৰক্ষী থানাৰ উদ্যোগত আৰু তাৰাবাৰা থানা পৰ্যায়ৰ নাগৰিক কমিটিৰ সহযোগত অনুষ্ঠিত হয় টি-১০ কাপ ক্ৰিকেট প্ৰতিযোগিতাখন।

প্ৰতিযোগিতাখনত তাৰাবাৰী আৰক্ষী থানা, তাৰাবাৰী গাঁওৰক্ষী বাহিনী, বহৰি ছিক্সাৰ্ছ আৰু মধ্য কামৰূপ মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ ট্ৰফীসহ নগদ ৭হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ ট্ৰফীসহ নগদ ৫ হাজাৰ টকা। প্ৰতিখন খেলত শ্ৰেষ্ঠ খেলুৱৈসকলক একোটাকৈ হেলমেট প্ৰদান কৰা হয়। চূড়ান্ত খেলখন তাৰাবাৰী আৰক্ষী থানা আৰু মধ্য কামৰূপ মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত তাৰাবাৰী থানাই ৫০ ৰানৰ বৃহৎ ব্যৱধানত মধ্য কামৰূপ মহাবিদ্যালয়ক পৰাস্ত কৰি চেম্পিয়ন হয়।

তাৰাবাৰী থানা দলৰ অধিনায়ক অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই চেম্পিয়নৰ ট্ৰফী গ্ৰহণ কৰে। শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানত পুৰুষ আৰু মহিলাৰ বাবে এযোৰ হেলমেট লাভ কৰে তাৰাবাৰী থানা দলৰ খেলুৱৈ নুৰ ইছলাম ওৰফে মহাৰাণাই। “ছেভ ড্ৰাইভ, ছেভ লাইভ আৰু প্লে ছেভ, ষ্টে ছেভ- ৱেৰ হেলমেট” শীৰ্ষক থীমেৰে এই পথ সুৰক্ষাৰ সজাগতামূলক ক্ৰিকেট খেলখন অনুষ্ঠিত কৰা হৈছে বুলি তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ে জানিবলৈ দিয়ে।

আৰক্ষী, গাঁওৰক্ষী বাহিনী, মহাবিদ্যালয়ৰ ছাত্ৰ আৰু স্থানীয় খেলুৱৈক লৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি পথ সুৰক্ষা সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে তাৰাবাৰী আৰক্ষী থানা পৰ্যায়ৰ নাগৰিক কমিটিৰ সদস্য তথা অৱসৰী শিক্ষক আবুল কালাম তালুকদাৰ আৰু জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। আনহাতে আজিৰ এই ক্ৰিকেট খেলৰ অন্তত যুৱ সমাজক উদ্দেশ্য খেলুৱৈ সকলৰ লগত মত-বিনিময় কৰি কয় সমাজৰ মাজত বিভিন্ন ধৰনে সজাগতা সৃষ্টি কৰিব পৰা যায় মাত্ৰ মন কৰিলে চন বাকৰি মাটিতে ধন প্ৰতিটো প্ৰান্ততে খেলৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰিব পৰা যায়।

খেলৰ জৰিয়তে সজাগতাৰ সৃষ্টি হয়।বিশেষকৈ হেলমেট পৰিধান নকৰা যুৱক সকলে অত্যধিক গতিবেগত বাইক চলাই আৰু মুৰত সাধাৰণ আঘাত পালেই মৃত্যু হোৱা বহু ঘটনা দেখিবলৈ শুনিবলৈ পোৱা যায় । সেয়েহে কোনো মানুহৰ জীৱন অকালতে হেৰাই যাব নালাগে বুলি মন্তব্য কৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই লগতে ৰাইজলৈ আহ্বান জনায় নিজৰ নিজৰ থানা এলেকাত যদি কোনো অসাধু লোকে অপৰাধ জনিত কাৰ্য চলাই আছে তেনেহলে ভয় নকৰাকৈ আৰক্ষীক খবৰ দিয়ক আৰু ৰাইজে আইন হাতত তুলি নলৱ নিৰ্ভয়ে আৰক্ষীৰ লগত যোগাযোগ কৰক আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব ।

তাৰাবাৰী আৰক্ষী থানা পৰ্যায়ৰ নাগৰিক কমিটিৰ অধ্যক্ষ দিলীপ বাৰ্মা , সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক ভাৰ্গিছ কুমাৰ ডেকা, চি অ’ ভি ডি অ’ ঋষিকেশ চৌধুৰী, শিক্ষক সমৰ দাস, চেঙা ঐক্য সন্মিলনৰ সভাপতি গৌতম পাঠক, তাৰাবাৰী থানা এলেকা গাঁওৰক্ষী বাহিনীৰ সম্পাদক জয়নাল আবদিনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে।

লগতে পঢ়ক: ভয়ংকৰ সংকটত কাঁহ শিল্প;  সৰ্থেবাৰীত কেন্দ্ৰীয় চৰকাৰ বিষয়াৰ পৰিদৰ্শন

চৰকাৰৰ অভিলাষী আঁচনিৰে নতুন ৰূপত জিলিকিব ঐতিহাসিক কাপলা সত্ৰ

বৰ্তমান অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সু-দৃষ্টিৰ বাবে সত্ৰখনৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ কাম পূৰ্ণ গতিত চলি আছে

বৰপেটা জিলাৰ পূব প্ৰান্তৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক কাপলা সত্ৰ এতিয়া পুনৰ নিৰ্মাণ আৰু সংৰক্ষণৰ বাবে এক নতুন ৰূপ ল’বলৈ আগবাঢ়িছে । অসমৰ বৈষ্ণৱ সাংস্কৃতিক ঐতিহ্যৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত এই সত্ৰখন দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছিল । বৰ্তমান অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ সু-দৃষ্টিৰ বাবে সত্ৰখনৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ কাম পূৰ্ণ গতিত চলি আছে । ইতিমধ্যে সত্ৰখনৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।

ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে ৪,৩২,৮০,৫০০ টকাৰ এক বৃহৎ ব্যয়সাপেক্ষ আঁচনিৰ জৰিয়তে সত্ৰখনৰ সংৰক্ষণৰ কাম হাতত লৈছে । এই উন্নয়নমূলক কাৰ্যসূচীৰ বাবে সৰ্থেবাৰী আৰু কাপলা অঞ্চলৰ স্থানীয় ৰাইজ, দল-সংগঠন তথা ভকত-বৈষ্ণৱসকলৰ মাজত আনন্দ আৰু সন্তোষৰ ঢল বৈছে ।

সত্ৰৰ ঐতিহাসিক পটভূমি :

ইতিহাস অনুসৰি, ১৫৪৪ খ্ৰীষ্টাব্দৰ ৩০ মে’ তাৰিখে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ভটিয়াই আহি চাউলখোৱা নদীৰে সৰুক্ষেত্ৰী মৌজাৰ কাপলা বিলৰ পাৰত জিৰণি লৈছিল । পৰৱৰ্তী সময়ত দুয়োজনা গুৰুৱে এই স্থানতে সত্ৰ স্থাপন কৰি প্ৰায় ছয় মাহ কাল বাস কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ।

এই পবিত্ৰ স্থানখন আজিও ‘পাগদানি ভিঠা’ নামেৰে জনাজাত । এই ভিঠাত থকা এটা অতি প্ৰাচীন ‘হিদল গছ’ আজিও সেই ঐতিহাসিক স্মৃতিৰ নীৰৱ সাক্ষী হৈ থিয় দি আছে । বিশ্বাস কৰা হয় যে এই সত্ৰতে শ্ৰীশ্ৰী মাধৱদেৱৰ মাতৃ মনোৰমা আইৰ লগতে কেইবাজনো ভকতৰ দেহাৱসান ঘটিছিল ।

চলি থকা উন্নয়নমূলক কাৰ্যসূচী :

কাপলা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি শান্ত কুমাৰ দাস আৰু সম্পাদক নবজিত নাথৰ তত্ত্বাৱধানত ‘পাগদানি ভিঠা’ৰ প্ৰায় ৩ বিঘা ৩ কথা মাটিত নিৰ্মাণ কাৰ্য চলি আছে । এই আঁচনিৰ অধীনত তলত উল্লেখ কৰা আন্তঃগাঁথনিসমূহ নিৰ্মাণ কৰা হৈছে :

  • সুদৃশ্য নামঘৰ আৰু মণিকূট
  • সভাঘৰ আৰু ভকতসকলৰ থকাৰ বাবে বাহা
  • আকৰ্ষণীয় প্ৰৱেশ তোৰণ আৰু চৌহদৰ পকী বেৰ
  • ৰাজহুৱা শৌচাগাৰ
  • ভকত-বৈষ্ণৱসকলে হাত-ভৰি ধুব পৰাকৈ এটা সুকীয়া সৰু পুখুৰী

পৰ্যটনৰ অপাৰ সম্ভাৱনীয়তা :

ধৰ্মীয় গুৰুত্বৰ সমান্তৰালভাৱে কাপলা সত্ৰৰ ভৌগোলিক তথা প্ৰাকৃতিক পৰিৱেশ অত্যন্ত মনোৰম । সত্ৰৰ কাষতে লাগি থকা বিশাল কাপলা বিলৰ প্ৰাকৃতিক দৃশ্য, বনৰীয়া চৰাই আৰু ওচৰৰে পদুম ফুলেৰে ভৰা পুখুৰীটোৱে যিকোনো প্ৰকৃতিপ্ৰেমীকে হাতবাউলি দিয়ে । বিশেষকৈ শীতকালত বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমনে বিলখনক এক অনন্য ৰম্যভূমিলৈ ৰূপান্তৰ কৰে ।

স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে যে চৰকাৰৰ পৰ্যটন বিভাগে যদি কাপলা সত্ৰৰ লগতে কাপলা বিলকো অসমৰ পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰে, তেন্তে ই এক ডাঙৰ ধৰ্মীয়-প্ৰাকৃতিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিব । ইয়াৰ ফলত অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ন হ’ব আৰু ক্ষুদ্ৰ ব্যৱসায়, হস্তশিল্প, পৰিবহণ তথা পৰ্যটক আবাস আদিৰ এক নতুন দুৱাৰ মুকলি হ’ব ।

মুখ্যমন্ত্ৰীক আমন্ত্ৰণ ৰাইজৰ :

বছৰ বছৰ ধৰি স্থানীয় লোকে ইয়াত মহাপুৰুষ দুজনাৰ তিথি আৰু বুদ্ধ পূৰ্ণিমাৰ দিনা চাকি-বন্তি জ্বলাই নাম-কীৰ্তন কৰি আহিছে । সৰ্থেবাৰী তথা কাপলা অঞ্চলৰ সচেতন মহলে গভীৰ বিশ্বাস প্ৰকাশ কৰিছে যে এই উন্নয়ন কাৰ্যই সমগ্ৰ বৰপেটা জিলাৰ লগতে অসমৰে সাংস্কৃতিক মানচিত্ৰত এক নতুন পৰিচয় দাঙি ধৰিব । সমগ্ৰ অঞ্চলটোৰ ৰাইজে অত্যন্ত আগ্ৰহেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই ঐতিহাসিক সত্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজক উপহাৰ দিবলৈ আৰু পৰ্যটন বিভাগৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আন্তৰিক আহ্বান জনাইছে ।

লগতে পঢ়ক : ২ লাখ চাকৰি আৰু বেদখলমুক্ত ভূমিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ: মুখ্যমন্ত্ৰী

কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দি খিলঞ্জীয়াক বিপদত পেলাইছে : বৰপেটাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

কংগ্ৰেছে মুকলিকৈ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰিছে আৰু বেদখলৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ বিৰোধিতা কৰিছে বুলি অভিযোগ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন কৰি কয় যে দলটোৱে অসমত অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰিছে আৰু অবৈধ ভূমি বেদখলৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ বিৰোধিতা কৰিছে । বৰপেটাত এক বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে কংগ্ৰেছে এনে কিছুমান আইন প্ৰণয়ন কৰিবলৈ চেষ্টা কৰিছে যাৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক “ভুক্তভোগী” বা “বলি হ’বলগীয়া ব্যক্তি” হিচাপে গণ্য কৰা হ’ব পাৰে আৰু ইয়াৰ ফলত ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণ বিপদত পৰিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰতীয় জনতা পাৰ্টিয়ে বেদখলৰ পৰা মাটি মুক্ত কৰি আছে । কিন্তু কংগ্ৰেছে মুকলিকৈ অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰিছে আৰু বেদখলৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ বিৰোধিতা কৰিছে । কংগ্ৰেছে অসমত এনে এখন আইন বনাব বিচাৰে য’ত ‘অনুপ্ৰৱেশকাৰী’ শব্দটো উচ্চাৰণ কৰিলেই এজন ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰিব পৰা হ’ব পাৰে । কংগ্ৰেছে আইনৰ জৰিয়তে অনুপ্ৰৱেশকাৰীক ভুক্তভোগী হিচাপে ঘোষণা কৰিব আৰু ইয়াৰ দ্বাৰা ইয়াৰ গৰিষ্ঠসংখ্যক খিলঞ্জীয়া লোক কাৰাদণ্ডৰ ভাবুকিৰ সন্মুখীন হ’ব ।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে অধিক অভিযোগ কৰি কয় যে কংগ্ৰেছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ দৰে পূজনীয় বৈষ্ণৱ সন্তসকলৰ সৈতে জড়িত সত্ৰসমূহৰ হাজাৰ হাজাৰ বিঘা ভূমি অনুপ্ৰৱেশকাৰীক দখল কৰিবলৈ দিছিল । তেওঁ কয়, “বৰপেটা আমাৰ পবিত্ৰ সত্ৰসমূহৰ ভূমি হিচাপে পৰিচিত । শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ দৰে শ্ৰদ্ধেয় গুৰুসকলৰ পৰম্পৰা আমাৰ বাবে পূজনীয় । এয়া আমাৰ আস্থা । কিন্তু কংগ্ৰেছে আমাৰ এই আস্থাক অনুপ্ৰৱেশকাৰীৰ হাতত অৰ্পণ কৰিলে । আমাৰ পবিত্ৰ সত্ৰসমূহৰ হাজাৰ হাজাৰ বিঘা মাটিত কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক দখল কৰিবলৈ দিলে । বৰপেটা সত্ৰৰ ভূমিৰো এক বৃহৎ অংশ অবৈধ দখলৰ অধীনত আছিল । কংগ্ৰেছে অসমৰ মাটিত বেদখল হ’বলৈ দিছিল ।”

তেওঁ কংগ্ৰেছে ৰাজ্যৰ স্বাৰ্থতকৈ ৰাজনৈতিক ক্ষমতা লাভক বেছি অগ্ৰাধিকাৰ দিছিল, যাৰ বাবে অসম আৰু ইয়াৰ পৰম্পৰা ক্ষতিগ্ৰস্ত হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে ।

লগতে পঢ়ক : ‘কংগ্ৰেছৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী নাই’; বৰপেটাৰ পৰা কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰীৰ

অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে- মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান

“এই জনমত নহয়, অহা জনমতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে গৌৰৱ গগৈয়ে ।“ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে বৰপেটা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি অবৈধ বিদেশী আৰু বেদখলৰ প্ৰসংগৰে গৌৰৱ গগৈৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । কংগ্ৰেছ চৰকাৰ আহিলে পুনৰ বৰপেটা মেডিকেল কলেজৰ নাম ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰিম বুলি গৌৰৱ গগৈয়ে দিয়া প্ৰতিশ্ৰুতিৰো মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাৰ পৰাই প্ৰত্যাহ্বান জনায় ।

উল্লেখ্য যে, বুধবাৰে সংখ্যালঘু বসতিপ্ৰধান মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ চলাই এই প্ৰতিশ্ৰুতি দিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । কংগ্ৰেছৰ গুণ্ডাগিৰি এতিয়া আৰু অসমত নচলিব বুলি উল্লেখ কৰি গৌৰৱ গগৈৰ এই প্ৰতিশ্ৰুতিৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“গৌৰৱ গগৈয়ে অলপ শুনি লওক । এই জনমত নহয় অহা জনমতো বৰপেটা নেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে ।

বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা প্ৰসংগত তেওঁ ৰাইজে কোৱাৰ বাবেই নাম সলনি কৰা হল বুলি মন্তব্য কৰে । এই ক্ষেত্ৰত তেওঁ ৰাইজৰ কথাহে শুনিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।   

বৰপেটাত হোৱা বেদখল আৰু অবৈধ বিদেশীৰ আগ্ৰাসনৰ ভয়াৱহতাৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আসমীয়া মানুহ ঐক্যবদ্ধ হৈ নাথাকে তেন্তে আগন্তুক দহ বছৰত জিলাখনত কোনো লোক জীয়াই থাকিব নোৱাৰে বুলি উল্লেখ কৰে । তেওঁ কয় যে, আজিৰ যি পৰিৱেশ যিয়েই নহওক কিয় আমি বৰপেটাৰ সকলো খিলঞ্জীয়া গুৱাহাটীলৈ উঠি যাব লগা পৰিস্থিতিৰ সৃষ্টি হ’ব । লগতে বৰপেটাত মাটি বেদখল কৰি থকা অবৈধ বিদেশীক সকীয়াই এইবাৰ এটা এটাকৈ বেদখলকাৰীক খেদা হ’ব বুলি বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তেওঁ কয়-“বৰপেটাত যিমান মাটি দখল কৰি আছে এটা এটাকৈ খেদা হ’ব । চৰকাৰী মাটিত বহি যিয়ে আমাৰ ওপৰত ৰজা হ’ব খুজিছে কাকো ৰেহাই দিয়া নহ’ব ।“

তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত পূৰ্বৰ দৰে বেদখলকাৰীয়ে উপদ্ৰব সৃষ্টি কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“যোৱাবাৰ অলপ ঠেং-ভৰি ভঙা হৈছিল এইবাৰ কামিহাড় ডালকে ভাঙি দিয়া হ’ব । যাতে অসমত কেতিয়াও আমাৰ অসমীয়া মানুহৰ ওপৰত ৰঙা চকু দেখুৱাব নোৱাৰে ।“

উল্লেখ্য যে, আজি বৰপেটা সমষ্টিৰ সৰ্থেবাৰীত মুখ্যমন্ত্ৰীয়ে বিজয় সংকল্প সভাত অংশ লয় । এই সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : কোনো খিলঞ্জীয়াই কংগ্ৰেছক ভোট নিদিয়েঃ মুখ্যমন্ত্ৰী

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ সম্ভাৱনা

দাখিল প্ৰক্ৰিয়াত হোৱা বিসংগতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন পত্ৰ বাতিলৰ সম্ভাৱনা । প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৰ্তমান তীব্ৰ পৰ্যবেক্ষণৰ আওতালৈ আহিছে আৰু দাখিল প্ৰক্ৰিয়াত হোৱা বিসংগতিৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ।

জানিব পৰা মতে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দলৰ টিকটৰ মূল কপি জমা দিয়া নাছিল । ইয়াৰ পৰিৱৰ্তে, অভিযোগ উঠিছে যে নথিখনৰ কেৱল এটা প্ৰতিলিপিহে জমা দিয়া হৈছিল, য’ত জীতেন্দ্ৰ সিঙৰ স্বাক্ষৰ নাছিল বুলি জানিব পৰা গৈছে । ইয়াৰ ফলত নথিখনৰ সত্যতা আৰু নিৰ্বাচনী নীতিৰ পালনক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

অসম গণ পৰিষদে মহানন্দ চৰকাৰৰ প্ৰাৰ্থিত্ব শীঘ্ৰেই বাতিল কৰাৰ দাবীত নিৰ্বাচন আয়োগৰ ওচৰত এক আনুষ্ঠানিক লিখিত অভিযোগ দাখিল কৰাৰ পিছত এই বিষয়টোৱে গুৰুতৰ ৰূপ ধাৰণ কৰিছে । অভিযোগটোত দাবী কৰা হৈছে যে নথি-পত্ৰৰ এই বিসংগতিয়ে নিৰ্ধাৰিত মনোনয়ন প্ৰক্ৰিয়া আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক উলংঘা কৰিছে ।

নিৰ্বাচনী বিষয়াসকলে এতিয়া এই অভিযোগসমূহ বিতংভাৱে পৰীক্ষা কৰি কোনো চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে দাখিল কৰা নথি-পত্ৰসমূহৰ বৈধতা পৰীক্ষা কৰিব বুলি আশা কৰা হৈছে । যদিহে এই অভিযোগসমূহ সত্য বুলি প্ৰমাণিত হয়, তেন্তে কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন নাকচ হ’ব পাৰে ।

লগতে পঢ়ক : অসম বিধানসভা নিৰ্বাচন: মনোনয়নৰ যুঁজত ৮১৮ গৰাকী প্ৰাৰ্থী

শোকাৱহ ;  গাখীৰ বিক্ৰী কৰি ঘৰলৈ উভতাৰ পথতেই মৃত্যু কনমানি ফৰহাদ আলী

বৰপেটাৰ বাঘবৰৰ সত্ৰকণৰা বজাৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰ বেগী ট্ৰেক্টৰৰ খুন্দাত নিহত ১২ বছৰীয়া এগৰাকী কিশোৰ।

জানিব পৰা মতে ১২ বছৰীয়া ফৰহাদ আলী নামৰ কিশোৰ গৰাকীয়ে বজাৰত গাখীৰ বিক্ৰী কৰি চাইকেলেৰে ঘৰলৈ উভতাৰ সময়তেই টেক্টৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত থিতাতে নিহয় হয় ফৰহাদ আলী।ঘটনা সংঘটিত হোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে ।স্থানীয় ৰাইজৰ অভিযোগ আৰক্ষী প্ৰশাসনে উদণ্ড ট্ৰেক্টৰ চালকক নাকী লগোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

বৰপেটা জিলা আয়ুক্ত‌ৰ বিৰুদ্ধে শাৰিৰীক অপদস্থৰ অভিযোগ ; উচুপি উঠিল চৰকাৰী বিষয়া

বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকক শাৰিৰীক ভাৱেও অপদস্থৰ অভিযোগ। কেমেৰাৰ সন্মুখত উচুপি উঠা এই বিষয়াগৰাকী বৰপেটা জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠক ।

জিলা পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাক বদলিকৰণক লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকক অশোভনীয় আচৰণ কৰাৰ লগতে শাৰিৰীক ভাৱেও অপদস্থ কৰাৰ অভিযোগ ।জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই কাৰ্যালয়ৰ কক্ষতে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীক হাতত ধৰি নিজ কক্ষৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে।

আয়ুক্ত গৰাকীৰ সেই আচৰণত অতিকে লজ্জিত হৈছে বিষয়া গৰাকী ।জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অৰূপ পাঠকে জনোৱা মতে- দিলীপ কলিতা নামৰ সহকাৰী অভিযন্তাজনক জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে জিলা পৰিষদৰ পৰা বদলি কৰা হৈছিল ।

কিন্তু সহকাৰী অভিযন্তাজনে দায়িত্ব অৰ্পন কৰিবলগীয়া কাৰ্যবাহী অভিযন্তা গৰাকী চুটীত থকাৰ বাবে সহকাৰী অভিযন্তা গৰাকীক ৰিলিজ কৰিব পৰা নাছিল । আৰু এই কথাতে ক্ষুব্ধ হৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই জিলা পৰিষদৰ কাৰ্যবাহী বিষয়াগৰাকীক শাৰিৰীকভাৱে অপদস্থ কৰাতে ক্ষান্ত নাথাকি  বিভাগীয় ভাৱেও হাৰাশাস্তি চলাই আহিছে । এগৰাকী জিলা আয়ুক্তই সম পৰ্যায়ৰ এগৰাকী বিষয়াক কৰা এনে অশোভনীয় আচৰণৰ ঘটনাক লৈ সম্প্ৰতি বৰপেটাত ব্যাপক চৰ্চা চলিছে।